ডঃ বৰুৱাৰ প্ৰতিধ্বনিৰে বৃটিশ্ব চাৰ্জনৰ দাবী– গাহৰি কলিজাই সলাব হৃদ চিকিৎসাৰ জগত

Dhaniram-Baruah-and-Sir-Terence-English-600x375 UK cardiac surgeon claims pig hearts may transform cardiac treatment

ডঃ বৰুৱা আৰু ইংগ্লিশ্ব।

১৯৯৬ চনৰ ডিচেম্বৰত অসমৰ বিতৰ্কিত হৃদ শল্য চিকিৎসক ডঃ ধনীৰাম বৰুৱাই এজন ৩২ বছৰীয়া ৰোগীৰ দেহত গাহৰিৰ কলিজা সংৰোপন কৰা ঘটনাই চিকিৎসা জগতত ধুমুহাৰ সৃষ্টি কৰিছিল।

ৰয়েল কলেজ অৱ চাৰ্জনছৰ ফেল’ ডঃ বৰুৱাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল—গাহৰিৰ কলিজা মানৱ দেহত সংৰোপনৰ দায়ত।

এতিয়া সেই ঘটনাৰ প্ৰায় ২৩ বছৰ পিছত ইউ কেৰ বিখ্যাত চাৰ্জন ছাৰ তেৰেন্স ইংগ্লিশ্বে দাবী কৰিছে যে গাহৰিৰ অভিযোজিত কলিজাই বিশ্বত কাৰ্ডিয়াক চিকিৎসা সলাই পেলাব পাৰে।

ইউ কেত হৃদ সংৰোপনৰ বাটকটীয়া ছাৰ ইংগ্লিশ্বে কৈছে গাহৰিৰ অভিযোজিত কলিজা মানৱ ৰোগীত সংৰোপন পৰৱৰ্তী তিনি বছৰৰ ভিতৰত সম্ভৱ হৈ উঠিব।

প্ৰথমটো হৃদ সংৰোপনৰ ৪০ বছৰ পূৰ্তিত ছাৰ টেৰেন্স ইংগ্লিশ্বৰ উদ্ধৃতিৰে বৃটিশ্ব মিডিয়াই কৈছে যে মানৱ দেহত গাহৰি বৃক্ক সংৰোপনৰ চেষ্টাৰে ২০১৯ চনত অস্ত্ৰোপচাৰ আৰম্ভ হ’ব।

“গাহৰিৰ বৃক্ক মানুহলৈ জেন’-সংৰোপনৰ ফল যদি সন্তোষজনক হয়, তেন্তে কেইবছৰ মানৰ ভিতৰতে মানৱ দেহত সুফলেৰে সৈতে বৰাহ কলিজা ব্যৱহৃত হোৱাৰ সম্ভাৱনা আছে,” ৮৭ বছৰীয়া চাৰ্জনজনে কয়।

ছাৰ ইংগ্লিশ্বৰ দাবী, বৃক্কৰ ক্ষেত্ৰত যদি ই কাম কৰে, তেন্তে কলিজাৰ ক্ষেত্ৰতো ই কাম কৰিব।

এই কথা খাটাং যে ডঃ বৰুৱা চিকিৎসা জগতত তেওঁৰ সতীৰ্থসকলতকৈ বহু আগৰণুৱা আছিল, আৰু ৩২ বছৰীয়া ৰোগী পূৰ্ণ শইকীয়াৰ দেহত গাহৰিৰ কলিজা সংৰোপনেৰে ইতিহাস সৃষ্টি কৰিছিল।

হাইপাৰ-এক্তিভ ৰিজেক্সন সত্ত্বেও বৰুৱাৰ ৰোগীজন সাত দিন জীয়াই আছিল। ৰোগীজন ৱেন্ত্ৰিক্যুলাৰ চেপ্তেল দিফেক্তত ভুগিছিল, অৰ্থাৎ তেওঁৰ কলিজাত ফুটা আছিল।

ডঃ বৰুৱাই এই ঐতিহাসিক অস্ত্ৰোপচাৰটো কৰিছিল আন এজন কাৰ্ডিয়াক চাৰ্জন, হং কঙৰ ডঃ জনাথান হ’ৰ সৈতে।

বৰুৱা আৰু হ’ দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ভাৰতীয় দণ্ড বিধিৰ ৩০৪ আৰু মানৱ অংগ সংৰোপন আইন, ১৯৯৪ৰ ১৮নং ধাৰাত অভিযুক্ত কৰা হৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে, দুয়োগৰাকী চাৰ্জনকে গ্ৰেপ্তাৰ কৰা হৈছিল মানৱ অংগ সংৰোপন আইন, ১৯৯৪ৰ অধীনত, কিন্তু ফেডাৰেল আইনখন অসম চৰকাৰে গ্ৰহণ কৰাৰ বহু আগতেই।

ডঃ বৰুৱা দাবীৰ প্ৰতিধ্বনি তুলি ছাৰ ইংগ্লিশ্বে কৈছে গাহৰিৰ কলিজাৰ এনাতমি আৰ ফিজিঅ’লজি মানুহৰ সদৃশ, সেয়ে নতুন চিকিৎসা বিকাশৰ সময়ত সিহঁতক মদেলৰূপে ব্যৱহাৰ কৰা হয়।

কেইবছৰমান আগতে জাৰ্মেনি আৰু ছুইজাৰলেণ্ডৰ গৱেষকৰ প্ৰতিবেদনত গাহৰিৰ জেনেটিকেলি (জীনীয়ভাৱে) উন্নীত কলিজা বেবুনৰ দেহত সংৰোপনৰ কথা প্ৰকাশ পাইছিল, আৰু জন্তু (বেবুন)বিধ ছমাহতকৈয়ো অধিক কাল জীয়াই আছিল।

গৱেষকসকলে পাঁচটা বেবুনৰ কলিজাৰ ঠাইত জীনীয়ভাৱে উন্নীত গাহৰিৰ কলিজা সংৰোপিত কৰিছিল। আন্তঃ-প্ৰজাতীয় অংগ সংৰোপনৰ ক্ষেত্ৰত ইয়াক এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ বুলি ধৰা হয়।

আজিও সোণাপুৰৰ সেই গৱেষণাগাৰেই ডঃ বৰুৱাৰ ঠিকনা, তেওঁ বাইপাছ চাৰ্জাৰি পৰিত্যাগ কৰিছে, আৰু আৱিষ্কাৰ কৰিছে দুটা বায়’-মলিক্যুল যি বাইপাছ চাৰ্জাৰি বাইপাছক্ষম।