• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনৰ সময়তেই দেওবাৰে নিশা ইউক্ৰেইনে প্ৰায় ১৬০০ ড্ৰোনেৰে চলোৱা সৰ্ববৃহৎ আক্ৰমণত মস্কোৰ কেপোটনিয়া তেল শোধনাগাৰৰ লগতে কেইবাটাও আৱাসিক ভৱন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাজনো লোক হতাহতিৰ সন্মুখীন হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2026 3:17 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে নিশা ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত ১৬০০ৰো অধিক ড্ৰোনেৰে এক বৃহৎ আক্ৰমণ সংঘটিত কৰিছে। ৰাছিয়াৰ ৰাজধানী মস্কোৰ মেয়ৰ চাৰ্গেই ছবিয়ানিনে ইয়াক ৰাজধানীখনৰ ওপৰত হোৱা সৰ্ববৃহৎ ড্ৰোন আক্ৰমণ বুলি অভিহিত কৰিছে। চৰকাৰী সূত্ৰই জনোৱা মতে, ইয়াৰে প্ৰায় ৪৫০ টা ড্ৰোন কেৱল মস্কো চহৰলৈ লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল। ৰাছিয়াৰ প্ৰথমটো যুদ্ধকালীন সংসদীয় নিৰ্বাচনৰ তৃতীয় তথা অন্তিম দিনটোতেই এই বৃহৎ আক্ৰমণৰ ঘটনা সংঘটিত হয়। মেয়ৰ ছবিয়ানিনে টেলিগ্ৰামযোগে দাবী কৰে যে ইউক্ৰেইনে নিৰ্বাচন প্ৰক্ৰিয়া ব্যাহত কৰাৰ লক্ষ্যৰেই এই অভূতপূৰ্ব আক্ৰমণৰ পৰিকল্পনা কৰিছিল, অৱশ্যে শত্ৰুপক্ষ এই ক্ষেত্ৰত সফল হ’ব পৰা নাই বুলি তেওঁ প্ৰকাশ কৰে।

 

Apply Now

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে পৃথকে প্ৰকাশ কৰা অনুসৰি, ৰাছিয়াৰ সেনাই অধিকৃত ক্ৰিমিয়া আৰু কৃষ্ণ সাগৰকে ধৰি সমগ্ৰ দেশজুৰি ১১০০ টা ড্ৰোন ধ্বংস কৰিবলৈ সক্ষম হয়। অৱশ্যে মস্কোলৈ নিক্ষেপ কৰা প্ৰতিটো ড্ৰোন আকাশতে নিষ্ক্ৰিয় কৰাত ৰাছিয়া ব্যৰ্থ হয়। মেয়ৰ ছবিয়ানিনে পাছলৈ স্বীকাৰ কৰে যে মস্কোলৈ নিক্ষেপ কৰা প্ৰায় ৪৫০ টা ড্ৰোনৰ ভিতৰত এটা ড্ৰোনে কেপোটনিয়া তেল শোধনাগাৰত আঘাত হনাৰ ফলত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সৃষ্টি হয়। ইয়াৰ উপৰি চহৰখনৰ আন এটা আৱাসিক ভৱনতো ড্ৰোনে আঘাত হানে। এই আক্ৰমণৰ ফলশ্ৰুতিতে মস্কোৰ দুটা বিমান বন্দৰত বিমান চলাচলৰ ক্ষেত্ৰতো সাময়িক নিষেধাজ্ঞা আৰোপ কৰিবলগীয়া হয়। আনহাতে, মস্কো অঞ্চলৰ গৱৰ্ণৰ আন্দ্ৰেই ভৰোবিয়ভে এই সমগ্ৰ অঞ্চলটোত হোৱা আক্ৰমণক ব্যাপক বুলি অভিহিত কৰি ২৪৯ টা ড্ৰোন ধ্বংস কৰা বুলি জানিবলৈ দিয়ে। অঞ্চলটোত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ছজন আহত হৈছে বুলি তেওঁ প্ৰকাশ কৰে। কেইবাটাও আৱাসিক গৃহ আৰু এটা স্থানীয় গুডামত জুই লগাৰ কথাও গৱৰ্ণৰগৰাকীয়ে সদৰী কৰে।

 

আক্ৰমণৰ ফলত চহৰখনৰ ভিতৰভাগতো দুগৰাকী লোকৰ প্ৰাণহানি ঘটিছে। ছফিয়িনো অঞ্চলত এটা তিনিমহলীয়া এপাৰ্টমেণ্টত ড্ৰোনে আঘাত হনাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী শিশুসহ পাঁচজন লোক আহত হয়। ওৰেখোভো-জুয়েভো জিলাত ড্ৰোনৰ আক্ৰমণত এটা ব্যক্তিগত বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈ জুই লগাৰ ফলত এজন বৃদ্ধৰ মৃত্যু হয়। ইয়াৰ লগতে ৰামেনস্কয় অঞ্চলত এটা একৈশ মহলীয়া এপাৰ্টমেণ্টৰ চালত জুই লগাৰ পাছত প্ৰায় ৪০০ আৱাসীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। দুয়োখন দেশৰ মাজত শক্তি, পৰিবহণ আৰু লজিষ্টিক আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ তীব্ৰতৰ হৈ পৰাৰ সময়তে এই শেহতীয়া ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে, শনিবাৰে ইউক্ৰেইনৰ কিয়েভ আৰু চুমি অঞ্চলত ৰাছিয়াই চলোৱা আক্ৰমণত তিনিগৰাকী শিশুসহ আঠজন লোক নিহত হৈছিল বুলি এগৰাকী ইউক্ৰেইনৰ বিষয়াই প্ৰকাশ কৰিছে।

 

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এক্সযোগে এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে। তেওঁ উল্লেখ কৰে যে এই নিশাৰ অভিযানত ৰাছিয়াৰ এক গুৰুত্বপূৰ্ণ তেল প্ৰতিষ্ঠান আৰু এটা লজিষ্টিক কেন্দ্ৰত আঘাত হনা হৈছে, যিয়ে যুদ্ধৰ বাবে কোটি কোটি ডলাৰৰ ক্ষতিসাধন কৰিছে। জেলেনস্কিয়ে ইউক্ৰেইনত থলুৱাভাৱে নিৰ্মিত ফ্লেমিংগো আৰু পালিয়ানিটছিয়াৰ দৰে ড্ৰোন তথা মিছাইল ব্যৱস্থাক এই সফলতাৰ শ্ৰেয় প্ৰদান কৰে। কিয়েভে ৰাছিয়াৰ ভৰোনেজ অঞ্চলৰ এটা প্ৰতিষ্ঠানৰ ওপৰত নতুন নিষেধাজ্ঞা আৰোপ কৰি এই আক্ৰমণক সমৰ্থন জনোৱা বুলিও তেওঁ প্ৰকাশ কৰে। অন্যান্য অঞ্চলৰ বিনিময়ত আকাশী প্ৰতিৰক্ষা ব্যৱস্থা বৃদ্ধি কৰি যোৱাৰ পৰিৱৰ্তে মস্কোক শান্তিৰ পথ বাছি ল’বলৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰবাৰ আহ্বান জনায়।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd