• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিক্ৰী যোৱা নেতাৰ দ্বাৰা কেবৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব নোৱাৰে : জীতেন দত্ত

অসমীয়া মানুহে এটকীয়া চাউলৰ লোভত স্বাভিমান বিসৰ্জন দিলে : দত্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 28, 2019 8:38 pm
JitenDutta-570x320

জিতেন দত্ত। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ২০১৮ চনত এক সবল ভুমিকা লোৱা জীতেন দত্ত বৰ্তমানলৈকে নিমাত হৈ আছিল। কিন্তু কেব গৃহীত কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ হোৱা স্বত্বেও কিয় নিমাত হৈ আছিল?

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত দত্তই অসমৰ দল সংগঠন আৰু জনসাধাৰণৰ বিৰুদ্ধে কিছুমান বিস্ফোৰক মন্তব্য আগবঢ়ায়।

Apply Now

‘মই মনে মনে আছো কাৰণ এইধৰণৰ কিবা কিবি কৰি এনেই হাল্লা কৰি লাভ নাই।‘ এইদৰে মন্তব্য কৰি দত্তই কয়, ‘’বিজেপিয়ে লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম বুলি মুকলিকৈ ঘোষণা কৰিছিল। তাৰ পাছতো অসমৰ ৰাইজে ১০-১৫ কি:মি: বৃহৎ ৰেলী কৰি আকৌ এবাৰ মোদী চৰকাৰ বুলি কৈ নৃত্য কৰিলে। অসমীয়া মানুহে এটকীয়া চাউলৰ লোভত নিজৰ স্বাভিমান সম্পূৰ্ণৰূপে বিসৰ্জন দি দিলে। সেইসকল মানুহক লগত লৈ কিধৰণে ৰাজপথত চিঞৰ বাখৰ কৰি থাকিব কওঁক।‘’

‘’ইস্তাহাৰৰ বিপৰীতে ৰাজ্যৰ দল-সংগঠনৰ নেতৃত্বই জনগণক ভোট দিবৰ বাবে বা এটকীয়া চাউলত ভোল নাযাবলৈ কিয় ক’ব নোৱাৰিলে?’’ এইদৰে প্ৰশ্ন কৰি দত্তই লগতে কয়, ‘’দিল্লীয়ে দেখা পালে অসমৰ জনসাধাৰণ কেবৰ সপক্ষত আছে। কাৰণ ইস্তাহাৰত দিয়াৰ পাছতো আমাক সম্পূৰ্ণ মেন্ডেট দিলে বুলি তেওঁলোকে ভাবিছে। তাৰ পাছত কওঁক আন্দোলন কৰাৰ কিবা যুক্তি আছে নে?’’

ইপিনে, অসমৰ জাতীয় দল-সংগঠনসমূহে কেবৰ বিৰুদ্ধে একত্ৰিত হৈ আন্দোলন নকৰাক লৈ ক্ষোভ উজাৰে দত্তই।

দত্তই কয়, ‘’আজিৰ তাৰিখলৈকে নাগৰিকত্ব সংশোধনী বিলখনৰ সন্দৰ্ভত অসমৰ বিভিন্ন দল-সংগঠনে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ চেষ্টা নকৰিলে। দিনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শ্ল’গান দিয়া আৰু ৰাতি হ’লে ৰাজনৈতিক নেতাৰ লগত অংক কৰা প্ৰতিবাদত মই নাই। মই আজিও আগত থিয় হ’ম যদি অসমৰ ৰাইজে আন্তৰিকতাৰে শক্তিশালীৰূপত কেবৰ বিৰুদ্ধে থিয় দিয়ে।‘’

‘’সুবিধাবাদী চৰিত্ৰৰ বিপৰীতে মই আন্তৰিকতাৰে সংগ্ৰাম কৰা মানুহৰ লগত সদায় আছো। কিন্তু বিক্ৰী যোৱা নেতাৰ দ্বাৰা সেই প্ৰতিবাদ হ’ব নোৱাৰিব,’’-দত্তই লগতে কয়।

দত্তই অসমৰ দল-সংগঠনৰ নেতৃত্বলৈ প্ৰত্যাহ্বান জনাই কয়, ‘’অসমৰ দল-সংগঠনে কওঁকচোন যে একেলগে ৩-৪ লাখ মানুহ একত্ৰিত হৈ দিচপুৰত আন্দোলন কৰো, কিমানক গ্ৰেপ্তাৰ কৰে কৰক। সেই কাৰ্য্যসূচী কিয় ল’ব নোৱাৰে? তেতিয়া মই আগত থিয় দিম।‘’

দত্তই লগতে কয়, ‘’নিজৰ নিজৰ ক্ষমতা দেখুৱাবৰ কাৰণে বা নেতৃত্বৰ ইগ’ত লাগি দল-সংগঠনবোৰ ঐক্যবদ্ধ নহয়।‘’

ইপিনে, কেব গৃহীত কৰাৰ পাছত ব্যক্তিগতভাৱে কিবা পদক্ষেপ গ্ৰহণ কৰিব নেকি? বুলি দত্তক সোধাত তেওঁ কয়, ‘’যদিহে কেব গৃহীত হয়, তেন্তে উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে গোচৰ দিম। আইনে আমাক ন্যায় দিব, আমি আইনী যুঁজ কৰিম।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

September 22, 2026 8:07 am
কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

September 22, 2026 7:44 am
তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

September 22, 2026 8:07 am
কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

September 22, 2026 7:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd