NORTHEAST NOW (Assamese)

লক্ষ্য দুৰ্গা পূজাৰ প্ৰাকক্ষণত কুটাঘাত; কামাখ্যা ৰে’ল ষ্টেশ্যনত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ আলফা(স্বা)ৰ কেডাৰ

September 25, 2019 6:44 pm · কল্পজ্যোতি শইকীয়া
মহানগৰীত গ্ৰেপ্তাৰ হোৱা আলফা সদস্য গৰাকী

জালুকাবাৰী আৰক্ষীয়ে বুধবাৰে ৰাতিপুৱাৰ ভাগত এক পোপন সুত্ৰৰ পম খেদি কামাখ্যা ৰে’ল ষ্টেশ্যনত চলোৱা অভিযানত এজন দুৰ্দ্ধৰ্ষ আলফা(স্বা)ৰক সদস্য গ্ৰেপ্তাৰ হয়।

গ্ৰেপ্তাৰ হোৱা আলফা স্বাধীনৰ কেডাৰজনক দিগন্ত চেতিয়া বুলি চিনাক্ত কৰা হৈছে। ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাতে গ্ৰেপ্তাৰ হ’বলগীয়া হয় আলফা স্বাধীনৰ কেডাৰগৰাকী।

মহানগৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে বৰ্তমানো আলফা স্বাধীনৰ কেডাৰগৰাকীক সোধ-পোচা অব্যাহত ৰাখিছে।

আনহাতে, শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষণত এনেদৰে আলফা সদস্য আৰক্ষীৰ জালত পৰাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

আলফা স্বাধীনে দুৰ্গা পূজাৰ সময়ত মহানগৰীত ভয়ংকৰ কুটাঘাত সংঘটিত কৰাৰ লক্ষ্যৰে এনেদৰে মহানগৰীত প্ৰৱেশ কৰিছিল বুলি সন্দেহ কৰিছে মহানগৰ আৰক্ষীয়ে।

দুৰ্গা পূজাৰ প্ৰাক ক্ষণত যাতে নিষিদ্ধ ঘোষিত সংগঠনটোৱে কোনোধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে সেই উদ্দেশ্যে ইতিমধ্যে তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী।

তদুপৰি, গুৱাহাটী মহানগৰীত ইতিমধ্যে কেইবাজনো আলফা স্বাধীনৰ কেডাৰে প্ৰৱেশ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে মহানগৰ আৰক্ষীয়ে।

Related News