ডিব্ৰুগড় জিলাৰ চেপন-ৰাজগড় পথত আলফা (স্বা)ৰ লিংকমেনক আটক

Ulfa linkman arrested

ডিব্ৰুগড় জিলাৰ চেপন-ৰাজগড় পথত দেওবাৰে সেনাই এগৰাকী আলফা (স্বাধীন)ৰ লিংকমেনক আটক কৰে।

আটকাধীন লিংকমেনজনক শিৱসাগৰৰ আমগুৰিৰ বাসিন্দা যাদব গগৈ (২৭) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, চেপন-ৰাজগড় সংযোগী পথটোৱে সামৰি লোৱা অঞ্চলটোত আলফা (স্বা)ৰ সদস্য থকা বুলি স্থানীয় সূত্ৰৰ পৰা লাভ কৰা এক নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত ৰাজপুটানা ৰাইফলছৰ ৯ নং বেটেলিয়নে অঞ্চলটোত এক অভিযান চলাই চেপন-ৰাজগড় পথতে তেওঁক আটক কৰে।

এ এছ-০৪চি-১০৪৮ নম্বৰৰ এখন মাৰুটি অ’ম্নি ভানৰ সৈতে আটক কৰা ধৃত লিংকমেনজনৰ পৰা আৰক্ষীয়ে এটা ৯ এম এম পিষ্টল, এটা মেগজিন, দুটা সক্ৰিয় গুলীৰ কাৰ্তিজ, দুটা মোবাইল ফোন, তিনিখন চিম কাৰ্ড জব্দ কৰে বুলি জানিবলৈ দিয়ে।

আটকাধিন লিংমেনজনক পিছত এক গোচৰ কৰি মৰান আৰক্ষী থানাত গটাই দিয়া হয়।