• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অষ্ট্ৰেলিয়াৰ পিছত এইবাৰ শ্ৰীলংকাকো কৰিলে পৰাস্ত; টি-২০ বিশ্বকাপৰ গ্ৰুপৰ শীৰ্ষত জিম্বাবুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2026 8:39 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টি-২০ বিশ্বকাপত প্ৰথমখন খেলত ওমানক পৰাস্ত কৰাৰ পিছত জিম্বাবুৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও জয়লাভ কৰে। আৰু যেতিয়া বৰষুণৰ বাবে আয়াৰলেণ্ডৰ মেচখন পৰিত্যক্ত হৈ পৰে, তেতিয়া ছিকন্দৰ ৰাজাৰ দলটোৰ ছুপাৰ এইটত স্থান নিশ্চিত হৈ যায়। এইবাৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত শ্ৰীলংকাক পৰাস্ত কৰি ৰোডেছিয়াৰ দলটো গ্ৰুপৰ শ্ৰেষ্ঠ হয়।

এই জয়ৰ জৰিয়তে জিম্বাবুৱেই ৪খন মেচৰ পৰা সৰ্বাধিক ৭ পইণ্ট লাভ কৰি নিজৰ গ্ৰুপৰ তালিকাৰ শীৰ্ষত আছে। শ্ৰীলংকাই একে সংখ্যক খেলৰ পৰা ৬ পইণ্ট লাভ কৰি দুই নম্বৰত আছে। এই তালিকাৰ তৃতীয় স্থানত আছে আয়াৰলেণ্ড। তেওঁলোকে ৩ পইণ্ট সংগ্ৰহ কৰিছে। ইফালে অষ্ট্ৰেলিয়া আৰু ওমানে চাৰি আৰু পাঁচ নম্বৰত আছে।

Apply Now

বৃহস্পতিবাৰে প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ২০ অভাৰত ৭ উইকেটত ১৭৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত জিম্বাবুৱেই হাতত ৩টা বল আৰু ৬টা উইকেট থকা অৱস্থাত জয় নিশ্চিত কৰে।

লক্ষ্য অনুসৰণ কৰি জিম্বাবুৱেই ৬৯ ৰানৰ অপেনিং পাৰ্টনাৰশ্বিপ লাভ কৰে। সেইটোৱেই জিম্বাবুৱেক জয়ৰ ভেটি গঢ়ি দিয়ে। অ’পেনাৰ তাদিৱান্সে মাৰুমানীয়ে ২৬টা বলত ৩৪ ৰান সংগ্ৰহ কৰে। মাত্ৰ ১২টা বলত ২৩ ৰান সংগ্ৰহ কৰে ৰিয়ান বাৰ্লে।

ইয়াৰ পিছত দলৰ অধিনায়ক ছিকন্দৰ ৰাজাই অ’পেনাৰ ৰিয়ান বাৰ্লৰ সৈতে ৬৯ ৰানৰ গুৰুত্বপূৰ্ণ যুটী গঢ়ি তোলে। এই পাৰ্টনাৰশ্বিপৰ জৰিয়তে জিম্বাবুৱে জয়ৰ অতি ওচৰ চাপিছিল। কিন্তু ৰাজাই বিজয় লৈ উভতি আহিব নোৱাৰিলে। মাত্ৰ ২৬টা বলত ৪৫ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি আউট হয়। তাৰ পিছত ব্রায়ান বেনেটে টনি মুনয়োৰ সৈতে জয় নিশ্চিত কৰে৷ তেওঁ ৬৩ ৰানত অপৰাজিত হৈ থাকে।  মুনয়োয়ো ৮ ৰানত অপৰাজিত হৈ থাকে।

ইয়াৰ পূৰ্বে কলম্বোত অনুষ্ঠিত খেলখনৰ আৰম্ভণিতে বেটিং কৰিবলৈ নামে শ্ৰীলংকাই। অ’পেনাৰ দুজনৰ বাবেই তেওঁলোকে ভাল আৰম্ভণি লাভ কৰে। অপেনিং পাৰ্টনাৰশ্বিপত ৫৪ ৰান আহে। কুশাল পেৰেৰাই ১৪টা বলত ২২ ৰান সংগ্ৰহ কৰি আউট হয়। পৰৱৰ্তী উইকেটৰ বাবে কুশল মেণ্ডিছে ২০টা বলত ১৪ ৰান সংগ্ৰহ কৰে। ইফালে পাথুম নিশংকাই অৰ্ধ শতক সম্পূৰ্ণ কৰাৰ পিছত ৬২ ৰানত আউট হয়।

পৱন ৰত্নায়কে মাত্ৰ ২৫টা বলত ৪৪ ৰান সংগ্ৰহ কৰে। ডুনিথ ভেল্লালাঘেও ৮টা বলত ১৫ ৰান সংগ্ৰহ কৰে। আন কোনো বেটছমেনে দুটা অংক স্পৰ্শ কৰিব নোৱাৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd