DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাৰ্মিজ আৰ্মিৰ অভিযানৰ পিছতে আত্মসমৰ্পণৰ ঢল আলফা (স্বাধীন)ত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2019 6:58 pm
ULFA-I surrenders mount after Burmese military action against Northeast rebels

শেহতীয়াকৈ আত্মসমৰ্পণ কৰা আলফা (স্বাধীন)ৰ বিদ্ৰোহীসকল। ছবি- নৰ্থ ইষ্ট নাও।

740
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰৰ চাগাইং দিভিজনৰ তা গাত বাৰ্মিজ আৰ্মিৰ অভিযানৰ পিছতে আলফা (স্বাধীন)ত পৰিলক্ষিত হৈছে আত্মসমৰ্পণৰ ঢল।

ভাৰতৰ বিৰুদ্ধে যুঁজত তা গাই উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহৰ মূল কেন্দ্ৰৰূপে কাম কৰি আহিছিল।

এন এচ চি এচ-কে নিয়ন্ত্ৰণাধীন তা গা এলেকাত আলফা (স্বাঃ)ৰ দৰে বিদ্ৰোহী গোটেও শিবিৰ স্থাপন কৰিছিল।

ভাৰতীয় বাহিনীক নিয়মীয়াকৈ আক্ৰমণ কৰি অহা বিদ্ৰোহী ঐক্যমঞ্চ UNLFSWEA (United Liberation Front of Western South East Asia)ৰ অংশ আছিল এন এচ চি এন-কে আৰু আলফা (স্বাঃ)কে ধৰি ৪টা গোট।

ফেব্ৰুৱাৰিৰ প্ৰথম ভাগত বাৰ্মিজ সেনা তাতমাদাও-এ তা গাৰ এন এচ চি এন-কে মুখ্যালয় দখল কৰাৰ পিছত এলেকাটোৰ আলফা (স্বাঃ) শিবিৰসমূহত চলোৱা আক্ৰমণত মে’জৰ জ্যোতিৰ্ময় অসমৰ মৃত্যু হোৱাৰ লগতে সংগঠনটোৰ আন কেইজনমান সদস্যও হতাহত হৈছিল।

তেতিয়াৰে পৰা আলফা (স্বাধীন) চেদেলি-ভেদেলি হৈ পৰিছে।

ভাৰতীয় সেনাৰ সূত্ৰই জনোৱা অনুসৰি অসহায় হৈ পৰা একাংশ সৈনিকে অসম-নাগালেণ্ড সীমান্তত সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আৰম্ভ কৰিছে।

যোৱা এপষেকত কমেও ৭গৰাকী আলফা (স্বাঃ) বিদ্ৰোহীয়ে আত্মসমৰ্পণ কৰিছে। সেনা সূত্ৰই ইতিমধ্যে নৰ্থ ইষ্ট নাও-ক তেওঁলোকৰ সবিশেষ যোগান ধৰিছে:

১) চাৰ্জেন্ত বৃন্দাবন মৰাণ ওৰফে বিপুল ওৰফে বৰুণ অসম, বয়স ৩৪ বছৰ, পিতা মিনেশ্বৰ মৰাণ, শিমলুগুৰি গাওঁ, বৰদুমচা আৰক্ষী থানা, তিনিচুকীয়া।

২) লেন্স কৰ্প’ৰেল মনজিত মৰাণ ওৰফে বসন্ত মৰাণ ওৰফে মজিদ, বয়স ২৯ বছৰ, পিতা প্ৰয়াত তেতেৰা মৰাণ, তৰানি গাওঁ, পেঙেৰি, তিনিচুকীয়া।

৩) লেন্স কৰ্প’ৰেল ধনেশ্বৰ মৰাণ ওৰফে সজ্জন অসম ওৰফে তুতু, বয়স ৩১ বছৰ, পিতা তিপেশ্বৰ মৰাণ, ৰিতু কঠালগুৰি গাওঁ, পেঙেৰি থানা, তিনিচুকীয়া।

৪) লেন্স কৰ্প’ৰেল লভিত গোহাঁই ওৰফে উৎপল অসম ওৰফে লেপা, বয়স ২৬ বছৰ, পিতা পৰ্বেশ্বৰ গোহাঁই, ৰিতু কঠালগুৰি গাওঁ, পেঙেৰি থানা, তিনিচুকীয়া।

৫) লেন্স কৰ্প’ৰেল সঞ্জিত মৰাণ ওৰফে শেখৰজ্যোতি অসম, বয়স ২৫ বছৰ, পিতা ৰঞ্জিত মৰাণ, নয়া কঠালগুৰি গাওঁ, বৰদুমচা থানা, তিনিচুকীয়া।

৬) শত্ৰুবন দহোতীয়া ওৰফে নিঞ্জা অসম, বয়স ২৭ বছৰ, পিতা ধীৰেন দহোতীয়া, বৰালি গাওঁ, কাকপথাৰ থানা, তিনিচুকীয়া।

৭) লেন্স কৰ্প’ৰেল দিগন্ত মৰাণ ওৰফে আমাৰ অসম, বয়স ২৯ বছৰ, পিতা দেৱেশ্বৰ মৰাণ, তেকেৰি গাওঁ, পেঙেৰি থানা, তিনিচুকীয়া।

দেখা গৈছে যে আত্মসমৰ্পণকাৰী আলফা (স্বাঃ) বিদ্ৰোহীসকলৰ বেছিসংখ্যকেই মৰাণ সম্প্ৰদায়ৰ।

আলফা (স্বাঃ)ৰ সামৰিক শাখাৰ মুৰব্বী পৰেশ বৰুৱাৰ ঘনিষ্ঠ লেফতেনেন্ত জীৱন মৰাণেও আত্মসমৰ্পণৰ চিন্তা-চৰ্চা কৰিছে বুলিও কিছু বু বু বা বা ওলোৱা পৰিলক্ষিত হৈছে।

চোৰাংচোৱা সূত্ৰসমূহে জনোৱা মতে সংগ্ৰামখন বৰ্তি থকাক লৈ পৰেশ বৰুৱাৰ সৈতে তেওঁৰ কিছু মতবিৰোধ হোৱা যেন লাগিছে আৰু তেওঁ ভাৰত চৰকাৰৰ সৈতে চলিত আলোচনাত আলোচনাৰত আলফাৰ সৈতে যোগ দিব খোজে।

অসমৰ সাৰ্বভৌমত্ব সন্দৰ্ভত আলোচনাৰ অবিহনে পৰেশ বৰুৱা আলোচনাৰ বিৰোধী।

ধাৰণা হৈছে তেওঁ চীনৰ নিৰাপদ আশ্ৰয়ত আছে, যোৱা বছৰৰ শেহৰ ফালে হোৱা পথ দুৰ্ঘটনাত পোৱা আঘাতৰ চিকিৎসা চলাই আছে, যিসময়ত যুঁজাৰুসকল বেমাৰত ভোগাৰ লগতে খাদ্য সংকট আৰু বাৰ্মিজ আৰ্মিৰ চিকাৰ হ’ব লগা হৈছে।

Recent News

Bihar Nitish Kumar

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd