দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক মহলত বৃদ্ধি পাইছে উৎকণ্ঠা। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে শাসনাধিষ্ঠ এন ডি এ- মিত্ৰজোঁটে দ্ৰৌপদী মুৰ্মুক মনোনীত কৰাৰ বিপৰীতে বিৰোধী দলসমূহে উমৈহতীয়া প্ৰাৰ্থী হিচাপে থিয় কৰাইছে যশৱন্ত সিনহাক।
কিন্তু বিৰোধী এই ৰণনীতিত হঠাতে সৃষ্টি হৈছে অথন্তৰৰ। কিছুদিন পূৰ্বলৈকে বিজেপি বিৰোধী অন্যতম শক্তিশালী গোট হিচাপে পৰিগণিত হোৱা শিৱসেনাই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী সিনহাৰ পৰিৱৰ্তে এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুলৈ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।
আজি শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে তেওঁৰ নেতৃত্বত শিৱসেনাই দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰিব বুলি ঘোষণা কৰে। কিছুদিন পূৰ্বে দলীয় বিসম্বাদত শাসনৰ পৰা উৎখাত হোৱা ঠাকৰেৰ বাবে এইয়া আন এক পৰাজয় হিচাপে বিবেচিত হৈছে।
কিয়নো বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰিবলৈ সোমবাৰে দলৰ ২২ জন সাংসদৰ ভিতৰত ১৬ জনেই ঠাকৰেক জোৰ দিছিল। দ্ৰৌপদী মুৰ্মু এগৰাকী জনজাতীয় সম্প্ৰদায়ৰ মহিলা হোৱাৰ দোহাই দি সাংসদসকলে ঠাকৰেৰ সমৰ্থন আহ্বান কৰিছিল।
উল্লেখ্য যে যদি মুৰ্মু নিৰ্বাচনত জয়ী হয়, তেন্তে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথম জনজাতীয় মহিলা হিচাপে পৰিগণিত হ’ব।
মুৰ্মুলৈ শিৱসেনাৰ সমৰ্থন আন এটা কাৰণতো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কিয়নো জনসংখ্যাৰ ১০ শতাংশ অনুসূচীত জনজাতিৰ।
অৱশ্যে, মুৰ্মুক সমৰ্থন কৰাৰ অৰ্থ বিজেপিক সমৰ্থন কৰা নহয় শিৱসেনাৰ ঠাকৰে নেতৃত্বাধীন গোটে স্পষ্ট কৰি দিছে।
স্মৰ্তব্য যে একনাথ সিন্দেৰ গোটৰ দ্বাৰা এসপ্তাহ ধৰি চলি থকা দলীয় বিসম্বাদৰ ফলশ্ৰুতিত উদ্ধৱ ঠাকৰেয়ে যোৱা মাহত মুখ্যমন্ত্ৰীৰ আসনৰ পৰা পদত্যাগ কৰিব লগা হৈছিল। ঠাকৰে চৰকাৰৰ পতনৰ পিছতে সিন্দেই বিজেপিৰ সৈতে লগ হৈ নতুন চৰকাৰ গঠন কৰিছিল।