NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

January 23, 2021 10:49 am · এন ই নাও নিউজ
আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে শুকুৰবাৰে সন্ধিয়া উজনি অসমৰ ডিগবৈত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে বোমা বিস্ফোৰণ সংঘটিত কৰে।

গুৰুত্বপূৰ্ণ বিষয় হৈছে আলফা স্বাধীনে ডিগবৈত থকা ভাৰতীয় সেনা বাহিনীৰ ৩ নং গাড়োৱাল ৰেজিমেণ্টৰ শিবিৰত বোমা বিস্ফোৰণ সংঘটিত কৰিবলৈ সক্ষম হয়।

সেনা শিবিৰত বোমা বিস্ফোৰণ সংঘটিত কৰাৰ পাছতে আলফা স্বাধীনে এক প্ৰেছ বিবৃতি যোগে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে।

‘‘যোৱা ইংৰাজী ২২/০১/২০২১ তাৰিখে সন্ধিয়া প্ৰায় ৬.৪৫ বজাত ডিবগৈস্থিত ৩ নং গড়োৱাল ৰেজিমেণ্টৰ সেনা শিৱিৰত এক বোমা আক্ৰমণৰ ঘটনা সংঘটিত হয়। উক্ত ঘটনাটো সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ দ্বাৰা সংঘটিত কৰা হৈছিল,’’ আলফা স্বাধীনে প্ৰেছ বিবৃতি যোগে এই দৰে উল্লেখ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈত আলফা স্বাধীনে সংঘটিত কৰা এই বোমা বিস্ফোৰণে যথেষ্ট তাৎপৰ্য বহন কৰিছে।

প্ৰধান মন্ত্ৰী মোদীৰ উপৰিও কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও ৰবিবাৰে নলবাৰীত জনসভাক সম্বোধন কৰিব।

Related News