অসম আৰক্ষীৰ একেই পদৰ বাবে দুবাৰকৈ পৰীক্ষা;কিন্তু আজিলৈকে নোলাল ফলাফল

অসম চৰকাৰৰ গৃহ বিভাগৰ কাণ্ডত অতিষ্ঠ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱা।

মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত  ২০১৭ চনতে ৯০১৭ কনিষ্টবল পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিছিল গৃহ বিভাগে ৷

কিন্তু পৰীক্ষাৰ ফলাফল প্ৰকাশ নকৰাকৈয়ে পুনৰ বাৰ ২০ ফেব্ৰুৱাৰী ২০২২ চনত সেই একেখিনি পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰে।

আৰক্ষী কনিষ্টবলৰ চাকৰিৰ বাবে ১,৮০,৬২২ জন পৰীক্ষাৰ্থীয়ে আবেদন কৰাৰ বিপৰীতে ৩২ হাজাৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

অসম আৰক্ষীৰ এই কাণ্ডত খৰ্গহস্ত হৈ পৰিছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থী ৷

চৰকাৰে নিবনুৱাক কৰা এনে প্ৰৱঞ্চনাৰ বিৰুদ্ধে আজি অসংখ্য প্ৰতিবাদকাৰীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাৱস্ত্য কৰে।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদকাৰী পৰীক্ষাৰ্থীক ৰাজপথৰ পৰাই আটক কৰে আৰক্ষীয়ে।

ইয়াৰ লগতে উলুবাৰীৰ উৰণীয়া সেঁতুৰ তলতো প্ৰতিবাদ কৰা পৰীক্ষাৰ্থী সকলক অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ যোৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰতিবাদ কৰিবলৈ অহা শ-শ প্ৰতিবাদকাৰীক আটক কৰি পাণবজাৰ থানালৈ লৈ যায়।