NORTHEAST NOW (Assamese)

জাৰি হাই এলাৰ্ট, মেঘালয়ত ধৰা পৰিছে ছোৱাইন ফ্লু

October 27, 2018 8:06 pm · এন ই নাও নিউজ
প্ৰতীকী ছবি।

অসমৰ চুবুৰীয়া মেঘালয়ত দুজন ৰোগীৰ দেহত চিকিৎসকে ছোৱাইন ফ্লুৰ বীজাণু (H1N1 ভাইৰাছ) নিশ্চিত কৰাৰ পিছতে অতি সংক্ৰামক এই ৰোগবিধক লৈ ৰাজ্যখনত হাই এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য বিভাগে।

ৰাজ্যৰ বাহিৰৰ পৰা অহা দুগৰাকী মহিলাৰ দেহত এই বীজাণু আহিছিল। শ্বিলঙত পোহৰলৈ অহা দুয়োটা ঘটনা নিশ্চিত কৰি মেঘালয়ৰ স্বাস্থ্য বিভাগৰ বিষয়াই জনোৱা মতে এই সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে ভাৰতৰ বিমান সেৱা প্ৰাধিকাৰীকো অৱগত কৰিছে।

“আমি পৰিস্থিতিটো সন্দৰ্ভত সম্পূৰ্ণ সজাগ আৰু ৰোগবিধ সোঁচৰাটো বন্ধ কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছো,” শনিবাৰে সাংবাদিকক জনালে মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এ এল হেকে।

শ্বিলঙৰ এখন ব্যক্তিগত চিকিৎসালয়ত যোৱা ১৭ অক্টোবৰত ভৰ্তি হোৱা ৰেহানা খুৰছিদ নামৰ এগৰাকী ৫৮ বছৰীয়া মহিলাৰ দেহত প্ৰথমে এই বীজাণু ধৰা পৰিছিল। পুনেৰ পৰা ঘূৰি অহাৰ পিছতে মহিলাগৰাকীয়ে জ্বৰত ভুগি চিকিৎসালয়ত ভৰ্তি হৈছিল।

পৰৱৰ্তী সময়ত মুম্বাইৰ পৰা শ্বিলঙলৈ অহা নাওমি গঞ্জালৱেজ নামৰ এগৰাকী ২৯ বছৰীয়া যুৱতীৰ দেহত এই বীজাণু ধৰা পৰিছে। যুৱতীগৰাকীও জ্বৰত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল।

ৰোগী দুগৰাকীক সম্পূৰ্ণ সুকীয়া কোঠাত ৰখা হৈছে আৰু তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ ভাললৈ আহিছে বুলি জানিব পৰা গৈছে।
দুয়োগৰাকী ৰোগীৰ তেজৰ নমুনা শ্বিলংস্থিত NEIGRIHMSলৈ পঠিওৱা হৈছে।

Related News