• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেঁচা তেজৰ বিনিময়ত থলগিৰি সুৰক্ষাৰ চুক্তি নে পেকেজ ! আলফা(স্বাঃ) সক্ৰিয় হৈ থকা অৱস্থাত শান্তি কিদৰে সম্ভৱ?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 30, 2023 6:16 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনীয়া সংগ্ৰাম, দাবী আৰু প্ৰতীক্ষাৰ অন্ত পেলাই যোৱা ২৮ ডিচেম্বৰ তাৰিখে আলোচনাপন্থী আলফা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত হয় এখন ত্ৰিপাক্ষিক শান্তি চুক্তি। এই শান্তি চুক্তিৰ পিছতেই অসমলৈ শান্তি ঘূৰি অহাৰ দাবী কৰিছে চৰকাৰী পক্ষই। আক্ষেপপূৰ্ণভাবে নিজকে সম্বৰণ কৰি আলফা নামৰ আলোচনা পন্থী গোটটো ভংগ কৰা বুলি ঘোষণা কৰিছে গোটটোৰ নেতা সকলে। 

দীৰ্ঘদিনীয়া আলোচনা প্ৰক্ৰিয়াৰ অন্তত চৰকাৰৰ লগত হোৱা এই চুক্তিত কি কি আছে থোৰতে জানি লও আহক – 

১। সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধীনত ৯৪টা সমষ্টিত খিলঞ্জীয়াৰ সুৰক্ষা। ভৱিষ্যতেও সমষ্টি পুনৰ নিৰ্ধাৰণ কালতো বাহাল থাকিব এই নীতি ।

Apply Now

২ । পঞ্চায়ত আৰু নগৰ সমিতিসমূহত অ’ বি চিৰ সংৰক্ষণৰ বিষয়টো পৰীক্ষাৰ বাবে কমিটী গঠন।

৩।  অবৈধ বিদেশীৰ নাম যাতে ভোটাৰ তালিকাত অন্তভুক্ত নহয়, তাৰ বাবে ভোটাৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ পুনৰীক্ষণ।

৪।  শিক্ষা আৰু নিয়োগৰ সুবিধাৰ বাবে অ’ বি চিসকলৰ শ্ৰেণী বিভাজন কৰি সেইমতে অর্থনৈতিক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ এক কমিটী গঠন।

৫।  উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এন আৰ চিৰ পুনৰীক্ষণ আৰু ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰীকৰণ।

৬।  অবৈধ অনুপ্ৰৱেশ ৰোধৰ বাবে সীমান্তত সুৰক্ষা আৰু সীমান্ত আৰক্ষীৰ শক্তিশালীকৰণ।

৭। ভূমি সম্পৰ্কীয় তথ্যপাতিসমূহৰ ডিজিটাইজেচন।

৮।  কৃষিভূমিৰ সুৰক্ষা।

৯। চৰকাৰী আৰু বনভূমিৰ বেদখল ৰােধ।

১০। ভূমিৰ গৰাকীৰ ভূমি স্বত্বৰ বাবে বিধেয়কৰ প্ৰস্তাৱ।

১১। বেদখলমুক্ত কৰা ভূমিক লৈ লেণ্ড বেংক স্থাপন আৰু খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি আবণ্টন দিয়া।

১২। মৃতপ্ৰায় চাহ বাগিচাসমূহৰ বিষয়ে অধ্যয়ন কৰিবলৈ কমিটী গঠন আৰু বাগিচাসমূহ পুনৰুজ্জীৱিতকৰণ।

১৩। স্বাধীনতাৰ আগৰ সাতখন জিলাৰ সংস্কৃতি, ঐতিহ্য, কলা-ভাস্কৰ্য, মিউজিয়াম আদিৰ সুৰক্ষা আৰু তাৰ বাবে কালচাৰেল একাডেমী আৰু গৱেষণা কেন্দ্ৰ স্থাপন।

১৪। অহা পাঁচ বছৰৰ ভিতৰত এক লাখ কোটি টকা বিনিয়োগেৰে ৬০ টাৰো অধিক আন্তঃগাঁথনি উন্নয়ন প্রকল্প স্থাপন।

১৫ । কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বত পাঁচ হেজাৰ কোটি টকাৰ এক বিশেষ পেকেজ। এই পেকেজৰ অধীনত গুৱাহাটীত আই আই এম, আৰ্কিটেকচাৰ বিদ্যালয়, আই আই এছ ই আৰ, ৰে’লৱে যন্ত্ৰ-পাতি উৎপাদন গোটকে ধৰি প্রায় ৩৬ টা উন্নয়ন প্রকল্প ।

১৬ । বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ।

১৭। চুক্তিখন ৰূপায়ণৰ বিষয়টো পৰ্যবেক্ষণৰ বাবে আলফাৰ প্রতিনিধিক লৈ যৌথ পৰ্যবেক্ষণ কমিটী গঠন।

পিছে এই চুক্তিক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। এই চুক্তিয়ে অসমীয়া জাতিয়ে বিচৰা অধিকাৰ, অসমীয়া থলগিৰি মানুহৰ সংস্কৃতি, অৰ্থনীতি আৰু ৰাজনীতিক সুৰক্ষিত কৰাত বিশেষ ভূমিকা পালন নকৰে বুলি দাবী কৰিছে বিভিন্ন মহলে। 

আলফাৰ নেতা মৃণাল হাজৰিকাই এই চুক্তি সম্পৰ্কে কৈছে- “এইটো পৰ্যায়ত যিখিনি হৈছে সেইখিনিতে সন্তুষ্ট থাকিব লাগিব”। লগতে অনুপ চেতিয়াযো প্ৰদান কৰিছে তদ্ৰুপ মন্তব্য। এই কথাৰ পৰা স্পষ্ট তেওঁলোকে আশা কৰা ধৰণে ১০০% সন্তুষ্ট নহয়৷ আলফাই যিমানখিনি কষ্ট-সংগ্ৰাম কৰিলে সেই অনুপাতে যেন বিশেষ একো নাপালে অসমে ! সেই ইংগিত প্ৰদান কৰিয়েই তেওঁলোকে সংবাদ মাধ্যমৰ আগত এক আৱেগিক মন্তব্য ৰখা দেখা গ’ল।

গুৰুত্বপূৰ্ণ কথাটো হল যে এই চুক্তিৰ দ্বাৰা যি অৰ্থনৈতিক পেকেজ বা উন্নয়নমূলক প্ৰকল্পৰ কথা কোৱা হৈছে, সেইখিনি পাবৰ বাবে হাতত অস্ত্ৰ তুলি লৈ বিদ্ৰোহৰ প্ৰয়োজন নাই। সেইখিনি পাবৰ বাবে কেঁচা তেজৰ ফাকু খেলাৰ প্ৰয়োজন নাই। সেইখিনি পাবৰ বাবে এখন চুক্তিৰ প্ৰয়োজন নাই। সেইখিনি পাবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ১০ বছৰ আলোচনাৰো নাই দৰকাৰ। কিয়নো সেইখিনি উন্নয়নমূলক কাম কৰাটো চৰকাৰৰ দায়িত্ব। আৰু সেইখিনি কাম চৰকাৰে আঁচনি ঘোষণাৰ জৰিয়তেই সম্পাদন কৰিব পাৰে।

মুঠতে ‘অসম চুক্তি”ৰ পৰা আলফাৰ ‘শান্তি চুক্তি’ হোৱালৈকে অসমে প্ৰকৃততে যি বিচাৰি আছিল সেইয়া যেন আজিলৈকে পূৰণ নহল। 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd