যুদ্ধৰ খবৰ: এদিনতে ৰাছিয়াৰ চাৰিখন যুদ্ধবিমান গুলীয়াই ভূপতিত কৰাৰ দাবী ইউক্ৰেইনৰ

war-scene

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ছবি।

ইউক্ৰেইনৰ সেনা বাহিনীয়ে এদিনতে ৰাছিয়াৰ চাৰিখন যুদ্ধবিমান তথা হেলিকপ্টাৰ গুলীয়াই ভূপতিত কৰা বুলি দাবী কৰিছে।

বিবিচিৰ বাতৰি অনুসৰি, ইউক্ৰেইনৰ ষ্টাফ অফ আৰ্মড ফ’ৰ্চেছৰ দৈনিক যুদ্ধৰ তথ্যত সোমবাৰে এই কথা সদৰী কৰা হয়।

তেওঁলোকে দাবী কৰা মতে বিগত ২৪ঘন্টাত ইউক্ৰেইনৰ সেনা বাহিনীয়ে ৰাছিয়াৰ তিনিখন হেলিকপ্টাৰ আৰু এখন মানৱবিহীন যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰাত সফল হৈছে।  

লগতে পঢ়ক: যুদ্ধবিধস্ত ইউক্ৰেইনত মৃত্যৰ কিৰীলি: ৰাছিয়াৰ আক্ৰমণত কেৱল মাৰিঅ’পোলত মৃত্যু হৈছে ২,৫০০ সাধাৰণ নাগৰিকৰ!

তদুপৰি, তেওঁলোকে দাবী কৰিছে যে ইউক্ৰেইনৰ ভূখণ্ডত ৰচদপাতি সৰবৰাহ ব্যহত কৰিবলৈ ৰাছিয়াৰ যুদ্ধ শিৱিৰ আৰু গুডামসমূহত ইউক্ৰেইনে আক্ৰমণ আৰম্ভ কৰিছে।

অৱশ্যে ইউক্ৰেইনৰ এই দাবী বিবিচিয়ে নিৰপেক্ষভাৱে অনুসন্ধান কৰিবলৈ সক্ষম হোৱা নাই।

লগতে পঢ়ক: বুধবাৰৰ পৰা দেশত ১২-১৪ বছৰ বয়সৰ শিশুৰ টিকাকৰণ, আৰম্ভ হ’ব ৬০ ৰ উৰ্ধৰ বুষ্টাৰো

উল্লেখ্য যে যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা বিশ্বৰ অন্যতম শক্তিধৰ দেশ ৰাছিয়াই পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অন্তৰ্গত দেশ ইউক্ৰেইনত সামৰিক অভিযান চলাইছে। সোমবাৰে এই অভিযানে ১৯ দিন স্পৰ্শ কৰিছে।