আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান আক্ৰমণত চিৰিয়াত নিহত দুই শীৰ্ষ দুৰ্ধৰ্ষ আই এছ নেতা

Two top Islamic State terrorists killed আমেৰিকা যুক্তৰাষ্ট্ৰই চিৰিয়াত বিমান আক্ৰমণ (এয়াৰষ্ট্ৰাইক) চলাই ইছলামিক ষ্টেট (আইএছ) সন্ত্ৰাসবাদী গোটৰ দুই  শীৰ্ষ দুৰ্ধৰ্ষ নেতাক হত্যা কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে কয় যে উত্তৰ চিৰিয়াত বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬:২৩ বজাত এই বিমান আক্ৰমণ চলোৱা হৈছিল।

লগতে পঢ়ক: Facebook Crisis: সংকটত ফেচবুক! ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব পাৰে চাকৰি!

আক্ৰমণত নিহত ইছলামিক ষ্টেটৰ নেতা দুজন হৈছে আবু আলা আৰু আবু মুৱাদ আল-কাহতানি।

আবু আলা আইএছৰ শীৰ্ষ দুৰ্ধৰ্ষ পাঁচজন নেতাৰ ভিতৰত এজন। তেওঁ চিৰিয়াত আইএছৰ উপ মুৰব্বী। আনহাতে, আবু মুৱাদ আল-কাহতানি এজন আই এছৰ কাৰাগাৰ বিষয়ক কৰ্মকৰ্তা।

লগতে পঢ়ক: বিদ্যালয়ৰ ৱাশ্বৰূমত ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ; উচ্চ শ্ৰেণীৰ দুই ছাত্ৰৰ বিৰুদ্ধে অভিযোগ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আইএছৰ দুৰ্ধৰ্ষ এই নেতা দুজনৰ হত্যা সন্ত্ৰাসবাদী সংগঠনটোৰ বাবে এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে।