NORTHEAST NOW (Assamese)

ভেকচিনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাবলৈ বিশ্ববিদ্যালয়সমূহক UGC ৰ ‘বিতৰ্কিত’ নিৰ্দেশ

June 22, 2021 3:49 pm · এন ই নাও নিউজ

দেশত ২১জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰৰ উৰ্ধৰ সকলো লোককে ভেকচিন প্ৰদানৰ ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে।

ইয়াৰ মাজতে ভেকচিন প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাবলৈ দেশৰ কলেজ আৰু বিশ্ববিদ্যালয়সমূহক বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি) বিশেষ নিৰ্দেশ দিছে।

ইউজিচিয়ে সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানকে ভেকচিনৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি ফ্লেক্স লগোৱাৰ নিৰ্দেশ দিছে।

ইউজিচিৰ এই নিৰ্দেশৰ পাছতে বিতৰ্কৰ সৃষ্টি হৈছে। শিক্ষাজগতৰ একাংশই ইউজিচিৰ এই নিৰ্দেশৰ আঁৰত ৰাজনীতিকৰণৰ গোন্ধ পাইছে।বহুতেই ইয়াকে লৈ সৰৱহৈ পৰিছে।

দেওবাৰে ইউজিচিয়ে সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ এখন ইমেইল প্ৰেৰণ কৰে। তাত লিখা হৈছে, ‘’২১জুনৰ পৰা দেশত ১৮ উৰ্ধৰ বিনামূলীয়া টীকাকৰণ আৰম্ভ হৈছে। বিশ্ববিদ্যালয় তথা কলেজসমূহক অনুৰোধ কৰা হৈছে যাতে শিক্ষা প্ৰতিষ্ঠান চৌহদসমূহত ধন্যবাদসূচক হ’ৰ্ডিং অঁৰা হয়। ধন্যবাদ জ্ঞাপন বাৰ্তা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা হিন্দী আৰু ইংৰাজীত প্ৰস্তুত কৰা ডিজাইন পঠোৱা হৈছে।‘’

ইউজিচিয়ে প্ৰেৰণ কৰা বেনাৰত লিখা আছে ‘থেংক ইউ পিএম মোদী’। ইয়াকেই লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

এই ইমেইল পোৱাৰ কথা স্বীকাৰ কৰিছে দিল্লী বিশ্ববিদ্যালয়কে ধৰি একাধিক উচ্চ শিক্ষা প্ৰতিষ্ঠানে।

Related News