লকডাউন: অসমৰ যুৱ প্ৰজন্মক অৰ্থনৈতিক স্বাধীনতাৰ মন্ত্ৰ দিলে আলফা নেতা জিতেন দত্তই

‘কৃষি বিভাগৰ সু-পৰিকল্পিত আঁচনি নথকাৰ বাবে অসমৰ কৃষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে’ : জীতেন দত্ত

IMG-20181026-WA0031

আলফা নেতা জীতেন দত্ত। ফাইল ফটো

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ ফলত অৰ্থ ব্যৱস্থাৰ প্ৰতি অশনি সংকেত নামি আহিছে। সমগ্ৰ দেশতে অৰ্থনৈতিক উন্নয়ন কিছু পৰিমাণে স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে।

তেনে সময়তে আলোচনা পন্থী আলফা নেতা জীতেন দত্তই ৰাজ্যৰ যুৱ প্ৰজন্ম আৰু চৰকাৰলৈ আগবঢ়াইছে কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাই কয়, ‘এতিয়া যি অৱস্থা হৈছে, ভাৰত আৰু অসমৰ অৰ্থনৈতিক অৱস্থা বিধস্ত হৈ পৰিছে। এনে অৱস্থাত চৰকাৰে চাকৰি দিব বা সংস্থাপন পাম সেইবিলাকলৈ আশা কৰি ৰৈ থাকি লাভ নাই।‘

‘নিজস্ব প্ৰচেষ্টাৰে লগত যি ৫ হাজাৰ বা ১০ হাজাৰ টকা আছে তাৰে তেওঁলোকে ব্যৱসায়সমূহ আৰম্ভ কৰিব লাগিব।‘ দত্তই এইদৰে কয়।

ইপিনে, আটাইতকৈ কম খৰচত কৰিব পৰা ব্যৱসায়সমূহ যুৱ প্ৰজন্মই বাছি ল’ব লাগিব বুলি সদৰী কৰি তেওঁ লগতে কয়, ‘কাৰোবাৰ পুখুৰী আছে সেইবোৰত মাছ বা হাঁহ পালন কৰিব পাৰে। এনেই পৰি থকা মাটিসমূহত অমিতা খেতিকে ধৰি অন্য খেতি কৰিব পাৰে। কোনোবাই বজাৰত গৈ মাছ-মাংস বিক্ৰী কৰা বা ঘৰে ঘৰে গৈ অত্যাৱশ্যকীয় খাদ্য যোগান ধৰি নিজৰ আয়ৰ পথ বাছি ল’ব পাৰে।প্ৰতিজন যুৱকে সংকল্প ল’ব লাগে যে দিনটোত তেওঁ ৫০০ টকা আয় কৰিবই।‘

‘এচাম যুৱকে চৰকাৰে লোণৰ যোগান নধৰে বুলি কৈ থাকে।‘ এইদৰে উল্লেখ কৰি তেওঁ লগতে কয়, ‘কিন্তু এতিয়া যি অৰ্থনৈতিক অৱস্থা হৈছে চৰকাৰী লোণলৈ আশা কৰি বহি থাকিলে কেতিয়াও সমস্যাৰ সমাধান নহয়।চৰকাৰী লোণ বা সাহায্যলৈ আশা নকৰি নিজস্ব প্ৰচেষ্টাৰে নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ চেষ্টা কৰিব লাগে।‘

আনহাতে, এই সময়ছোৱাত চৰকাৰৰ কেইটামান বিভাগলৈয়ো দত্তই কেইটামান গুৰুত্বপূৰ্ণ আহ্বান জনায়।

তেওঁ কয়, ‘চৰকাৰক আহ্বান জনাইছো কৃষি বিভাগ, মীন বিভাগ আৰু পশুপালন বিভাগৰ কাৰ্য্যালয়ে কৃষিক্ষেত্ৰৰ লগত জৰিত যুৱকসকলৰ লগত যোগাযোগ কৰক। লগতে চৰকাৰৰ বিভাগসমূহৰ পৰা যুৱকসকলে ন্যুনতম সুবিধাখিনি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগে।‘

তেওঁ লগতে ওপৰোক্ত বিভাগসমূহৰ বিষয়াসকললৈ আহ্বান জনাই কয়, ‘অসমলৈ অহা যুৱকসকলক কৃষি, পশুপালন বা মীন বিভাগৰ বিষয়াসকলে যাতে অলপ হ’লেও সহযোগিতা আগবঢ়ায় তেওঁলোক নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পাৰে।‘

আনহাতে, ৰাজ্যৰ কৃষি বিভাগৰ সুপৰিকল্পিত আঁচনি নথকাৰ বাবে অসমৰ কৃষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বুলি তেওঁ অভিযোগ তোলে।

তেওঁ কয় যে কৃষি বিভাগৰ সু-পৰিকল্পিত আঁচনি নথকাৰ বাবে অসমৰ কৃষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

‘আজিৰ তাৰিখত যদি চৰকাৰে ক’ত ক’ত কৃষকসকলে শাক-পাচলিৰ খেতি কৰিছে সেই তথ্যসমূহ সংগ্ৰহ কৰি সেইসমূহ ক্ৰয় কৰি আনি চহৰত যোগান ধৰাৰ ব্যৱস্থা কৰিলেহেঁতেন তেতিয়া খেতিয়কসকলেও সকাহ পালেহেঁতেন।আজি ডিব্ৰগড়লৈ খাৰুপেটিয়াৰ পৰা শাক-পাচলি আহিবলগীয়া অৱস্থা হৈছে।‘ দত্তই লগতে কয়।

তেওঁ লগতে কয়, ‘হাজাৰ হাজাৰ বিঘা বিলাহী খেতি নষ্ট হৈছে বা জলকীয়া গছতে শুকাইছে। বিলাহীবিলাক পেলোৱাৰ বিপৰীতে ঘৰতে য়ু-টিউব চাই বিলাহীৰ চচ প্ৰস্তুত কৰিব পাৰিলেহেঁতেন। জলকীয়াৰ পৰা গুৰি প্ৰস্তুত কৰিব পাৰে।‘