ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভত ইউক্ৰেইনৰ সৈন্যৰ পৰিয়ালে ৰাছিয়াৰ বিৰুদ্ধে নতুন অভিযোগ উত্থাপন কৰে। শেহতীয়াকৈ ইউক্ৰেইনৰ এজন যুদ্ধবন্দীৰ পত্নীয়ে কয় যে ৰাছিয়াৰ সেনা বিষয়াসকলে আহত আৰু মৃত ইউক্ৰেইনৰ সৈন্যৰ পৰা বিভিন্ন অংগ-প্ৰত্যংগ কাঢ়ি লৈছে। সেইবোৰ অধিক মূল্যত বিক্ৰী কৰা হৈছে।
যুদ্ধ এতিয়াও পূৰ্ণগতিত চলি আছে। ৰাছিয়াৰ আক্ৰমণত সমগ্ৰ পূব আৰু উত্তৰ-পূব ইউক্ৰেইনৰ বিশাল অঞ্চল সম্পূৰ্ণৰূপে ধ্বংস হৈছে। এই যুদ্ধৰ ফলত কমেও ১০ হাজাৰ ইউক্ৰেইনৰ সৈনিক ৰাছিয়াৰ হাতত বন্দী হৈ আছে। এতিয়া তেওঁলোকৰ বিষয়ে এই চাঞ্চল্যকৰ অভিযোগ সন্মুখলৈ আহিছে।
বিভিন্ন সূত্ৰৰ মতে, ইউক্ৰেইনৰ জোৱানৰ মৃতদেহ ৰাছিয়াই ঘূৰাই দিয়াৰ পিছত তেওঁলোকৰ বহুতৰে শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ নোহোৱা হৈছে। ৰাছিয়াই অৱশ্যে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে।
লগতে পঢ়কঃ ছুটীত থকা ‘অগ্নিবীৰ’ হৈ পৰিল কুখ্যাত ডকাইতি দলৰ নেতা, গ্ৰেপ্তাৰ আৰক্ষীৰ
মাৰিঅ’পলত ইউক্ৰেইনৰ এটা বাহিনীৰ মুৰব্বী লাৰিছা চালায়েভাই তুৰস্কত অনুষ্ঠিত এখন বৈঠকত কয় যে, ‘আমি লাভ কৰা সকলো মৃতদেহতে নিৰ্যাতনৰ লক্ষণ দেখা গৈছে। কেৱল নিৰ্যাতনৰ চিন নহয়, আমি এনে মৃতদেহো পাইছো যাৰ বহু অংগ নাই। আমাৰ মতে ৰাছিয়া চৰকাৰ নিশ্চিতভাৱে অবৈধভাৱে অংগ সৰবৰাহৰ বজাৰত জড়িত। আমাৰ যুদ্ধবন্দীসকলৰ লগত এইবোৰ ঘটি আছে। ফলত আমি বিচাৰো যে ৰাছিয়াই কি কৰিছে সেয়া সমগ্ৰ বিশ্বই জানক।
ইউক্ৰেইনে এই সন্দৰ্ভত তুৰস্কৰ সহায় বিচাৰিছে। লাৰিছাই কয় যে তেওঁলোকে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানৰ ওচৰত আবেদন কৰিব। এটা স্বতন্ত্ৰ চিকিৎসা আয়োগকো অৱগত কৰা হ’ব।
লগতে পঢ়কঃ Olympics 2024: আজিৰে পৰা আৰম্ভ অলিম্পিক, উদ্বোধনত চমকৰ পিছত চমক! ক’ত, কেতিয়া, কেনেকৈ চাব অনুষ্ঠান
লাৰিছাই কয়, “আমি তুৰস্কক এই বিষয়ত সক্ৰিয় পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছো। অন্ততঃ মানৱ অধিকাৰৰ বিষয়বোৰক চৰ্চালৈ আনিবলৈ। আমাৰ ল’ৰাবোৰে ৰাছিয়াৰ দখলদাৰীসকলৰ পৰা যি শাৰীৰিক অৱস্থাত ঘূৰি আহিছে সেয়া তাব পৰা নাযায়। কি ্ৱস্থাত তেওঁলোকক এনেদৰে অত্যাচাৰ কৰা হৈছে সেয়া তদন্ত কৰা দৰকাৰ।