• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আমি ইউক্ৰেইনৰ সৈতে আছো’, লণ্ডনত অনুষ্ঠিত বৈঠকত জেলেনস্কিক আশ্বাস ষ্টাৰমাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2025 10:00 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লণ্ডনত থকা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ ১০ ডাউনিং ষ্ট্ৰীটত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকত ষ্টাৰমাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক কয় যে আমি ইউক্ৰেইনৰ সৈতে আছো।

ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত দেশখনৰ ইউৰোপীয় মিত্ৰ দেশসমূহৰ এখন সন্মিলনৰ পূৰ্বে দুয়োগৰাকী নেতাই বৈঠকত মিলিত হয়। ৱাশ্বিংটনৰ হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে.ডি. ভেন্সৰ সৈতে বৈঠকত উত্তপ্ত বাক্য বিনিময়ৰ পিছত ব্ৰিটেইন ভ্ৰমণলৈ গৈছে জেলেনস্কি।

Apply Now

১০ নং ডাউনিং ষ্ট্ৰীটত উপস্থিত হোৱাৰ লগে লগে ষ্টাৰমাৰে জেলেনস্কিক উষ্ম আদৰণি জনায়। পিছত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সেই সময়ত ষ্টাৰমাৰে কয়, “যিমান দিন প্ৰয়োজন হয় আমি ইউক্ৰেইনৰ কাষত থিয় দিম।”

ষ্টাৰমাৰে ইউক্ৰেইনত স্থায়ী শান্তি অৰ্জনৰ বাবে নিজৰ “অটল দৃঢ় সংকল্প”কো পুনৰবাৰ উল্লেখ কৰে। বিবিচিয়ে জনোৱা মতে, ব্ৰিটেইনে ইউক্ৰেইনক ২.২৬ বিলিয়ন পাউণ্ড ঋণ দিবলৈ সন্মত হৈছে যাতে দেশখনৰ প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাত সহায় হয়।

জেলেনস্কিয়ে ষ্টাৰমাৰক তেওঁৰ সহায়ৰ বাবে ধন্যবাদ জনায়। এনে অংশীদাৰ আৰু বন্ধু পাই আমি গৌৰৱান্বিত বুলিও তেওঁ কয়।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, “যুদ্ধৰ আৰম্ভণিৰে পৰাই ইমান ডাঙৰ সহায় আগবঢ়োৱাৰ বাবে আমি যুক্তৰাজ্যৰ নাগৰিকসকলক ধন্যবাদ জনাইছো।”

দেওবাৰে ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ সৈতে সাক্ষাৎ কৰাৰ কথা আছে জেলেনস্কিয়ে। এই বৈঠকৰ বাবে অনুৰোধ মঞ্জুৰ কৰাৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ৰজাক ধন্যবাদ জনায়।

ইয়াৰ পূৰ্বে শুকুৰবাৰে জেলেনস্কিয়ে হোৱাইট হাউছৰ অভাল অফিচত ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰে। বৈঠকৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত এক অভূতপূৰ্ব বাক্ বিতণ্ডাৰ সৃষ্টি হয়।

যি পৰিস্থিতিৰ সৃষ্টি হ’ল, সেই পৰিস্থিতিত ইউক্ৰেইনৰ খনিজ সম্পদৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ সন্দৰ্ভত দুয়োগৰাকী নেতাই চুক্তি স্বাক্ষৰ কৰাৰ কথা আছিল যদিও শেষত সেয়া নহ’ল। যৌথ সংবাদমেল বাতিল কৰা হয়। ইয়াৰ কিছু সময়ৰ পিছতে জেলেনস্কিক হোৱাইট হাউছ এৰি যোৱা দেখা গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am
‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am
‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd