উজনি অসমত কূটাঘাতৰ পৰিকল্পনা আলফা (স্বাধীন)ৰ! তিনিচুকীয়াত বাহৰ পাতিছে ১১ জনীয়া দলে

ULFA (I)

অহা ২৮ নৱেম্বৰত নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা (স্বাধীন) ৰ ‘প্ৰতিবাদ দিৱস’। এই ‘প্ৰতিবাদ দিৱস’ উপলক্ষে উজনি অসমত কূটাঘাতমূলক কাৰ্যকলাপ চলোৱাৰ পৰিকল্পনা কৰিছে সংগঠনটোৱে।এই উদ্বেগজনক খবৰ সমুখলৈ আনিছে বিশেষ চোৰাংচোৱা সূত্ৰই।

এই সূত্ৰ অনুসৰি আলফা (স্বাধীন)ৰ এটা ১১ জনীয়া দলে ম্যানমাৰৰ আত্মগোপন স্থানৰ পৰা চাংলাং জিলাৰ মাজেৰে লুকাই চুৰকৈ পূব অসমত প্ৰৱেশ কৰি ৰাজ্যখনত হিংসাত্মক আক্ৰমণ চলোৱাৰ বাবে সাজু হৈছে।

আলফা (স্বাধীন)ৰ এই দলটোৱে উজনি অসমৰ অইল ইণ্ডিয়া লিমিটেড আৰু অ’ এন জি চিৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰসমূহক লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

অসম আৰক্ষীৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয়, ‘অসমত কাৰ্যকলাপ চলাই থকা দুয়োটা তেল কোম্পানীক দলটোৱে লক্ষ্য কৰি ল’ব পাৰে বুলি আমি তথ্য লাভ কৰিছো।” ইতিমধ্যে অইল আৰু অ’এনজিচি- ক এই সম্ভাৱ্য কূটাঘাত সম্পৰ্কে সতৰ্ক কৰা হৈছে বুলি তেওঁ লগতে কয়।

আলফা (স্বাধীন)ৰ শীৰ্ষ নেতা গণেশ লাহনৰ নেতৃত্বত এই দলটো অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু আৰ পি জি আৰু টি এন টিৰ দৰে বিস্ফোৰক সামগ্ৰীৰে সজ্জিত বুলিও তেওঁ উল্লেখ কৰে।

ইফালে, শিৱসাগৰ আৰু চৰাইদেউ আৰক্ষীয়ে আলফা (স্বাধীন)ৰ দলটোৰ সন্ধানত জিলা দুখনত ব্যাপক অভিযান আৰম্ভ কৰিছে বুলি এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া জানিবলৈ দিছে।

উল্লেখ্য যে ইতিপূৰ্বে ১৫ নৱেম্বৰত তিনিচুকীয়া জিলাৰ ডিগবৈ-পেঙেৰী পথত সেনাবাহিনীৰ এটা কনভয়ত আক্ৰমণ চলাইছিল আলফা (স্বাধীন)- এ। ইয়াৰ পাছতে বিদ্ৰোহী গোটটোৰ সৈতে সেনাৰ মাজত তীব্ৰ সংঘৰ্ষ হৈছিল।

এই আক্ৰমণক ‘অপাৰেচন লখিপথাৰ’ নামেৰে অভিহিত কৰি আলফা (স্বাধীন) ৰ নেতা কেপ্তেইন ৰুমেল আছমে এক বিবৃতিত ২৮ নৱেম্বৰত পালন কৰিবলগীয়া ‘প্ৰতিবাদ দিৱস’ উপলক্ষেই আক্ৰমণ সংঘটিত কৰা হৈছিল বুলি উল্লেখ কৰিছিল।