NORTHEAST NOW (Assamese)

উদ্ধৱ থাকৰেৰ মন্তব্য অপৰিপক্ক আৰু হাস্যকৰ : প্ৰতুত্তৰ নীতিন গাডকাৰীৰ

March 13, 2024 4:33 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বিজেপিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক মহা বিকাশ আঘাদী (এমভিএ) আৰু শিৱসেনাত যোগদান কৰিবলৈ আহ্বান জনাই মন্তব্য কৰিছিল শিৱসেনাৰ মূৰব্বী উদ্ধৱ থাকৰেই।

উদ্ধৱ থাকৰেৰ দলত যোগদান কৰিবলৈ আহ্বান জনাই থাকৰেই গাডকাৰীক উদ্দ্যেশি কৈছিল – “বিজেপিত যদি যথাযথ সন্মান পোৱা নাই তেন্তে আমাৰ দললৈ আহক। আমি আপোনাক ক্ষমতাশালী মন্ত্ৰীত্ব প্ৰদান কৰিম।”

উল্লেখ্য যে এতিয়ালৈকে বিজেপিয়ে নীতিন গাডকাৰীক লোকসভাৰ প্ৰাৰ্থীত্ব প্ৰদান নকৰাক লৈ চৰ্চা চলি থকাৰ সময়তে এই শিৱসেনাৰ মূৰব্বী উদ্ধৱ থাকৰেৰ এই মন্ত্যব্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। 

ইফালেৱ থাকৰেৰ এই মন্তব্যৰ উত্তৰ দি নীতিন গাডকাৰীয়ে কয় যে থাকৰেৰ মন্তব্য অপৰিপক্ক আৰু হাস্যকৰ। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনৰ ব্যৱস্থা আছে আৰু শিৱসেনাৰ নেতাগৰাকীয়ে বিজেপিৰ নেতাক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই।

Related News