কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱত বৃহস্পতিবাৰে নিশা আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুগৰাকী উগ্ৰপন্থী নিহত হয়।
কামাণ্ডো বাহিনীৰ গুলীত নিহত হোৱা উগ্ৰপন্থী দুজনক বৰ্তমানলৈ চিনাক্তকৰণ কৰা হোৱা নায়।
বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীয়ে অভিযান চলাই উগ্ৰপন্থী দুজনক নিহত কৰে।
বৃহস্পতিবাৰে নিশা চলোৱা অভিযানত মটৰ চাইকেলত উঠি অহা উগ্ৰপন্থীৰ চাৰিজনীয়া দলটোৱে আৰক্ষীক উদ্দেশ্য কৰি প্রথমে গুলীবৰ্ষণ কৰে প্ৰত্যুত্তৰত আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীয়ে চলোৱা গুলীবৰ্ষণত দুজন উগ্ৰপন্থী নিহত হয়।
আনহাতে, মটৰ চাইকেলত উঠি অহা আন দুজন উগ্ৰপন্থী পলাই সাৰিবলৈ সক্ষম হয়।
নিহত উগ্ৰপন্থী দুজনৰ পৰা এটা এ কে চিৰিজৰ ৰাইফল, গুলী বাৰুদ, এখন মটৰ চাইকেলৰ সৈতে বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে।
কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সমগ্ৰ অভিযানৰ কথা সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰাৰ লগতে পলাতক উগ্ৰপন্থী দুজনক কৰায়ত্ত কৰাৰ বাবে বৰ্তমানো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে।