Nagaland’ৰ আছাম ৰাইফলছৰ গণহত্যাৰ প্ৰতিক্ৰিয়া প্ৰকাশ আলফা (স্বাধীন) ৰ

ULFA (Independent)

Nagaland tragedy : যোৱা শনিবাৰে নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছে নিৰ্বিচাৰ গুলীচালনা কৰি ১৫ জনকৈ সাধাৰণ নিৰীহ জনতাক হত্যা কৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা (স্বাধীন) এ।

এক বিবৃতি যোগে আলফা (স্বাধীন) এ উল্লেখ কৰে যে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ দখলদাৰী ভেৰোণীয়া বাহিনীয়ে পশ্চিম দক্ষিণ পূৱ এছিয়াৰ স্বাধীনতাকামী ১৪ গৰাকী নিৰীহ থলগিৰি জনগণক পৰিকল্পিতভাৱে নিৰ্মমতাৰে হত্যা কৰা জঘন্য ঘটনাক সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) এ তীব্ৰভাষাৰে ধিক্কাৰ জনাইছো ।

লগতে দখলদাৰী বাহিনীৰ পাশৱিকতাত মৃত্যুক আঁকোৱালি ল’বলগীয়া নিৰীহ লোকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছো বুলি উল্লেখ কৰে বিবৃতিটোত। নিহত লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি আহত সকলৰ ভ্ৰুত আশু-আৰোগ্য কামনা কৰে আলফা (স্বাধীন) এ।

বিবৃতিটোত লগতে উল্লেখ কৰা হয়, “ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA)ত বলিয়ান হোৱা ভেৰোণীয়া বাহিনীৰ এনে নৃশংসতা ৱেছিয়া অঞ্চলৰ বাবে কোনো নতুন কথা নহয়। এই আইনৰ জৰিয়তে ভাৰতীয় সকলে যুগ যুগ ধৰি পশ্চিম দক্ষিণ পূৱ এছিয়াৰ স্বাধীনতাকামী জনগণৰ কণ্ঠৰুদ্ধ কৰিবলৈ অবিৰত চেষ্টা চলাই আহিছে।”

“সেয়েহে ভৰতীয় দখলদাৰী ভেৰোণীয়া বাহিনীৰ এনে বৰ্বৰোচিত কাণ্ডক সঠিক প্ৰত্যুত্তৰ দিবলৈ আমি পশ্চিমা দক্ষিণ পূৱ এছিয়াৰ সমূহ থলগিৰি জনগণ একত্ৰিত হ’বই লাগিব আৰু ই সাম্প্ৰতিক সময়ৰ আহ্বান” বুলি আলফা (স্বাধীন) ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ স্বাক্ষৰিত বিবৃতিটোত উল্লেখ কৰা হৈছে।