• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

চানু গগৈ by চানু গগৈ
January 23, 2021 10:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক যুগৰে পৰা পৰম্পৰাগতভাৱে চলি অহা ইতিহাসপ্ৰসিদ্ধ জোনবিল মেলাথলিত দ্বিতীয়দিনাও প্ৰচণ্ড শীতকো নেওচি হাজাৰ হাজাৰ লোকৰ সমাগমেৰে জনসমুদ্ৰত পৰিণত হয়।

জাগীৰোড নগৰৰ পৰা পাঁচ কিলোমিটাৰ উত্তৰে জোনবিলৰ পাৰত অনুষ্ঠিত পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ ক্ষেত্ৰত পৰিণত জোনবিল মেলাত আধূনিক যুগৰ মুদ্ৰা প্ৰচলনৰ বিপৰীতে পৌৰাণিক বিনিময় প্ৰথা উজ্বলি উঠে।

Apply Now

ইয়াৰ পাছতেই জোনবিলত আৰম্ভ হয় সমূহীয়া মাছমৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ।

শুকুৰবাৰে কাহিলি পুৱাৰে পৰা আৰম্ভ হোৱা প্ৰাচীন বিনিময় প্ৰথাৰ হাট পূৱা দহ বজাত আনুষ্ঠানিকভাৱে সামৰণি পৰে।

ক্ষন্তেকৰ বাবে আধূনিক মূদ্ৰাৰ প্ৰচলন স্থবিৰ হৈ পৰাৰ পিছত পৰম্পৰাগত বিনিময় প্ৰথাৰ বিৰল দৃশ্য উপভোগ কৰে লক্ষাধিক দেশী-বিদেশী লোকে।

তিৱা গোভা ৰজাৰ পূৰ্ৱৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ভোজ-ভাতেৰে কালিৰে পৰা আৰম্ভ হোৱা ঐতিহাসিক জোনবিল মেলাস্থলিত প্ৰত্যাৱৰ্তন ঘটিল পাহাৰৰ মামা-মামীসকলৰ।

ওৰে নিশা ধান খেৰৰ নৰাৰে সাজি লোৱা অস্থায়ী পঁজা ঘৰত নিশাতো কটাই পুৱতি নিশাৰে পৰা পাহাৰৰ উৎপাদিত সামগ্ৰী বিনিময় কৰাত তেঁওলোক ব্যস্ত হৈ পৰে।

মামা-মামীসকলে নিজৰ লগত অনা আদা, হালধি, লাও, কচু, শিল কোমোৰা আদিৰ লগত ভৈয়ামৰ সান্দহ, তিলপিঠা, লাড়ু, মাছ আদিৰে প্ৰত্যক্ষ বিনিময় কৰে।

ভৈয়ামৰ সামগ্ৰীৰ মেটমৰা খাদ্য সম্ভ্ৰাৰ লৈ উৰুকা উদযাপন কৰিবলৈ মামা-মামীসকল পুনৰ পাহাৰলৈ ৰাওনা হয়।

উল্লেখ যোগ্য যে, শনিবাৰে অনুষ্ঠিত হ’ব ঐতিহাসিক গোভা দেওৰজাৰ ৰাজদৰবাৰ।

দৰবাৰত গোভা ৰজা দীপসিং দেওৰজাৰ আন ওঠৰগৰাকী পৰম্পৰাগত প্ৰতীকী ৰজাক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজভাট্টা প্ৰদান কৰা হ’ব লগতে উক্ত ৰাজভাট্টা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰাৰ কথা আছিল যদিও প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ বাবে তেঁওৰ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি মেলা পৰিচালনা সমিতিৰ সম্পাদক জোৰসিং বৰদলৈয়ে জানিবলৈ দিয়ে।

ইয়াৰ পৰিবৰ্তে  স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা ৰজাসকলক ৰাজভাট্টা প্ৰদান কৰিব।

বৰ্তমানৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাত গোভা ৰজ্যৰ ৰাজতন্ত্ৰৰ কোনো ধৰণৰ ভূমিকা নাই যদিও প্ৰতীকী ৰূপত হ’লেও এই ৰাজ্যখনৰ ৰাজব্যৱস্থা আজিও জোনবিল মেলাত বিদ্যমান হৈ আছে।

জোনবিল মেলাৰ মাজেৰে জিলিকাই তোলা হৈছে পাহাৰ- ভৈয়ামৰ লোকৰ ভাতৃত্ববোধ তথা সম্প্ৰিতিৰ এনাজৰী।ইয়াৰোপৰি অক্ষত হৈ আছে প্ৰাচীন গোভা ৰজ্যৰ ঐতিহ্য আৰু পৰম্পৰাৰে ভূমিপুত্ৰ তিৱাসকলৰ জাতীয় কৃষ্টি-সংস্কৃতি।

চানু গগৈ

চানু গগৈ

নিউজ, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd