• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাৰি হাই এলাৰ্ট, মেঘালয়ত ধৰা পৰিছে ছোৱাইন ফ্লু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2018 8:06 pm
swine-fluu635103-02-2015-01-48-99n-Copy-750x375

প্ৰতীকী ছবি।

234
VIEWS
Share on FacebookShare on Twitter

অসমৰ চুবুৰীয়া মেঘালয়ত দুজন ৰোগীৰ দেহত চিকিৎসকে ছোৱাইন ফ্লুৰ বীজাণু (H1N1 ভাইৰাছ) নিশ্চিত কৰাৰ পিছতে অতি সংক্ৰামক এই ৰোগবিধক লৈ ৰাজ্যখনত হাই এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য বিভাগে।

ৰাজ্যৰ বাহিৰৰ পৰা অহা দুগৰাকী মহিলাৰ দেহত এই বীজাণু আহিছিল। শ্বিলঙত পোহৰলৈ অহা দুয়োটা ঘটনা নিশ্চিত কৰি মেঘালয়ৰ স্বাস্থ্য বিভাগৰ বিষয়াই জনোৱা মতে এই সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে ভাৰতৰ বিমান সেৱা প্ৰাধিকাৰীকো অৱগত কৰিছে।

“আমি পৰিস্থিতিটো সন্দৰ্ভত সম্পূৰ্ণ সজাগ আৰু ৰোগবিধ সোঁচৰাটো বন্ধ কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছো,” শনিবাৰে সাংবাদিকক জনালে মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এ এল হেকে।

শ্বিলঙৰ এখন ব্যক্তিগত চিকিৎসালয়ত যোৱা ১৭ অক্টোবৰত ভৰ্তি হোৱা ৰেহানা খুৰছিদ নামৰ এগৰাকী ৫৮ বছৰীয়া মহিলাৰ দেহত প্ৰথমে এই বীজাণু ধৰা পৰিছিল। পুনেৰ পৰা ঘূৰি অহাৰ পিছতে মহিলাগৰাকীয়ে জ্বৰত ভুগি চিকিৎসালয়ত ভৰ্তি হৈছিল।

পৰৱৰ্তী সময়ত মুম্বাইৰ পৰা শ্বিলঙলৈ অহা নাওমি গঞ্জালৱেজ নামৰ এগৰাকী ২৯ বছৰীয়া যুৱতীৰ দেহত এই বীজাণু ধৰা পৰিছে। যুৱতীগৰাকীও জ্বৰত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল।

ৰোগী দুগৰাকীক সম্পূৰ্ণ সুকীয়া কোঠাত ৰখা হৈছে আৰু তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ ভাললৈ আহিছে বুলি জানিব পৰা গৈছে।
দুয়োগৰাকী ৰোগীৰ তেজৰ নমুনা শ্বিলংস্থিত NEIGRIHMSলৈ পঠিওৱা হৈছে।

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd