জাত-পাত তথা বৰ্ণ বৈষম্যৰ ঘৃণনীয় পৰিস্থিতিৰ কৰাল গ্ৰাসৰ পৰা এতিয়াও মুক্ত হোৱা নাই ভাৰতৰ সমাজ ব্যৱস্থা। নিম্ন জাতি বা বৰ্ণৰ লোকক আজিও অস্পৃশ্য হিচাপেই জ্ঞান কৰি আহিছে তথাকথিত উচ্চবৰ্ণৰ বৈষম্যবাদী সমাজে।
দেশৰ এই জাত-পাতৰ এই বৈষম্যৰ এক ঘৃণনীয় ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে উত্তৰ ভাৰতীয় ৰাজ্য ৰাজস্থানত। ৰাজ্যখনৰ উদয়পুৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ত দুগৰাকী দলিত ছাত্ৰী বৈষম্যমূলক আচৰণৰ চিকাৰ হৈছে।
ছাত্ৰী কেইগৰাকীয়ে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ আহাৰ বিতৰণ কৰাৰ ফলস্বৰূপে বিদ্যালয়ৰ ৰান্ধনী গৰাকীয়ে আপত্তি দৰ্শাই আহাৰ গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলক আহাৰ পেলাই দিবলৈ নিৰ্দেশ দিয়ে।
ৰান্ধনী গৰাকীৰ পৰামৰ্শ মানি ছাত্ৰী-ছাত্ৰীসকলেও খাই থকা আহাৰ পেলাই দিয়ে। এই ঘটনাত অপমানিতবোধ কৰি ছাত্ৰী কেইগৰাকীয়ে ঘটনাটোৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰে।
এনে চূড়ান্ত বৈষম্যমূলক ঘটনাৰ বিষয়ে জানিব পাৰি পৰিয়ালৰ সদস্যসকলে আন কিছু স্থানীয় লোকক লগত লৈ বিদ্যালয়ত উপস্থিত হয় আৰু আৰু ৰান্ধনীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনায়।
এই দাবীৰ ওচৰত সেও মানি বিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে অভিযুক্ত ৰান্ধনী গৰাকীক গ্ৰেপ্তাৰ কৰে। ধৃত ৰান্ধনী গৰাকীক লালা ৰাম গুৰ্জাৰ বুলি চিনাক্ত কৰা হৈছে।
ধৃত লালা ৰাম গুৰ্জাৰৰ বিৰুদ্ধে অনুসূচীত জাতি আৰু জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত স্থানীয় গোগুণ্ডা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
আনহাতে বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে গুৰ্জাৰে সদায়ে উচ্চ বৰ্ণৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশন কৰা খাদ্যহে গ্ৰহণ কৰিছিল। কিন্তু কালি বিদ্যালয়ৰ এগৰাকী শিক্ষকে দলিত ছাত্ৰীকেইগৰাকীক খাদ্য পৰিৱেশন কৰিবলৈ কোৱাৰ বাবে ছাত্ৰী দুগৰাকী আগবাঢ়ি গৈছিল।
উদয়পুৰৰ এই সমগ্ৰ ঘটনাই দেশৰ জাত-পাত ব্যৱস্থাৰ ঘৃণনীয় ৰূপটো পুনৰ এবাৰ উন্মোচিত কৰি তুলিছে। মানৱীয়তাক কুঠাৰাঘাত কৰাৰ লগতে দেশৰ সংবিধানবিৰোধী এই নিকৃষ্ট মানসিকতাই পুনৰ এবাৰ নিম্ন জাতি বা বৰ্ণৰ লোকসকলে সন্মুখীন হৈ অহা বৈষম্যৰ প্ৰকৃত ৰূপ প্ৰতিফলিত কৰি তুলিছে।