NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ প্ৰথমগৰাকী অনাতাঁৰ শিল্পী সুদৰ্শন ঠাকুৰক শ্ৰীমন্ত কলাক্ষেত্ৰৰ নতুন সচিব হিচাপে নিযুক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 12, 2019 8:26 pm
Sudarshan Thakur taking charge from Madhurima Barua Sen, ACS as the new secretary of Srimanta Sankardev Kalakshetra, Vice president SSKS Surjya Hazarika, Pabitra Margherita, Jatin Bora also seen in the picture on 12-06-19. Pix BY UB photos

নদীদ্বীপ মাজুলীৰ প্ৰথমগৰাকী অনাতাঁৰ শিল্পী, লেখক, গৱেষক সুদৰ্শন ঠাকুৰক বুধবাৰে আনুষ্ঠানিকভাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব হিচাপে নিযুক্তি দিয়া হয়।

বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাই নৱনিযুক্তি সচিব গৰাকীক এখন সভা অনুষ্ঠিত কৰি আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে কাৰ্য্যকাল সামৰণি পৰা পূৰ্বৰ সচিব মাধুৰিমা বৰুৱা সেনক বিদায় সম্ভাষণ জনাই।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি নৱনিযুক্ত সচিব সুদৰ্শন ঠাকুৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব হিচাপে কাম কৰাৰ সোভাগ্য লাভ কৰাটো এটা গৌৰৱৰ বিষয় হিচাপে অভিহিত কৰি সদায় অনুষ্ঠানখনৰ বিকাশৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, অসমৰ সাংস্কৃতিক অনুষ্ঠানখনৰ বিভিন্ন বিভাগ চোৱা-চিতা কৰাৰ বাবে বহু সংখ্যক কৰ্মচাৰীৰ প্ৰয়োজন হয়। বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুঠ ১০১ গৰাকী কৰ্মাচাৰী কৰ্মৰত হৈ আছে। ইয়াৰে ভিতৰত মাত্ৰ ১৫ গৰাকী নিয়মীয়া কৰ্মচাৰী বাকী সকলো কৰ্মচাৰীয়ে কলাক্ষেত্ৰত দৈনিক হাজিৰাৰ ভিত্তিত কাম কৰি আহিছে।

নৱ নুযুক্তি সচিৱগৰাকীৰ কাৰ্য্যকালত অনুষ্ঠানখনত নিয়মীয়া কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি পাব বুলি আশা কৰা হৈছে। আজিৰ আদৰণি অনুষ্ঠানত অভিনেতা যতিন বৰা, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বিভিন্ন ব্যক্তিসকল উপস্থিত থাকে।