NORTHEAST NOW (Assamese)

আৰক্ষীৰ ছদ্মৱেশ লৈ ব্লেকমেইল : ৯ ঘন্টা উলংগ কৰি ভিডিঅ’ কলত ডিজিটেল এৰেষ্ট দুই যুৱতীক

July 23, 2025 2:50 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: July 23, 2025 2:15 pm

আৰক্ষীৰ ছদ্মৱেশ ধৰি অশালীন কাণ্ড, ব্লেকমেইল। এক ভয়ংকৰ চাইবাৰ জালিয়াতিৰ বলি হৈছে বেংগালুৰুৰ দুগৰাকী যুৱতী।

অভিযোগ অনুসৰি মুম্বাই আৰক্ষীৰ ৰূপ লৈ এদল প্ৰৱঞ্চকে ভিডিঅ কল (ডিজিটেল এৰেষ্ট) কৰি তেওঁলোকক হাৰাশাস্তি কৰে। যোৱা ১৭ জুলাইত সংঘটিত হয় এই ঘটনা।

সূত্ৰ অনুসৰি সেইদিনা যুৱতী দুগৰাকীলৈ এটা ফোন আহে। ফোনকলত অপৰাধীয়ে তেওঁলোকক মুম্বাই আৰক্ষী বুলি পৰিচয় দিয়ে।

প্ৰৱঞ্চকে কয় যে যুৱতী দুগৰাকী জেট এয়াৰৱেজৰ সৈতে জড়িত আৰ্থিক জালিয়াতিৰ গোচৰত জড়িত। লগতে, কোৱা হৈছিল যে মানৱ সৰবৰাহ আৰু হত্যাৰ দৰে অপৰাধত তেওঁলোক জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে।

প্ৰৱঞ্চক কেইজনৰ হাতত আছিল যুৱতীগৰাকীৰ আধাৰ নম্বৰকে ধৰি কেইবাটাও ব্যক্তিগত তথ্য। ভুৱা গ্ৰেপ্তাৰৰ পৰোৱানাও দেখুৱাইছিল। তাৰ পিছত আৰ বি আই আৰু চি বি আইৰ গাইডলাইনৰ ভিত্তিত  ‘ভেৰিফিকেচনৰ বাবে ধন দিব লাগে বুলি দাবী কৰি তেওঁলোকৰ পৰা ৫৮,৪৭৭ টকা লয় প্ৰৱঞ্চকে।

কেৱল এয়াই নহয়৷ হোৱাটছএপত ভিডিঅ কল কৰি যুৱতী দুগৰাকীক উলংগ কৰিবলৈ বাধ্য কৰাইছিল প্ৰৱঞ্চকসকলে। তেওঁলোকৰ শৰীৰত গুলীৰ চিন বা টেটু আছে নে নাই পৰীক্ষা কৰিবলৈ এই ‘শাৰীৰিক পৰীক্ষা কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছিল! তেওঁলোকক ভাবুকি দি কোৱা হৈছিল যে তেওঁলোক এতিয়া ডিজিটেল আৰু হাউচ এৰেষ্টত আছে, আৰু কেমেৰা বন্ধ কৰিলে অধিক বিপদ হব।

প্ৰায় ৯ ঘণ্টা ধৰি এনেদৰে চলি থাকিল। কিন্তু নিশা ৮ বজালৈকে এগৰাকী যুৱতীয়ে বন্ধু এজনক এই ঘটনাৰ বিষয়ে অৱগত কৰে। তাৰ পৰাই জালিয়াতিৰ সমগ্ৰ কাণ্ড উন্মোচিত হল।

পিছদিনা যুৱতী দুগৰাকী থানালৈ গল। পিছত তেওঁলোকে শিৱজিনগৰৰ চাইবাৰ এণ্ড ইকনমিক অফেন্স শাখা (CEN Crime Branch)ত এজাহাৰ দাখিল কৰে। প্ৰৱঞ্চকৰ ফোন নম্বৰ আৰু ইউ পি আইৰ লেনদেনৰ সবিশেষ আৰক্ষীক গতাই দিয়াৰ পিছতে অভিষেক নামৰ এজন লোকৰ নাম পোহৰলৈ আহে।

আৰক্ষীয়ে জনোৱা মতে, তদন্ত আৰম্ভ কৰা হৈছে। অভিযুক্তক চিনাক্ত কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

যুৱতীকেইগৰাকীয়ে তেওঁলোকৰ সৈতে হোৱা ভিডিঅ কলৰ কোনো ফুটেজ যাতে ছচিয়েল মিডিয়াত প্ৰচাৰ নহয় তাৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

Related News