• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৰম স্থিতিত আলফা স্বাধীন! পুনৰ তিনিমাহলৈ বৃদ্ধি কৰিলে যুদ্ধ বিৰতি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2021 11:50 am
Paresh-Baruah-1-750x375-2

আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা।

131
VIEWS
Share on FacebookShare on Twitter

পুনৰ তিনিমাহলৈ বৃদ্ধি কৰা হ’ল আলফা স্বাধীনৰ যুদ্ধ বিৰতি। আলফা(স্বাঃ)ৰ ফালৰ সদৰী কৰিছে এই কথা।

বিগত তিনিমাহ ধৰি আলফা (স্বাঃ) যুদ্ধবিৰত হৈ আছে। যোৱা ১৫ মে’ত সংগঠনটোৱে তিনিমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছিল।

সেই তিনিমাহৰ ম্যাদ আজি উকলিছে। তাৰ পাছতেই পুনৰ তিনিমাহৰ বাবে যুদ্ধ বিৰত হৈ থকাৰ সিদ্ধান্ত লৈছে সংগঠনটোৱে।

উল্লেখ্য যে, আলফা-চৰকাৰৰ আলোচনাৰ ক্ষেত্ৰত দুই পক্ষই সহাঁৰি জনাইছে।

তেনে সময়ত আলফা (স্বাঃ) যুদ্ধ বিৰত হৈ থকা কথাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

সমান্তৰালভাবে এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতৰ স্বাধীনতা দিৱস বৰ্জনৰ কোনো আহ্বান জনোৱা নাই বিদ্ৰোহী সংগঠনটোৱে।

সেই কথাও অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰায় ৪০ বছৰীয়া ইতহিাসত এইবাৰেই প্ৰথম সংগঠনটোৱে ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা বন্ধ ঘোষণা অথবা সশস্ত্ৰ প্ৰতিবাদৰ পৰা বিৰত থাকিব বুলি ঘোষণা কৰিছিল।

যোৱা ১১ আগষ্টত আলফা স্বাধীনে প্ৰেৰণ কৰা এক বিবৃতিত এইবুলি উল্লেখ কৰিছিল যে বৰ্তমান সমগ্ৰ বিশ্বতে কভিড ১৯ ৰ তৃতীয় লহৰ চলি থকাৰ মাজতে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই ভূতৰ ওপৰত দানহৰ দৰে ইয়াৰ ৭৫ সংখ্যক তথাকথিত স্বাধীনতা দিৱস পালন কৰিবলৈ লৈছে।

ঔপনিৱেশিক শাসকৰ এনে চুকতে থাকি বুকুত কামোৰ মৰা স্বভাৱ চূড়ান্ত অন্যায় আৰু অসমত যিটো ঐতিহাসিক ভাবে সম্পূৰ্ণ অপ্ৰাংগিক।

বিবৃতিটোত আলফা (স্বাধীনে)-এ লগতে ইয়াণ্ডাবু সন্ধিৰ প্ৰসংগ উল্লেখ কৰি কৈছিল যে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত মানৰ বিৰুদ্ধে ব্ৰিটিছৰ যুদ্ধৰ পৰিণতিত হোৱা চুক্তিত উভয় পক্ষই অসমৰ সাৰ্বভৌমত্বৰ বিষয়টো মানি লৈছিল।

১৮২৪ চনৰ ১৭ এপ্ৰিলত মানৰ সৈতে হোৱা যুদ্ধৰ পূৰ্বে ব্ৰিটিছে বাংলা ভাষাত প্ৰকাশ কৰা প্ৰচাৰ পত্ৰতো এইবুলি কৈছিল যে ‘ৰাজ্য জয়ৰ লালসাৰে আমি তেওঁলোকৰ দেশত প্ৰৱেশ কৰা নাই…’।

ভাৰতে অসমৰ সাৰ্বভৌমত্ব খৰ্ব কৰাৰ বিৰুদ্ধে খাম ডাঠ থলগিৰি জনতাই পূৰ্বৰে পৰা যি সংগ্ৰাম আৰম্ভ কৰিছিল তাৰ ধাৰা আজিও অব্যাহত আছে বুলি বিবৃতিটোত কোৱা হৈছিল।

শেহতীয়া কভিড পৰিস্থিতি আৰু দক্ষিণ-পূব এছিয়াৰ দেশ সমূহত দেখা দিয়া সীমা বিবাদ, বান সমস্যা , নিৱনুৱা সমস্যা আদিৰ বাবেই ভাৰতৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসত আলফা(স্বাধীন)-এ কোনো সশস্ত্ৰ প্ৰতিবাদ অথবা বন্ধ ঘোষণাৰ পৰা বিৰত থকা বুলি বিবৃতিটোত কোৱা হৈছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd