• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাৰ্থ শেষ! আমেৰিকা-ৰাছিয়াৰ শান্তি আলোচনালৈ আমন্ত্ৰণ জনোৱা হোৱা নাই ইউক্ৰেইনক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2025 12:26 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ লক্ষ্যৰে আমেৰিকা আৰু ৰাছিয়াৰ মাজত আলোচনাত কিয়েভক আমন্ত্ৰণ জনোৱা হোৱা নাই। ইউক্ৰেইন চৰকাৰৰ এক উচ্চ পৰ্যায়ৰ সূত্ৰই বিবিচিক এই তথ্য প্ৰকাশ কৰিছে।

ইউক্ৰেইনৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিশেষ দূত কিথ কেলগে অৱশ্যে সোমবাৰে ছৌদি আৰৱত অনুষ্ঠিত হ’বলগীয়া আলোচনাত কিয়েভে অংশগ্ৰহণ কৰিব বুলি কয়।

Apply Now

কিন্তু ইউক্ৰেইন চৰকাৰৰ এক উচ্চ পৰ্যায়ৰ সূত্ৰই কয় যে কিয়েভৰ কোনো প্ৰতিনিধি দল এই আলোচনাত উপস্থিত নাথাকে। আনকি ইউৰোপীয় নেতাসকলকো এই আলোচনাত যোগদান কৰিবলৈ মতা হোৱা নাই।

ইফালে, ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ আজি ইউৰোপীয় নেতাসকলে জৰুৰী বৈঠক অনুষ্ঠিত কৰিবলৈ ওলাইছে। এই সন্মিলন ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ’ব। এই সন্মিলনৰ আয়োজন কৰিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে। ইউৰোপক ৰাছিয়াৰ সৈতে আমেৰিকাৰ আলোচনাত অন্তৰ্ভুক্ত নকৰাৰ বাবেই ইউৰোপীয় নেতাসকলে এই জৰুৰী সন্মিলনখন অনুষ্ঠিত কৰিছে।

যোৱা সপ্তাহত ৱাশ্বিংটনে ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত নিজৰ দৃষ্টিভংগীৰ এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিছিল। ইউক্ৰেইনক লৈ এক অস্থিৰ সপ্তাহৰ অন্তত এতিয়া বিভিন্ন দলে পৃথক পৃথক বৈঠক অনুষ্ঠিত কৰিছে।

হোৱাইট হাউছৰ মধ্যপ্ৰাচ্যৰ দূত ষ্টিভ উইটকফে নিশ্চিত কৰিছে যে তেওঁ দেওবাৰে সন্ধিয়া ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকা আৰু ৰাছিয়াৰ মাজত প্ৰথমখন মুখামুখি আলোচনাৰ বাবে চৌদি আৰৱলৈ গৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে দেওবাৰে কয় যে তেওঁৰ দূত ষ্টিভ উইটকফে ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ কৰিছে। প্ৰায় তিনি ঘণ্টা ধৰি দুয়োৰে বৈঠক হৈছিল।

ষ্টিভ উইটকফ এজন কোটিপতি। তেওঁ এজন ৰিয়েল এষ্টেট ডেভেলপাৰ। তেওঁ ট্ৰাম্পৰ বন্ধু। গাঞ্জা ৰখাৰ অভিযোগত ৰাছিয়াত কাৰাবন্দী হৈ থকা এজন আমেৰিকান শিক্ষকৰ মুক্তি নিশ্চিত কৰিবলৈ যোৱা সপ্তাহত ষ্টিভ উইটকফে মস্কোলৈ গৈছিল।

ছৌদি আৰৱত অনুষ্ঠিত হ’বলগীয়া আলোচনাত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজেও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ট্ৰাম্পৰ ফোন কলৰ এসপ্তাহ নৌহওঁতেই ছৌদি আৰৱত অনুষ্ঠিত হৈছে এই বৈঠক। যোৱা বুধবাৰে ট্ৰাম্প আৰু পুটিনে ফোনযোগে কথা পাতিছিল। ইয়াৰ ফলত ৱাশ্বিংটন আৰু মস্কোৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ তিনি বছৰীয়া অচলাৱস্থাৰ অন্ত পৰিল।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে বাৰে বাৰে কৈছে যে কিয়েভক আলোচনাৰ পৰা আঁতৰাই ৰখা কোনো শান্তি চুক্তি তেওঁ মানি নলয়।

দেওবাৰে আমেৰিকাৰ টেলিভিছন নেটৱৰ্ক এনবিচিক জেলেনস্কিয়ে কয় যে ইউক্ৰেইন সন্দৰ্ভত আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ কোনো সিদ্ধান্ত তেওঁ কেতিয়াও মানি নলয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd