• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘অসমৰ সমূহ খাটিখোৱা, শ্ৰমজীৱী জনসাধাৰণৰ মানৱিক অধিকাৰ অক্ষুণ্ণ ৰাখক’ উকি ৰিচাৰ্ছ কালেক্টিভ

উকি ৰিচাৰ্ছ কালেক্টিভৰ অসম চৰকাৰলৈ এক গোহাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2020 2:07 pm
index.jpg112

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে বিশ্বব্যাপি সংহাৰীৰূপ ধাৰণ কৰা মহামাৰী ক’ৰ’না ভাইৰাছে আহি উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিছে। মণিপুৰৰ এগৰাকী ২৩ বছৰীয়া যুৱতী শৰীৰত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

আনহাতে ভাৰতত আক্ৰান্ত সংখ্যা ৫২৪ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ইতিমধ্যে ১০ আক্ৰান্তৰ মৃত্যু ঘটিছে।

Apply Now

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত দেশৰ আটাইবোৰ ৰাজ্যতে ল’কডাউন কৰা হৈছে।  এনে এক সময়তে উকি ৰিচাৰ্ছ কালেক্টিভ-এ ৰাজ্য মুখ্যমন্ত্ৰীলৈ এক গোহাৰি পত্ৰ প্ৰেৰণ কৰিছে।

এই গোহাৰিৰ যোগে উকি ৰিচাৰ্ছ কালেক্টিভে ল’কডাউনৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’বলগীয়া সাধাৰণ খাটি খোৱা তথা দৈনিক আয়ৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা সাধাৰণ শ্ৰেণী আৰু চাহশ্ৰমিকৰ বাবে চৰকাৰে দৈনিক  ভাট্টা প্ৰদানৰ লগতে ৰেচন পাতি বিনামূলীয়াকৈ যোগান ধৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে।

এই সম্পৰ্কত উকিয়ে গোহাৰি পত্ৰত উল্লেখ কৰি চৰকাৰক আহ্বান  জনাইছে যে, ‘এই সংকটৰ মুহূৰ্তত অসম চৰকাৰে জনসাধাৰণৰ সকলো অংশৰ প্ৰতি দায়িত্ব পালন কৰাৰ সময়; আৰ্থিক-সামাজিকভাৱে পিছপৰাসকলক সম্পূৰ্ণৰূপে বিপৰ্যস্ত হোৱাৰ পৰা কল্যাণকামী আঁচনিৰে ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব চৰকাৰৰ। আমি দাবী কৰোঁ যে প্ৰাথমিক পৰ্যায়তে অসম চৰকাৰে নিম্নলিখিত দিশকেইটা কাৰ্যকৰী কৰক—

১. সমাজৰ পিছপৰা, দৰিদ্ৰ লোকসকলক নিৰ্দিষ্ট সময়লৈকে বিনামূলীয়াকৈ, চৰকাৰী ব্যৱস্থাৰে অত্যাৱশ্যকীয় খাদ্য, ৰচদ-পাতিৰ যোগান ধৰক।

২. তেওঁলোকৰ পৰীক্ষণকে ধৰি চিকিৎসাৰ ব্যৱস্থা বিনামূলীয়া হোৱাটো সুনিশ্চিত কৰক। ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰসমূহত  নিম্ন আয়ৰ লোকৰ ক্ষেত্ৰত ক’ৰ’ণা ভাইৰাছ পৰীক্ষণৰ ব্যৱস্থা বিনামূলীয়া কৰক।

৩. চাহবাগানসমূহৰ শ্ৰমিকক বিৰতি দিয়ক। চাহ বাগান কোম্পানীসমূহৰ সৈতে অসম চৰকাৰে যৌথভাৱে জৰুৰীকালীন সময়ৰ বাবে বিত্তীয় নিধি প্ৰতিষ্ঠা কৰক।

৪. জীৱিকাৰ ক্ষেত্ৰত আহি পৰা বাধাৰ বাবে সকলো আৰ্থিক-সামাজিকভাৱে পিছপৰা শ্ৰমজীৱীক এক নিৰ্দিষ্ট পৰিমাণৰ ভাট্টা প্ৰদান কৰক।

৫. ইতিমধ্যে প্ৰচলিত বৃদ্ধ পেঞ্চনৰ দৰে কল্যাণকামী আঁচনিত ধনৰ পৰিমাণ নিৰ্দিষ্ট সময় এচোৱালৈ বৃদ্ধি কৰক।

৬. অসমৰ নানান অঞ্চলৰ জনসাধাৰণৰ মাইক্ৰ’ ফাইনেন্সৰ পাশজৰীত বন্দী। বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য ৰাখি ঋণৰ ধন আদায় কৰোৱাৰ পৰা বিত্তীয় প্ৰতিষ্ঠানসমূহক বিৰত ৰাখক।

ইফালে পথ-ব্যৱসায়ী সন্থাই অসম চৰকাৰক দৈনিক ন্যূনতম ৫০০ টকা ভাট্টা দাবী কৰিছে যিদও চৰকাৰে কোনো সঁহাৰি নজনোৱাৰ বাবে উকিয়ে উদ্বেগ প্ৰকাশ কৰি গোহাৰি পত্ৰত কয়, পথ-ব্যৱসায়ী সন্থাই ৰাজ্য চৰকাৰক এই সময়চোৱাৰ বাবে দৈনিক পাঁচশ টকাৰ ভাট্টাৰ দাবী জনাইছে যদিও প্ৰশাসনে কোনো সঁহাৰি জনোৱা পৰিলক্ষিত হোৱা নাই।

লক্ষণীয় যে পদপথ ব্যৱসায়ীসকল সন্থাৰ জৰিয়তে সংগঠিত হৈ থকা সূত্ৰে তেওঁলোকে চৰকাৰৰ ওচৰত দাবী জনাবলৈ সক্ষম হৈছে। কিন্তু, অসংগঠিতভাৱে থকা শ্ৰমিক, খেতিয়ক আদিৰ সংখ্যা অসমত তাতোকৈ বহুগুণে অধিক হ’ব।

ইতিমধ্যে, নিয়ন্ত্ৰণমূলক ব্যৱস্থাৰ জৰিয়তে অৰ্থনৈতিক কাঠামোৰ ওপৰত পৰা হেঁচাই তেওঁলোকৰ বহুতৰে দৈনন্দিন জীৱীকাত বিঘিনি জন্মাইছে — ৰে’ল পৰিবহণ বন্ধ হৈ পৰা সূত্ৰে তেওঁলোকৰ সমস্যা অধিক বৃদ্ধি হ’ব।

লগতে উকিয়ে কয়,ল’কডাউনৰ দৰে ব্যৱস্থাৰ এক ওপৰৰ পৰা জাপি দিয়াধৰণৰ কাঠামো থাকিলেও ইয়াৰ প্ৰয়োজনীয়তা এই সময়ত নুই কৰিব নোৱাৰি। কিন্তু, জনসমাগম নিয়ন্ত্ৰণৰ ব্যৱস্থা, ৰাজহুৱা পৰিবহণৰ ওপৰত নিয়ন্ত্ৰণ, বজাৰ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি ল’কডাউনলৈকে — গোটেই প্ৰক্ৰিয়াটোৱে সামগ্ৰিক অৰ্থনৈতিক ব্যৱস্থাক স্থবিৰ কৰি ৰাখে।

ইয়াৰ আটাইতকৈ ক্ষতিকাৰক প্ৰভাৱ পৰে সমাজৰ নিম্নশ্ৰেণীৰ, খাটি খোৱা শ্ৰমিক-খেতিয়ক মানুহচামৰ ওপৰত। এফালে, মহামাৰীৰ আশংকাৰ মাজতো ক্ষেত্ৰবিশেষে শ্ৰমিক শ্ৰেণীক কামত নিয়োজিত কৰি ৰখা হয়।

আনহাতে, বিভিন্ন নিয়ন্ত্ৰণমূলক ব্যৱস্থাৰ বাবে দৈনিক হাজিৰা এৰি দিবলৈ বাধ্য হ’লে, বন্ধ হৈ পৰা ব্যৱসায়িক ক্ষেত্ৰত কামৰ অভাৱ ঘটিলে, অথবা কৃষি ক্ষেত্ৰত বিৰতি পৰিলে এওঁলোকেই পেটত গামোচা মাৰিবলগীয়া পৰিস্থিতি আহি পৰে।

সেয়ে উকিয়ে বিনামূলীয়া ৰেচন যোগানৰ লগতে দৈনিক ভাট্টা প্ৰদানৰ বাবে গোহাৰি যোগে অসম চৰকাৰক আহ্বান জনাইছে।

লগতে উকিয়ে ভাৰতৰ স্বাস্থ্য খণ্ডৰ সীমাৱদ্ধতাক লৈও উদ্বেগ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd