• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভক্তৰ কোলাত ওভতনি মা উগ্ৰতাৰাৰ, ধৃত ৬জন মহানগৰ আৰক্ষীৰ জিম্মাত

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , May 2, 2019 7:30 pm

2 min read

02-05-19 Guwahati- Devotees rally with recover Ugratara relic back in temple, 'Thieves' sent to city police custody

মা উগ্ৰতাৰাক আদৰণি ভক্তৰ। ছবি-- ইউ বি।

581
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়ৰ অষ্টধাতুৰ বিগ্ৰহটো মন্দিৰটোলৈ বৃহস্পতিবাৰে ওভতাই অনাৰ লগতে চুৰি সন্দৰ্ভত গ্ৰেপ্তাৰ ৬জনক জিম্মাত লৈছে মহানগৰ আৰক্ষীয়ে।

বৰ্তমান লতাশিল থানাই তেওঁলোকক জেৰা আৰম্ভ কৰিছে।

মঙলবাৰে গোলাঘাটৰ অতিৰিক্তি আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নলবাৰীৰ বাটচৰৰ চান হুছেইন, টিহুৰ আদিল আলী, মুকালমুৱাৰ ৰাহুল আলী আৰু পাঞ্জাবাৰীৰ মিন্টু ৰায়ক গ্ৰেপ্তাৰ কৰি গোলাঘাটলৈ লৈ গৈছিল। তেওঁলোকৰ লগতে লৈ যোৱা হৈছিল উগ্ৰতাৰাৰ অষ্টধাতুৰ বিগ্ৰহটো।

ইয়াৰ পাছত বুধবাৰে বৰমা আৰক্ষীয়ে চামচুল আলী নামৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰে। কালিয়েই নিশাৰ ভাগত আৰক্ষীয়ে ৰেচমা বেগম নামৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে।

বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে আটাইকে নিজৰ জিম্মাত লৈ কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। পাছত ধৃত কেউজনকে মহানগৰ আৰক্ষীয়ে তদন্তৰ বাবে ৪ দিনৰ জিম্মাত লয়।

ইপিনে, উগ্ৰতাৰা দেৱালয় পৰিচালনা সমিতিয়ে যথেষ্টসংখ্যক ভক্তসহ বিগ্ৰহ লৈ আদালত চৌহদৰ পৰা লতাশিল থানালৈ আহে।

আৰক্ষীৰ পৰা আনুষ্ঠানিকভাৱে বিগ্ৰহটো চমজি লৈ শোভাযাত্ৰা কৰি দেৱালয়লৈ আনে।

দেৱালয়ৰ বাহিৰত কিছু সময়ৰ বাবে ভক্তৰ দৰ্শনৰ বাবে বিগ্ৰহটো ৰখা হয়। অৱশ্যে মন্দিৰৰ মূল বেদীত বিগ্ৰহটো প্ৰতিষ্ঠাৰ দিন এতিয়াও নিৰ্ধাৰণ হোৱা নাই বুলি মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

বিগ্ৰহটোৰ ক্ষতিসাধন হোৱা ডিঙিৰ মালা আৰু আ-অলংকাৰসমূহ পুনৰ নিৰ্মাণ কৰাৰ পাছতহে বেদীত প্ৰতিষ্ঠা কৰিব বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd