চামগুৰিত কংগ্ৰেছী গুণ্ডা বাহিনীৰ আক্ৰমণ সহিব নোৱাৰি গাঁও এৰিলে অগপৰ মহিলা সমৰ্থকে

Congress-1assam

প্ৰতিনিধিত্বমূলক ছবি।

ক্ষমতাৰ পৰা অপসাৰিত হ’ল যদিও চামগুৰি সমষ্টিৰ লাওখোৱা মৌজাত কংগ্ৰেছী বাহিনীৰ গুণ্ডাৰাজ বন্ধ নহ’ল। যোৱা তিনি ডিচেম্বৰত শালপাৰা গাঁও পঞ্চায়তৰ অগপৰ মহিলা সমৰ্থকক কংগ্ৰেছী গুণ্ডাবাহিনীয়ে ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ পিছত নিৰাপত্তাৰ অজুহাতত মহিলা গৰাকীয়ে তেজপুৰত অজ্ঞাত স্থানত আত্মগোপন কৰিবলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে, অগপ প্ৰাৰ্থীক সমৰ্থন কৰাৰ অপৰাধত পূৱ শালপাৰা গাঁৱৰ একৰামুল, হাজেৰা আৰু জালাল উদ্দিন নামৰ তিনিজন কংগ্ৰেছী সমৰ্থকে গাঁ‌ওখনৰ মুছকিবুৰ ৰহমানৰ ঘৰত সোমাই পত্নী গোলেছা বেগম (৩৪)ক দলবদ্ধভাৱে আক্ৰমণ কৰি আহত কৰাৰ উপৰি ঘৰৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰিছিল।

কংগ্ৰেছী গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত গোলেছাৰ স্বামীয়ে ঘটনা সন্দৰ্ভত ওপৰোক্ত তিনিওজন লোকৰ বিৰুদ্ধে ৰূপহীহাট থানাত ভাৰতীয় দণ্ড বিধিৰ ৪৪৭/ ৪৪৮/৪২৭/৫০৬/৩২৫/২৯৪/৩৪ ধাৰাৰ অধীনত ৭৩৩/১৮ নম্বৰত এটি গোচৰ ৰুজু কৰে। কিন্তু গোচৰ ৰুজু হোৱাৰ পাছতো আৰক্ষীয়ে কি কাৰণত কংগ্ৰেছী গুণ্ডা বাহিনীটোক আটক কৰা নাই সেয়া ৰহস্যৰ আৱৰ্তত বুলি বিভিন্ন লোকে মন্তব্য কৰে।

উল্লেখ্য যে আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি উৎসাহী হৈ উঠা গুণ্ডা বাহিনীটোয়ে অগপৰ সমৰ্থক গোলেছাৰ পৰিয়ালক ধাৰাবাহিকভাৱে ভাবুকি প্ৰদান কৰি অহাত সন্ত্ৰস্ত হৈ উঠা পৰিয়ালটোৱে আত্মৰক্ষাৰ স্বাৰ্থত গাঁ‌ও এৰি যাবলৈ বাধ্য হয়।

মহিলাগৰাকীয়ে সপৰিয়ালে তেজপুৰ কোনো অজ্ঞাত স্থানত আশ্ৰয় লোৱা বুলি এখ সূত্ৰৰ পৰা জানিব পৰা গৈছে। আনকি গুণ্ডা বাহিনীটোৰ দৌৰাত্ম্যৰ বাবে পৰিয়ালটো গাঁ‌ওখনলৈ উভতি আহিবলৈ সাহস গোটাব পৰা নাই।

ইপিনে উক্ত ঘটনাক কেন্দ্ৰ কৰি লাওখোৱাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শালপাৰা পঞ্চায়তৰ প্ৰাক্তন সভাপতি হাফিজুৰ ৰহমান, অগপৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ছোলেমান আলী আৰু শিঙিমাৰী জিলা পৰিষদৰ প্ৰাৰ্থী আনজুমা খাতুনে ঘটনাটোক তীব্ৰ ভাষাত গৰিহণা দি কংগ্ৰেছী গুণ্ডা বাহিনীটোক নাকী লগাবলৈ আৰক্ষীৰ ওচৰত দাবী জনাইছে।