বিজেপিৰ টিকেটত নিৰ্বাচন খেলিব আজমল কাছভৰ ফাঁচীৰ বাবে আদালতত যুঁজ দিয়া অধিবক্তা উজ্জ্বল দেওৰাও নিকামে

লোকসভা নিৰ্বাচনত আন এক চমক প্ৰদৰ্শনৰ চেষ্টা বিজেপিৰ। মহাৰাষ্ট্ৰৰ উত্তৰ-মধ্য মুম্বাই লোকসভা সমষ্টিৰ পৰা বিজেপিয়ে থিয় কৰাইছে সন্ত্ৰাসবাদী আজমল কাছভক ফাঁচীকাঠত ওলমোৱা অধিবক্তা উজ্জ্বল দেওৰাও নিকামক।

উল্লেখ্য যে বিশেষ ৰাজহুৱা অধিবক্তা উজ্জল নিকামে কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰত যুঁজিছে। ইয়াৰে এটা হৈছে মুম্বাইত সংঘটিত হোৱা ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰ। সেই সময়ত সমগ্ৰ দেশৰ মনোযোগ সেই গোচৰটোৰ ওপৰত আছিল। সেই বহু চৰ্চিত গোচৰত নিকাম আছিল চৰকাৰী অধিবক্তা। 

২৬/১১ৰ আক্ৰমণৰ পিছত জীৱন্তে গ্ৰেপ্তাৰ হোৱা একমাত্ৰ সন্ত্ৰাসবাদী আজমল কাছভক ফাঁচী দিয়াৰ আঁৰৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল অধিবক্তা উজ্জ্বল। এইবাৰ লোকসভা নিৰ্বাচনত উত্তৰ-মধ্য মুম্বাইৰ পৰা বিজেপিয়ে প্ৰক্ষেপ কৰে কৰিছে নিকামক। 

মন কৰিবলগীয়া যে এই লোকসভাৰ আসনখন বিগত ১০ বছৰে বিজেপিয়ে দখল কৰি আহিছে। ২০১৪ চনত এই সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল বিজেপি নেতা পুনম মহাজন। ২০১৯ চনতো বৃহৎ সংখ্যক ভোটত এই সমষ্টিৰ পৰা তেওঁ পুনৰবাৰ নিৰ্বাচিত হয়। 

কিন্তু এইবাৰ বিজেপি দলে পুনম মহাজনক আঁতৰাই সেি সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে উজ্জ্বল দেওৰাও নিকামক। 

উল্লেখ্য যে এই পৰ্যন্ত ৬২৮ জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিবলৈ সক্ষম হৈছে অধিবক্তাগৰাকীয়ে। লগতে তেওঁ চলোৱা গোচৰত এতিয়ালৈকে ৩৭ গৰাকী অপৰাধীয়ে মৃত্যুদণ্ডৰ শাস্তি লাভ কৰিছে।