হঠাতে সক্ৰিয়তা বৃদ্ধি পাইছে বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)- ৰ। নিষিদ্ধ ঘোষিত সংগঠনটোলৈ শেহতীয়াকৈ ৰাজ্যৰ যুৱ প্ৰজন্মৰ বহু যুৱক-যুৱতী ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে। দীৰ্ঘদিনৰ মূৰত এইদৰে সংগঠনটোৰ প্ৰতি যুৱক-যুৱতীসকলৰ ধাউতি বৃদ্ধিয়ে ৰাজ্যৰ গৃহ বিভাগক ইতিমধ্যে চিন্তিত কৰি তুলিছে।
এনে সময়তে দেশৰ গৃহ মন্ত্ৰালয়ে আলফা সংক্ৰান্তত কৰিছে এক সাৱধানসূচক সকীয়নি। গৃহ মন্ত্ৰালয়ৰ এক টোকা অনুসৰি আলফা স্বাধীনে নিৰাপত্তাকৰ্মী আৰু অসামৰিক লোকৰ ওপৰত এক বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছে।
গৃহ মন্ত্ৰালয়ৰ টোকাটোত উল্লেখ কৰা হৈছে যে আলফাই নিৰাপত্তা বাহিনী আৰু অসামৰিক লোকৰ ওপৰত এক বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ অপহৰণৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।
তদুপৰি, আলফা স্বাধীনে অসম আৰু দেশৰ অন্যান্য প্ৰান্তৰ যুৱক-যুৱতীসকলক আকৰ্ষিত কৰি সদস্য ভৰ্তি অভিযান তীব্ৰতৰ কৰি তুলিছে বুলিও সাৱধানবাণী শুনাইছে মন্ত্ৰালয়ে।
চোৰাংচোৱা প্ৰতিবেদন অনুসৰি আলফাই দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলতো সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। এইক্ষেত্ৰত বিশেষকৈ অসমৰ পৰা যোৱা যুৱক-যুৱতীসকলক লক্ষ্য কৰি লোৱা হৈছে।
নতুনকৈ নিয়োগ কৰা কেডাৰসকলক প্ৰশিক্ষণৰ বাবে সংগঠনটোৰ ম্যানমাৰস্থিত শিবিৰলৈ প্ৰেৰণ কৰা হৈছে বুলিও মন্ত্ৰালয়ে উল্লেখ কৰিছে।
আলফাৰ এই শেহতীয়া সক্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA) ক সদস্য নিয়োগ অভিযান আৰু আলফাৰ সম্ভাব্য আক্ৰমণ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।