আলফাৰ শান্তি আলোচনাত যতি? উদ্বিগ্নতা হীৰেন গোহাঁই, কংগ্ৰেছ, আছুৰ

বুদ্ধিজীৱীজনৰ নেতৃত্বত অনুষ্ঠিত অভিৱৰ্তনখনত অসমৰ সকলো দল-সংগঠন, জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্ব আৰু বহুসংখ্যক প্ৰখ্যাত ব্যক্তিৰ পৰামৰ্শৰ ভিত্তিত গৃ্হীত দাবী চনদৰ আধাৰতে বৰ্তমান চলিত আলোচনাটো আৰম্ভ হৈছিল।

hiren gohain on nrc

হীৰেন গোহাঁই। ফাইল ছবি।

বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়কে বহু প্ৰত্যাশিত ভাৰত-আলফা শান্তি প্ৰক্ৰিয়াকে অন্ত পেলোৱাৰ উপক্ৰম কৰাক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছে আলোচনাটোৰ প্ৰাৰম্ভিক উদ্যোক্তা হীৰেন গোহাঁইৰ লগতে আছু আৰু প্ৰদেশ কংগ্ৰেছে।

ৰাজ্যলৈ পুনৰ ’৮০-৯০ৰ দশকৰ অশান্তজৰ্জৰ পৰিস্থিতি উভটি আহিলে তাৰ বাবে বিধেয়কৰ উদ্যোক্তা বিজেপি নেতৃত্বাধীন চৰকাৰকে জগৰীয়া কৰিব খোজে কেউটা পক্ষই।

২০১০ চনত “সন্মিলিত জাতীয় অভিৱৰ্তন”ৰ জৰিয়তে আলোচনাটোৰ উদ্যোগ লোৱা গোহাঁয়ে নৰ্থ ইষ্ট নাও-ক কয়, “আলফাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত ৰাইজৰ পক্ষত থকা বিষয়টোক আদৰণি জনাম। বিধেয়কখনৰ বাবে যদি তেওঁলোকে আলোচনাৰ পৰা আঁতৰি আহিবলগীয়া হয় তাতো আপত্তি নকৰো। কিন্তু তাৰ ফলত হ’ব পৰা অসমৰ পৰিস্থিতিৰ বাবে দায়ী হ’ব চৰকাৰখন।” বুদ্ধিজীৱীজনৰ নেতৃত্বত অনুষ্ঠিত অভিৱৰ্তনখনতে অসমৰ সকলো দল-সংগঠন, জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্ব আৰু বহু ব্যক্তিৰ পৰামৰ্শৰ ভিত্তিত গৃ্হীত দাবী চনদৰ আধাৰতে বৰ্তমান চলিত আলোচনাটো আৰম্ভ হৈছিল।

বৰ্ষীয়ান বুদ্ধিজীৱীগৰাকীৰ অনুৰূপ মন্তব্যৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় আলোচনা প্ৰক্ৰিয়াটো বিঘ্নিত হোৱা পৰিৱেশলৈ ঠেলি নিনিয়াটো চৰকাৰৰ দায়িত্ব।

“তেওঁলোকৰ এটা জাতীয় দায়বদ্ধতা আছে আৰু জাতিৰ বাবেই তেওঁলোকে সংগ্ৰাম কৰিবলৈ ওলাই গৈছিল। গতিকে জাতিৰ স্বাৰ্থ তেওঁলোকে সদায় আগত ৰখাটো আমি কামনা কৰো। কিন্তু জাতিৰ অস্তিত্ব সংকটাপন্ন হ’লে কেন্দ্ৰীয় চৰকাৰৰ লগত চলি থকা তেওঁলোকৰ আলোচনা অৰ্থহীন হ’ব,” এই মন্তব্য নাথৰ।

লগতে পঢ়ক– কি ইংগিত মৃণাল হাজৰিকা আৰু জিতেন দত্তৰ?

ইপিনে বিজেপি চৰকাৰে গাৰ বলেৰে সকলো কাম কৰিবলৈ যোৱাৰ ফলতেই শান্তি প্ৰক্ৰিয়াত হানি হোৱা বুলি মন্তব্য কৰে অসম বিধান সভাৰ বিৰোধী দলপতি, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।

“এখন গণতান্ত্ৰিক দেশত আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধান কৰা হয়। কিন্তু বিজেপি চৰকাৰে সম্পূৰ্ণ বলপূৰ্বকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰে। তাৰ ফলত উগ্ৰ পন্থা এৰি আলোচনাত থকা আলফাৰ সদস্যসকলেও আলোচনা প্ৰত্যাহাৰৰ কথা চিন্তা কৰিছে,” বিজেপিৰ ক’ৰ্টলৈ বল ঠেলি শইকীয়াৰ মন্তব্য।

“সময় থাকোতেই” সমস্যাটো সমাধান কৰিবলৈও কংগ্ৰেছ নেতাজনে চৰকাৰক আহ্বান জনাইছে।

যোৱা সময়চোৱাত অনুপ চেতিয়াকে ধৰি আলোচনাৰত আলফাৰ বিভিন্ন নেতাই বিধেয়কখনে আলোচনাৰ আধাৰটোকে নাকচ কৰাৰ অভিযোগ কৰি আহিছে।

আলফা নেতা মৃণাল হাজৰিকাই আলোচনা বন্ধ হোৱাৰ “সম্ভাৱনা” আছে বুলি নৰ্থ ইষ্ট নাও-ত শনিবাৰে মন্তব্য কৰিছিল।

হাজৰিকাৰ অস্ত্ৰবিৰত আলফা গোট (কাকপথাৰ কেম্প)ৰ চনদৰ তিনিটা প্ৰধান দাবী আছিল– ভাৰতীয় সংবিধানৰ আধাৰত অসমলৈ অধিক আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ, অসম চুক্তিৰ আধাৰত বিদেশী বহিষ্কাৰ কৰা আৰু অসমত দ্বি নাগৰিকত্বৰ ব্যৱস্থা কৰা।

২০১১ চনৰ পৰা আলোচনালৈ অহা অৰৱিন্দ ৰাজখোৱাপন্থী গোটৰ সৈতে কাকপথাৰ গোটে একেলগে চৰকাৰৰ সৈতে আলোচনা চলাই আছে।