ইংলেণ্ডৰ ৰজা চাৰ্লছৰ ভাতৃ এণ্ড্ৰুক গ্ৰেপ্তাৰ কৰিছে ব্ৰিটেইনৰ আৰক্ষীয়ে। ইয়াৰ পূৰ্বে তেওঁক ইংলেণ্ডৰ ৰাজপৰিয়ালৰ পৰা বহিষ্কাৰ কৰা হৈছিল, যাৰ বাবে তেওঁ ৰাজকুমাৰ উপাধি হেৰুৱাইছিল।
বৰ্তমান তেওঁ চেণ্ড্ৰিংহাম ইষ্টেটত বাস কৰে। তাৰ পৰাই এণ্ড্ৰু মাউণ্টবেটেন-উইণ্ডচৰক গ্ৰেপ্তাৰ কৰা হৈছে। যদিও গ্ৰেপ্তাৰৰ বিষয়ে টেমছ ভেলী আৰক্ষীয়ে জনাইছিল, তথাপিও তেওঁৰ নাম প্ৰকাশ কৰা হোৱা নাই, কাৰণ ব্ৰিটেইনৰ আইন অনুসৰি নাম গোপনীয় ৰখা হয়।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ব্ৰিটিছ ৰাজপৰিয়ালৰ বহিষ্কৃত সদস্যজন বৰ্তমান আৰক্ষীৰ জিম্মাত। বিবিচিৰ সূত্ৰ অনুসৰি তেওঁৰ ৬৬ সংখ্যক জন্মদিনতে এণ্ড্ৰুক গ্ৰেপ্তাৰ কৰা হৈছে।
বিবিচিৰ সূত্ৰ অনুসৰি দীৰ্ঘদিনীয়া তদন্তৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। এতিয়াও তদন্ত অব্যাহত আছে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি আৰক্ষীয়ে জনোৱা মতে, এণ্ড্ৰু আৰু জেফ্ৰি এপষ্টেইনৰ মাজত আদান-প্ৰদান কৰা ব্যৱসায়িক প্ৰতিবেদনকো তদন্তৰ আওতালৈ অনা হৈছে।
আৰক্ষীয়ে দিয়া বক্তব্যত ৰাজহুৱা কাৰ্যালয়ত অনিয়মৰ অভিযোগ উত্থাপন হোৱা বুলি জানিব পৰা গৈছে। বিবিচিৰ প্ৰতিবেদন অনুসৰি, এই গ্ৰেপ্তাৰৰ ফলত আৰক্ষীয়ে এণ্ড্ৰুৰ ঘৰ, নথি-পত্ৰ আৰু সম্পত্তিকে ধৰি সকলোতে তালাচী চলাব পাৰিব।
বাতৰি অনুসৰি গ্ৰেপ্তাৰৰ কি কি অভিযোগ উত্থাপন কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। গ্ৰেপ্তাৰৰ দৰে পদক্ষেপ ল’বলৈ আৰক্ষীয়ে কি তথ্য লাভ কৰিছে সেয়া স্পষ্ট হোৱা নাই। এতিয়া এণ্ড্ৰু ক’ত আছে সেয়াও সঠিকভাৱে জনা নাযায়।
এপষ্টেইন ফাইলৰ লগত এণ্ড্ৰুৰ নাম জড়িত হৈ আছে। তেওঁৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। এই আলোচনাৰ মাজতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।





