• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিক্ততা অতীত! মাৰাঠী ভাষাৰ বিতৰ্কক লৈ মহাৰাষ্ট্ৰত ৰাজ-উদ্ধৱ মিত্ৰতাৰ ইংগিত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 19, 2025 6:42 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে হিন্দীক তৃতীয়টো বাধ্যতামূলক ভাষা হিচাপে লোৱাৰ সিদ্ধান্তক লৈ চলি থকা উত্তপ্ত বিতৰ্কৰ মাজতে প্ৰায় দুটা দশকৰ তিক্ত বিচ্ছেদৰ অন্তত দুই ভাতৃ উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে একত্ৰিত হোৱাৰ সম্ভাৱনা দেখা গৈছে।

দুয়োজন নেতাই চৰ্তসাপেক্ষে হ’লেও ক্ষুদ্ৰ ক্ষুদ্ৰ মতানৈক্য পাহৰি মহাৰাষ্ট্ৰ আৰু মাৰাঠী ভাষাৰ স্বাৰ্থ ৰক্ষাৰ বাবে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। এই ঘটনাই মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক নতুন গতি আনিব পাৰে।

Apply Now

মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ মুৰব্বী ৰাজ থাকৰেই চলচ্চিত্ৰ নিৰ্মাতা মহেশ মঞ্জৰেকাৰৰ সৈতে হোৱা এক প’ডকাষ্টত কয় যে, “যেতিয়া ডাঙৰ ইচ্ছ্য়ু আহি পৰে, তেতিয়া আমাৰ কাজিয়া আৰু মতানৈক্য অতি তুচ্ছ। মহাৰাষ্ট্ৰ আৰু মাৰাঠীৰ জনসাধাৰণৰ বাবে আমাৰ মাজৰ সংঘাত তুচ্ছ। একত্ৰিত হোৱাটো কঠিন নহয়, কিন্তু প্ৰশ্নটো হ’ল ইয়াৰ বাবে ইচ্ছা থকাটো।”

২০২৪ চনৰ লোকসভা নিৰ্বাচনত এন ডি এৰ সৈতে মিত্ৰতা কৰা ৰাজে স্পষ্টভাৱে কয় যে তেওঁ উদ্ধৱ থাকৰেৰ সৈতে ব্যক্তিগত স্বাৰ্থ বা ইচ্ছাৰ বাবে নহয়, বৰঞ্চ বৃহত্তৰ স্বাৰ্থৰ বাবে কাম কৰিবলৈ সাজু। ডাঙৰ ছবিখনৰ কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ।’

এসময়ত শিৱসেনাৰ প্ৰতিষ্ঠাপক বাল থাকৰেৰ ৰাজনৈতিক উত্তৰাধিকাৰী বুলি গণ্য কৰা ৰাজ থাকৰেই ২০০৫ চনত উদ্ধৱৰ সৈতে দলৰ নিয়ন্ত্ৰণক লৈ হোৱা বিবাদৰ বাবেই শিৱসেনা ত্যাগ কৰিছিল। পিছৰ বছৰত তেওঁ এম এন এছ প্ৰতিষ্ঠা কৰে।

তেওঁৰ মন্তব্যৰ উত্তৰত শিৱসেনা (উদ্ধৱ বালাচাহেব থাকৰে)ৰ মুৰব্বী উদ্ধৱ থাকৰেই কয় যে তেওঁৱো “সৰুসুৰা কাজিয়া” পাহৰি মাৰাঠী সমাজৰ স্বাৰ্থত একত্ৰিত হ’বলৈ সাজু। কিন্তু তেওঁ এটা চৰ্ত যোগ কৰিলে যে তেওঁ মহাৰাষ্ট্ৰৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা লোকসকলক “ঘৰলৈ মাতি আনি খুৱাব নোৱাৰে” — যিটো সম্ভৱতঃ বিজেপি আৰু ইয়াৰ মহাযুতি মিত্ৰজোঁটৰ প্ৰতি ইংগিত।

উদ্ধৱে কয়, “মইও সৰুসুৰা কাজিয়া পাহৰি মাৰাঠী জাতিৰ স্বাৰ্থত একত্ৰিত হ’বলৈ সাজু। কিন্তু এটা চৰ্ত আছে। প্ৰথমে সিদ্ধান্ত লওক যে মহাৰাষ্ট্ৰৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা লোকক আপুনি ঘৰলৈ নিমন্ত্ৰণ কৰি আনি নুখুৱাব, তাৰ পিছত ৰাজ্যৰ কল্যাণৰ কথা ক’ব।”

ৰাজক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এন ডি এক সমৰ্থন কৰাৰ কথা সোঁৱৰাই দি তেওঁ কয় যে, “যেতিয়া মই লোকসভা নিৰ্বাচনৰ সময়ত কৈ আছিলো যে উদ্যোগসমূহ মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈ স্থানান্তৰ কৰা হৈছে, তেতিয়া বিৰোধিতা কৰা হ’লে আজি কেন্দ্ৰত বিজেপি চৰকাৰ নাথাকিলহেঁতেন। ৰাজ্যখনতো এনে এখন চৰকাৰ হ’লহেঁতেন যিয়ে মহাৰাষ্ট্ৰৰ স্বাৰ্থৰ কথা ভাবিলেহেঁতেন। তেতিয়া আপুনি তেওঁলোকক সমৰ্থন কৰিছিল।”

উল্লেখ্য যে এই বিতৰ্কৰ আৰম্ভণি হৈছে মহাৰাষ্ট্ৰ চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত হিন্দীক প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে বাধ্যতামূলক তৃতীয় ভাষা হিচাপে লোৱাৰ পৰা। দুটা ভাষা অধ্যয়নৰ পৰম্পৰাগত প্ৰথাৰ পৰা বিচ্যুত হোৱা এই পদক্ষেপে আঞ্চলিক নেতা আৰু ৰাজনৈতিক দলসমূহৰ মাজত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে। এম এন এছ আৰু শিৱসেনা (ইউ বি টি) দুয়োটাই দেৱেন্দ্ৰ ফাডনভিছ নেতৃত্বাধীন বিজেপি চৰকাৰে হিন্দী জাপি দিয়াৰ লগতে মাৰাঠী ভাষাৰ গুৰুত্বক তুচ্ছজ্ঞান কৰাৰ অভিযোগ উত্থাপন কৰিছে।

মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে এই সিদ্ধান্তৰ পক্ষ লৈ কয়, “মাৰাঠী ইতিমধ্যে বাধ্যতামূলক। কেন্দ্ৰীয় চৰকাৰৰ মতামত হ’ল যে যোগাযোগৰ ভাষা থাকিব লাগিব, আৰু সেইবাবেই এই সিদ্ধান্ত লোৱা হৈছে।” কিন্তু এই যুক্তিয়ে আঞ্চলিক দলসমূহৰ ক্ষোভ শান্ত কৰিব পৰা নাই।

এম এন এছৰ নেতা সন্দীপ দেশপাণ্ডেই কয়, “হিন্দী জাপি দিয়াটো মাৰাঠী ভাষা আৰু সংস্কৃতিৰ ওপৰত আক্ৰমণ। বিজেপিয়ে মহাৰাষ্ট্ৰৰ গৌৰৱক অপমান কৰিছে।” শিৱসেনাৰ নেতা সঞ্জয় ৰাউটেও এই সিদ্ধান্তক মাৰাঠী পৰিচয়ৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তত এই বিতৰ্ক সংঘটিত হৈছে, যেতিয়া ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত ৰাজনৈতিক মিত্ৰজোটসমূহ নতুনকৈ সংগঠিত হৈছে। ২০১৯ চনত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি এনচিপি আৰু কংগ্ৰেছৰ সৈতে মহা বিকাশ আঘাৰী গঠন কৰা উদ্ধৱ থাকৰে বৰ্তমান বিজেপি বিৰোধী স্থিতিত।

আনহাতে, ৰাজ থাকৰে এন ডি এৰ সৈতে হাত মিলাই বিজেপিৰ সমৰ্থন লাভ কৰিছে। কিন্তু হিন্দী ভাষাৰ বিতৰ্কই তেওঁলোকৰ মাজত এক উমৈহতীয়া কাৰণৰ সৃষ্টি কৰিছে, যিটো মাৰাঠী পৰিচয় আৰু আঞ্চলিক গৌৰৱৰ সৈতে জড়িত।

উদ্ধৱ আৰু ৰাজৰ এই সম্ভাৱ্য মিলনে মহাৰাষ্ট্ৰৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন আনিব পাৰে। কিন্তু উদ্ধৱৰ চৰ্ত আৰু বিজেপিৰ সৈতে ৰাজৰ বৰ্তমানৰ মিত্ৰতা এই একত্ৰীকৰণৰ মূল বাধা হৈয়েই আছে। এই বিতৰ্কই মহাৰাষ্ট্ৰত ভাষিক আৰু সাংস্কৃতিক পৰিচয়ৰ প্ৰশ্নক সন্মুখলৈ আনিছে, যিয়ে আগন্তুক নিৰ্বাচনী ৰাজনীতিত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd