গুজৰাটৰ জুনাগড়ৰ এখন আদালতে ১২ বছৰীয়া এক পুৰণি গোচৰত সোমনাথৰ কংগ্ৰেছৰ বিধায়ক বিমল চুদাছামা আৰু আন তিনিজনক ছমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
ন্যায়িক দণ্ডাধীশ (প্ৰথম শ্ৰেণী) স্নেহাল শুক্লাৰ আদালতে বিধায়কগৰাকীৰ বিৰুদ্ধে অবৈধ অস্ত্ৰ ৰখা, আক্ৰমণ আৰু বাহন ক্ষতিগ্ৰস্ত কৰাৰ দোষত দোষী সাব্যস্ত হোৱাৰ পিছতে এই শাস্তি ঘোষণা কৰে।
অৱশ্যে নিম্ন আদালতে এই শাস্তি এমাহৰ বাবে স্থগিতও ৰাখিছে যাতে অভিযুক্তই উচ্চ আদালতত শাস্তিৰ বিৰুদ্ধে আপীল কৰিব পাৰে।
চুদাছামা আৰু আন তিনিজন অভিযুক্ত হিতেশ পাৰমাৰ, মোহন ৱাধেৰ আৰু ৰামজী বেৰোক ভাৰতীয় দণ্ডবিধিৰ ৩২৩ আৰু ১৪৭ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে।
বিচাৰাধীন গোচৰটোৰ মতে ২০১০ চনৰ ৭ নৱেম্বৰত যান-জঁটত আবদ্ধ হৈ থকা অভিযোগকাৰী মীট বৈদ্যক চুদাছামা আৰু আন অভিযুক্তসকলে অস্ত্ৰৰে সজ্জিত হৈ আক্ৰমণ কৰিছিল।
এফ আই আৰ অনুসৰি অভিযুক্তই অভিযোগকাৰী আৰু আন একাংশ ব্যক্তিক আক্ৰমণ আৰু থ্ৰেচ আৰু গালি-গালাজ কৰাৰ লগতে তেওঁলোকৰ বাহনখনৰো ক্ষতিসাধন কৰিছিল।





