• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইউক্ৰেইনত দুৰ্নীতিৰ অভিযোগত মন্ত্ৰীসহ নিলম্বন শীৰ্ষ বিষয়াক

ইউক্ৰেইনৰ মন্ত্ৰীসহ কেইবাজনো শীৰ্ষ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ অভিযোগত বৰ্খাস্ত হৈছে কেইবাজনো শীৰ্ষ বিষয়া। ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰপতিৰ এজন শীৰ্ষ উপদেষ্টা, চাৰিজন সহকাৰী মন্ত্ৰী আৰু ৫জন আঞ্চলিক ৰাজ্যপাল।ইউক্ৰেইনৰ মন্ত্ৰীসহ কেইবাজনো শীৰ্ষ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ অভিযোগত বৰ্খাস্ত হৈছে কেইবাজনো শীৰ্ষ বিষয়া। ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰপতিৰ এজন শীৰ্ষ উপদেষ্টা, চাৰিজন সহকাৰী মন্ত্ৰী আৰু ৫জন আঞ্চলিক ৰাজ্যপাল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 8:06 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনত দুৰ্নীতিৰ অভিযোগত মন্ত্ৰীসহ নিলম্বন শীৰ্ষ বিষয়াক

ৰুছ ইউক্ৰেইনৰ যুদ্ধৰ মাজতে যেন দুৰ্নীতিয়ে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনক। যুদ্ধৰ মাজতে ইউক্ৰেইনৰ মন্ত্ৰীসহ কেইবাজনো শীৰ্ষ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ অভিযোগত বৰ্খাস্ত হৈছে কেইবাজনো শীৰ্ষ বিষয়া। ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰপতিৰ এজন শীৰ্ষ উপদেষ্টা, চাৰিজন সহকাৰী মন্ত্ৰী আৰু ৫জন আঞ্চলিক ৰাজ্যপাল।

Apply Now

দুৰ্নীতিৰ এই অভিযোগ উত্থাপন হোৱাৰ পিছতেই ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এই অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁৰ নিৰ্দেশৰ পিছতে আৰম্ভ হয় দুৰ্নীতি বিৰোধী অভিযান।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পোৱা খবৰ অনুসৰি শেহতীয়াকৈ কেইবাজনো মন্ত্ৰী আৰু চৰকাৰী বিষয়াৰ বিৰুদ্ধে উৎকোচ, খাদ্য জমা কৰি অধিক মূল্যত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰে এজনে চৰকাৰী ধনেৰে বিলাসী জীৱন যাপন কৰাৰ অভিযোগ উত্থাপন হৈছে।

ৰাষ্ট্ৰপতিৰ উপদেষ্টা মাইখাইলো পডোলিয়াকে কয় যে দুৰ্নীতিগ্ৰস্ত বিষয়াক ন্যায়ৰ কাষ চাপিবলৈ ৰাইজৰ পৰা দাবী উত্থাপন হৈছে। এনে পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰথম পৰ্যায়ৰ দুৰ্নীতি বিৰোধী অভিযানত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে চৰকাৰী অনুমতি অবিহনে চৰকাৰী উচ্চপদস্থ বিষয়াসকলক দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি মঙলবাৰে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সহকাৰী মুৰব্বী কিৰিলো টিমোচেংকোক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। যোৱা ফেব্ৰুৱাৰী মাহত ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনত আক্ৰমণ আৰম্ভ কৰাৰ পিছত টিমোচেংকোৱে জেলেনস্কি চৰকাৰৰ মুখপাত্ৰৰ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ বিৰুদ্ধে চৰকাৰী পুঁজিৰে বিলাসী গাড়ী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে এই অভিযোগ তেওঁ অস্বীকাৰ কৰে।

চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত টেলিগ্ৰামত টিমোচেংকোৱে জেলেনস্কিক তেওঁ “প্ৰতিদিনে আৰু প্ৰতিটো মুহূৰ্ততে ভাল কাম কৰিবলৈ” সুযোগ দিয়াৰ বাবে ধন্যবাদ জনায় ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd