দেশৰ এখন আইনক লৈ অস্থিৰ হৈ পৰিছে ৰাষ্ট্ৰীয় ৰাজনীতি। আইন আয়োগে ইউনিফৰ্ম চিভিল কোডৰ ওপৰত ধৰ্মীয় সংগঠন আৰু ৰাইজৰ ৰায় ল’বলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই বিষয়ত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে।
আনহাতে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি কংগ্ৰেছ, এছ পি, ডি এম কে আৰু টি এম চি-কে ধৰি অন্যান্য বিৰোধী দলসমূহে এই আইনখনৰ তীব্ৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজতে আৰ্মত্য সেনে ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত এক চাঞ্চল্যকৰ মন্তব্য কৰে।
অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মতে একেধৰণৰ নাগৰিক সংহিতাৰ সৈতে ‘হিন্দু ৰাষ্ট্ৰ সংযুক্ত’ আছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত একেধৰণৰ নাগৰিক সংহিতাৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ সন্দৰ্ভত আইন আয়োগে বিভিন্ন ধৰ্মীয় সংগঠন আৰু সাধাৰণ মানুহৰ মতামত বিচাৰিছে।
বুধবাৰে শান্তিনিকেতনৰ প্ৰতীচি ট্ৰাষ্ট হাউচত অমৰ্ত্যই কয় যে ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাটো আচলতে “এটা কঠিন কামক অতি ভিত্তিহীনভাৱে সৰল কৰাৰ প্ৰয়াস”।
অৰ্থনীতিবিদজনে ক’লে, আজি এখন কাগজত দেখিলোঁ, ‘ইউচিচি আৰু পলম কৰিব নোৱাৰি!’ ক’ৰ পৰা আহিল এনেকুৱা মূৰ্খামী কথা! আমি হাজাৰ হাজাৰ বছৰ ধৰি ইউচিচি অবিহনে আছো আৰু থাকিব পাৰো। আমি মানি ল’ব লাগিব যে তেওঁলোকে যি ধৰণে দেশ চলাব বিচাৰে সেয়া ভুল।
লগতে তেওঁ ক’লে, হিন্দু ৰাষ্ট্ৰ ভাৰতৰ বাবে একমাত্ৰ আগুৱাই যোৱাৰ পথ নহয়।
কেন্দ্ৰই সংসদৰ পৰৱৰ্তী অধিৱেশনত ইউনিফৰ্ম চিভিল কোড বিল উত্থাপন কৰিব বিচাৰিছে। দৰাচলতে বিগত কেইবাটাও লোকসভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰতো একেধৰণৰ নাগৰিক নিয়ম কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।
২০২৪ চনৰ লোকসভা নির্বাচনৰ পূর্বে সেই প্রতিশ্রুতি পূৰণ কৰিবলৈ বিজেপি বদ্ধপৰিকৰ৷ আনকি উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত জগদীপ ধনকাৰে কৈছে যে ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাত এক মুহূৰ্তৰ পলম হ’ব নালাগে।