• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুছলমান বিৰোধী প্ৰতিবাদত উত্তাল নিউয়ৰ্ক; মামদানীৰ ঘৰৰ সন্মুখত বোমা আক্ৰমণ, ২জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2026 11:57 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউয়ৰ্ক চহৰৰ তেওঁ প্ৰথমজন মুছলমান মেয়ৰ। শনিবাৰে জোহৰাণ মামদানীৰ ঘৰৰ সন্মুখত মুছলমান আৰু অনুপ্ৰৱেশ বিৰোধী প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কেৱল সেয়াই নহয়, তাত নিৰ্বিচাৰ বোমা আক্ৰমণৰ অভিযোগো হৈছে।

শনিবাৰে মাজনিশাৰ এই ঘটনাই যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২ জন সন্দেহযুক্ত লোকক। তেওঁলোকৰ ফটোও চৰ্চালৈ আহিছে। অৱশ্যে মমদানী আৰু তেওঁৰ পত্নী ৰামা দুয়াজী সুৰক্ষিত বুলি জানিবলৈ দিয়ে মেয়ৰৰ মুখপাত্ৰ জো কেলভেলোৱে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Apply Now

নিউয়ৰ্ক আৰক্ষীৰ সূত্ৰ অনুসৰি মামদানীয়ে মানহাটনৰ বিলাসী গ্ৰেচি মেনচনত থাকে। নিউয়ৰ্ক চহৰৰ মেয়ৰ হোৱাৰ পিছত এইটোৱেই তেওঁৰ স্থায়ী ঠিকনা। শনিবাৰে দুপৰীয়াৰ পিছত তেওঁৰ অট্টালিকাৰ সন্মুখত হুলস্থুল আৰম্ভ হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি জে লেং আৰু তেওঁৰ অনুগামীসকলে নিউয়ৰ্কত মুছলমানসকলৰ বিৰুদ্ধে অহৰহ প্ৰতিবাদ সাব্যস্ত কৰি আছে। কালি তেওঁলোক মমদানীৰ ঘৰৰ সন্মুখত গোট খাইছিল। আৰম্ভ হয় শ্লোগান আৰু প্ৰতিবাদ।

অলপ সময়ৰ ভিতৰতে জে লেঙৰ প্ৰতিদ্বন্দ্বী দলো তাত উপস্থিত হ’ল। শ্লোগান দি চিঞৰিবলৈ ধৰিলে। দুয়োপক্ষৰ মাজত আৰম্ভ হয় বিবাদ। তৰ্ক-বিতৰ্ক তীব্ৰতৰ হৈ কাজিয়ালৈ পৰিণত হয়। হঠাতে লেঙৰ এজন অনুগামীয়ে পেপাৰ স্প্ৰে’ কৰে। ইয়াৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে। হঠাৎ ভিৰৰ মাজৰ পৰা দুজন ডেকা ওলাই আহে। এটা ডাঙৰ ক’লা বস্তুত জুই লগাই আৰক্ষীৰ ফালে দলিয়াই দিয়ে। ধোঁৱাই আৱৰি ধৰে অঞ্চলটো। এই ঘটনাই মামদানীৰ ঘৰৰ সন্মুখত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰে।

এন ৱাই পি ডিৰ আয়ুক্ত জেচিকা এছ টিছে কয় যে ফুটবলতকৈ অলপ সৰু বস্তুটো ঘৰতে বনোৱা বোমা নেকি তাৰ তদন্ত চলি আছে। তেওঁ কয়, “বস্তুটো নিক্ষেপৰ সময়ত জুই আৰু ধোঁৱা ওলাইছিল। বেৰিকেডত খুন্দা মাৰিছিল। তাৰ পিছত নুমাই গৈছিল।” ইতিমধ্যে নিউয়ৰ্ক আৰক্ষীয়ে যুৱক দুজনক চিনাক্ত কৰিছে। তিছে কয় যে সন্দেহযুক্ত যুৱক দুজন হৈছে আমিৰ বালাত আৰু ইব্ৰাহিম নিক।

আৰক্ষী সূত্ৰই জনোৱা মতে, আমিৰ বালাটে প্ৰতিবাদকাৰীৰ ওপৰত এই ডিভাইচটো নিক্ষেপ কৰে। তেওঁৰ বয়স ১৮ বছৰ। ডিভাইচটো দলিয়াই তেওঁ দক্ষিণলৈ দৌৰি পলায়। ইয়াৰ পিছত তেওঁ আন এজন প্ৰতিবাদকাৰীৰ পৰা অনুৰূপ ডিভাইচ এটা লৈছিল। আৰক্ষীয়ে যুৱকজনক ইব্ৰাহিম নিক বুলি চিনাক্ত কৰিছে। তেওঁৰ বয়স ১৯ বছৰ। আমিৰ বালাটে দ্বিতীয়টো ডিভাইচ জ্বলাই দৌৰিবলৈ আৰম্ভ কৰে। ইব্ৰাহিমেও তেওঁৰ পিছে পিছে পলায়। এই সময়তে আৰক্ষীয়ে ঘেৰাও কৰে অঞ্চলটো। দুয়োজনকে হাতেলোটে গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, ডিভাইচসমূহ ক’লা টেপত মেৰিয়াই থোৱা আছিল। কাঁচৰ জাৰৰ দৰে দেখা গৈছিল। ভিতৰত আছিল বাদাম, বল্ট, স্ক্ৰু আৰু ফিউজ। অৱশ্যে সেইবোৰত কোনো বিস্ফোৰক আছিল নেকি সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই কাণ্ডক গৰিহণা দি নিউয়ৰ্কৰ গৱৰ্ণৰ কেথী হোকুলে কয় যে আমি শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰক সন্মান কৰো। কিন্তু ঘৃণা বা হিংসা একেবাৰেই সহ্য কৰা নহ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd