• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্দুক এৰি হাতত কোৰ লৈ সেউজীয়াৰ সপোন ৰচিছে তিনিজন আলফা সদস্যই

নীলমনি শর্মা by নীলমনি শর্মা
November 2, 2018 10:26 am
IMG-20181102-WA0004

নিজৰ কৃষি ফাৰ্মত পঞ্চজ্যোতি কৃষক গোটৰ আলোচনাপন্থী আলফাৰ সংগ্ৰামী যুৱককেইজন। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতত এ কে ৪৭, ৰিভলভাৰ,  গ্ৰেণেডৰ সলনি এইবাৰ কোৰ, ট্ৰেক্টৰ, পাৱাৰটিলাৰ, চেলো মেচিন লৈ জীৱন সংগ্ৰামত নামি পৰিছে আলোচনাপন্থী আলফাৰ কেইজনমান সংগ্ৰামী সদস্যই ৷ গোৱালপাৰা জিলাৰ দুধনৈ সমীপৱৰ্তী মাজ-জাখিলীৰ জনাইমাৰীত ২০১৭’ বৰ্ষৰ এপ্ৰিল মাহত পঞ্চজ্যোতি কৃষক গোট নামেৰে এটা কৃষক গোট খুলি কৃষি বিপ্লৱ আৰম্ভ কৰিছে আলফা সদস্য তিনিজনে।

সেউজীয়াৰ মাজত বিচাৰি পাইছে জীৱনক প্ৰতিষ্ঠা কৰাৰ পথ। গোৱালপাৰা জিলাৰ দুধনৈ সমীপৱৰ্তী জনাইমাৰীত পঞ্চজ্যোতি কৃষক গোট নামেৰে এটা কৃষক গোট খুলি একাংশ আলোচনা পন্থী আলফা সদস্যই আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ৷ স্বাধীন অসমৰ সংগ্ৰাম অটুট ৰাখি সমান্তৰালভাৱে অৰ্থনৈতিক স্বাধীনতা অনাৰ বাবে এই সংগ্ৰাম আৰম্ভ কৰিছে তিনি আলফা সদস্যই ৷

Apply Now

আলোচনাপন্থী আলফা সদস্য প্ৰমথেশ ৰয় ওৰফে পৰাগ,কমল দাস ওৰফে কৰ্ণ ৰয়, বাসুদেৱ বসুমতাৰীৰ লগতে পৰাগ বসুমতাৰী আৰু জিতেন্দ্ৰ বসুমতাৰীক লগত লৈ খুলিছে এটি কৃষি গোট আৰু আৰম্ভ কৰিছে কৃষি কাৰ্য ৷ প্ৰথমতে এওঁলোকে ১২ বিঘা ভূমিত জৈৱিক পদ্ধতিৰে এক হাজাৰ জোপা ৰেড লেডী প্ৰজাতিৰ অমিতা গছ, ভোট জলকীয়া, চাৰি বিঘা ভূমিত তিলৰ খেতি, ডেৰ বিঘা ভূমিত বেঙেনা,খৰালি মাটিত লগা ৰঙা লাউ, ভেণ্ডীৰ খেতি কৰি উৎপাদন আৰম্ভ কৰিছে।

বাৰ বিঘা মাটিৰ সীমাত তেওঁলোকে অসমীয়া নেমু আৰু আমলখি গছ ৰোপন কৰিছে। ইয়াৰ সমান্তৰালভাৱে সংগ্ৰামী যুৱক কেইজনে আন চাৰি বিঘা মাটিত পুখুৰী নিৰ্মাণ কৰি থলুৱা মাছৰ উৎপাদন আৰম্ভ কৰাৰ লগতে প্ৰথম বাৰৰ বাবে বহুমূত্ৰ (ডাইবেটিচ) ৰোগ প্ৰতিৰোধী ষ্টেভিয়া নামৰ আন এবিধ খেতিও অতি সোনকালে আৰম্ভ কৰিব বুলি এই প্ৰতিবেদকক  জানিবলৈ দিয়ে ৷

তেওঁ লোকৰ উৎপাদিত কৃষি সামগ্ৰী গুৱাহাটীৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰে। বৰ্তমানলৈ তেওঁলোকে তেওঁলোকৰ উৎপাদিত পাচলি বিক্ৰী কৰি ইতিমধ্যে ১ লাখ টকাৰো ওপৰত উপাৰ্জন কৰিছে। ইতিমধ্যে তেওঁলোকৰ সপোনবোৰে ঠন ধৰি উঠিছে ৷ মুকলি আকাশৰ তলত এটা বাহৰ বেৰ দিয়া খেৰীঘৰত তেওঁলোকে বাহৰ পাতিছে সপোনক বাস্তবায়িত কৰাৰ বাবে। লহ-পহ কৈ বাঢ়িছে সকলো খেতি ৷

আলোচনাপন্থী এই যুৱক কেইজনে শিবিৰত থাকি দিন অতিবাহিত নকৰি এইদৰে কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰিছে ৷ শিবিৰত থকাৰ সময়ত তেওঁলোকে মাহেকত মাথোঁ তিনি হাজাৰ টকা লাভ কৰিছিল। কিন্তু সেই নগণ্য  টকাৰে চলিব নোৱাৰি অৰ্থ উপাৰ্জনৰ বিকল্প পথ হিচাবে এই কৃষি কৰ্ম বাচি লৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে ৷

তেওঁলোকৰ এই কৃষি ফাৰ্মখনলৈ ইতিমধ্যে আলফা নেতা অনুপ চেতিয়াৰ লগতে আন কেইবাজনো শীৰ্ষ নেতা আহি পৰিদৰ্শন কৰিছে লগতে কৃষি কৰ্মৰ দ্বাৰা যে আৰ্থিকভাৱে টনকিয়াল হ’ব পাৰি সেই কথাও কৈ গৈছে ৷ অৱশ্যে এই ক্ষেত্ৰত অসম চৰকাৰৰ গোৱালপাৰা জিলা কৃষি বিভাগৰ পৰা যি ধৰনে সহায় পাব লাগিছিলে তেনে ধৰনে কোনো সাহায্য লাভ কৰা নাই ৷

দুধনৈস্থিত গোৱালপাৰা কৃষিবিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী সকলে ইতিমধ্যে ফাৰ্মখন পৰিদৰ্শন কৰি দিহা পৰামৰ্শ আগবঢ়াইছে। অসমৰ নিৱনুৱা সকলৰ উপৰিও নৱ প্ৰজন্মক  চাকৰিৰ পিছত দৌৰা বাদ দি কৃষিক জীবিকা হিচাবে লৈ জীৱনটো সুন্দৰ ভাৱে আগুৱাই নিবলৈ পঞ্চজ্যোতি কৃষক গোটৰ সংগ্ৰামী যুৱক তথা আলোচনাপন্থী আলফা সদস্য কেইজনে আহ্বান জনায়।

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd