• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বৈষম্যৰ ঘৃণনীয় ৰূপ: দলিত ছাত্ৰীয়ে আহাৰ বিলোৱাৰ বাবেই মধ্যাহ্ন ভোজন দলিয়াই পেলালে ৰান্ধনীসহ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2022 9:10 pm
Caste discrimination
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাত-পাত তথা বৰ্ণ বৈষম্যৰ ঘৃণনীয় পৰিস্থিতিৰ কৰাল গ্ৰাসৰ পৰা এতিয়াও মুক্ত হোৱা নাই ভাৰতৰ সমাজ ব্যৱস্থা। নিম্ন জাতি বা বৰ্ণৰ লোকক আজিও অস্পৃশ্য হিচাপেই জ্ঞান কৰি আহিছে তথাকথিত উচ্চবৰ্ণৰ বৈষম্যবাদী সমাজে।

দেশৰ এই জাত-পাতৰ এই বৈষম্যৰ এক ঘৃণনীয় ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে উত্তৰ ভাৰতীয় ৰাজ্য ৰাজস্থানত। ৰাজ্যখনৰ উদয়পুৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ত দুগৰাকী দলিত ছাত্ৰী বৈষম্যমূলক আচৰণৰ চিকাৰ হৈছে।

Apply Now

ছাত্ৰী কেইগৰাকীয়ে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ আহাৰ বিতৰণ কৰাৰ ফলস্বৰূপে বিদ্যালয়ৰ ৰান্ধনী গৰাকীয়ে আপত্তি দৰ্শাই আহাৰ গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলক আহাৰ পেলাই দিবলৈ নিৰ্দেশ দিয়ে।

ৰান্ধনী গৰাকীৰ পৰামৰ্শ মানি ছাত্ৰী-ছাত্ৰীসকলেও খাই থকা আহাৰ পেলাই দিয়ে। এই ঘটনাত অপমানিতবোধ কৰি ছাত্ৰী কেইগৰাকীয়ে ঘটনাটোৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰে।

এনে চূড়ান্ত বৈষম্যমূলক ঘটনাৰ বিষয়ে জানিব পাৰি পৰিয়ালৰ সদস্যসকলে আন কিছু স্থানীয় লোকক লগত লৈ বিদ্যালয়ত উপস্থিত হয় আৰু আৰু ৰান্ধনীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনায়।

এই দাবীৰ ওচৰত সেও মানি বিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে অভিযুক্ত ৰান্ধনী গৰাকীক গ্ৰেপ্তাৰ কৰে। ধৃত ৰান্ধনী গৰাকীক লালা ৰাম গুৰ্জাৰ বুলি চিনাক্ত কৰা হৈছে।

ধৃত লালা ৰাম গুৰ্জাৰৰ বিৰুদ্ধে অনুসূচীত জাতি আৰু জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত স্থানীয় গোগুণ্ডা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

আনহাতে বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে গুৰ্জাৰে সদায়ে উচ্চ বৰ্ণৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশন কৰা খাদ্যহে গ্ৰহণ কৰিছিল। কিন্তু কালি বিদ্যালয়ৰ এগৰাকী শিক্ষকে দলিত ছাত্ৰীকেইগৰাকীক খাদ্য পৰিৱেশন কৰিবলৈ কোৱাৰ বাবে ছাত্ৰী দুগৰাকী আগবাঢ়ি গৈছিল।

উদয়পুৰৰ এই সমগ্ৰ ঘটনাই দেশৰ জাত-পাত ব্যৱস্থাৰ ঘৃণনীয় ৰূপটো পুনৰ এবাৰ উন্মোচিত কৰি তুলিছে। মানৱীয়তাক কুঠাৰাঘাত কৰাৰ লগতে দেশৰ সংবিধানবিৰোধী এই নিকৃষ্ট মানসিকতাই পুনৰ এবাৰ নিম্ন জাতি বা বৰ্ণৰ লোকসকলে সন্মুখীন হৈ অহা বৈষম্যৰ প্ৰকৃত ৰূপ প্ৰতিফলিত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd