NORTHEAST NOW (Assamese)

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

May 11, 2025 5:28 pm · উত্তম কুমাৰ শৰ্মা,বোকাখাত:
Updated: May 11, 2025 4:32 pm

নীতি উলংঘা কৰি ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰিলে বিজেপি নেতা ভৱেশ কলিতাই। পূৰ্বে কোনো দলীয় নেতাক ভোট গণনা কেন্দ্ৰত প্ৰৱেশ নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল যদি মুখ্যমন্ত্ৰীৰ কথা নুশুনিলে ভৱেশ কলিতাই। ইয়াকে লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে।

উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাই ভোট গণনাৰ স্বচ্ছতা বজাই ৰখাৰ স্বাৰ্থত বিধায়ক, সাংসদ আৰু মন্ত্ৰীসকলক ভোট গণনা কেন্দ্ৰত প্ৰৱেশৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছিল। কিন্তু ভৱেশ কলিতাই এই নিৰ্দেশ উলংঘা কৰি বিজেপিৰ প্ৰায় দহ-বাৰ গৰাকী নেতা-কৰ্মীক লগত লৈ ৰঙিয়াৰ ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰে।

সেয়ে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, মুখ্যমন্ত্ৰীৰ কথা কিয় নামানে বিজেপিৰ নেতা ভৱেশ কলিতাই? দলীয় অন্তঃকলহৰ বাবেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ দেখুৱাই ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰিলে নেকি কলিতাই? ভোট গণনাৰ স্বচ্ছতা আৰু নিৰপেক্ষতাৰ কথা কিয় চিন্তা নকৰিলে ভৱেশ কলিতাই। এইবোৰ প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত উত্থাপন হোৱাৰ লগতে বিৰোধীয়েও ভৱেশ কলিতাক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাৰ গালৈ আঙুলি টোৱাইছে।

Related News