• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষক মুক্তিৰ পৃথক ৰাজনৈতিক দল; কি হ’ব ৭০ জাতীয় সংগঠনৰ ৰাজনৈতিক ভৱিষ্যত?

৭০ সংগঠনৰ উমৈহতীয়া ৰাজনৈতিক দল গঠনৰ ঘোষণাৰ পাছতো কিয় পৃথকে দল গঠন KMSS ৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 3, 2020 9:06 pm
New-Delhi-

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ২০২১ ৰ বিধানসভাৰ নিৰ্বাচন। বিজেপি- কংগ্ৰেছৰ বিকল্প শক্তি হিচাপে এতিয়া আঞ্চলিকতাবাদৰ পোষকতা কৰি এচাম সংগঠন আগবাঢ়িছে ৰাজনৈতিক দল গঠনৰ দিশে।

পিছ পৰি নাথাকিল সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি।

Apply Now

সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ২৮ টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ ইতিমধ্যে কুচ-কাৱাজ আৰম্ভ হৈছে।

তাৰ সমান্তৰালকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বতো নতুনকৈ ৰাজনৈতিক দল গঠনৰ কুচ-কাৱাজ ইতিমধ্যে আৰম্ভ হৈছে। কৃষক মুক্তিৰ নেতৃ বৃন্দ বিশেষকৈ ধৈয্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰ, ভাস্কো ডি শইকীয়াই ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈ প্ৰচাৰ অভিযান চলোৱা আৰম্ভ কৰিছে।

হয়তো অক্টোবৰৰ শেষৰ ফালে কৃষক মুক্তিৰ ঔৰশত ভুমিষ্ঠ হ’ব নতুন ৰাজনৈতিক দল।

কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, যোৱা ২ আগষ্টত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ত ৭০ সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হৈছিল য’ত ৭০ সংগঠনে একত্ৰিতভাৱে ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনা কৰিছিল।

ইয়াৰোপৰি, যোৱা ২০ আগষ্টৰ দিনা নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ যোগে অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে ৭০ সংগঠনৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠনৰ কথা কৈছিল।

কিন্তু তাৰ ঠিক দুদিনৰ পাছতে অৰ্থ্যাৎ ২২ আগষ্টৰ দিনা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পৃথকে এটা ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিলে।

স্বাভাৱিকতে প্ৰশ্ন হয় ‘কি হ’ব ৭০ সংগঠনৰ ৰাজনৈতিক ভৱিষ্যত? ৭০ সংগঠনৰ উমৈহতীয়া ৰাজনৈতিক দল গঠনৰ ঘোষণাৰ পাছতো কিয় পৃথকে দল গঠন KMSS ৰ?’

এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি যোগাযোগ কৰিছিলো ৭০ সংগঠনৰ অন্যতম নেতা তথা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস আৰু অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাৰ সৈতে।

ৰুবুল দাসক আমাৰ সাংবাদিকৰ প্ৰশ্ন ‘৭০ সংগঠনৰ বেনাৰত এটা ৰাজনৈতিক দল গঠনৰ ঘোষণাৰ পাছতো যিহেতু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পৃথককৈ ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিলে, এতিয়া বাকী থকা ৬৯ টা জাতীয় সংগঠনে এখন উমৈহতীয়া ৰাজনৈতিক মঞ্চ বা দল গঠন কৰিব নেকি যি কৃষখ মুক্তিৰ সৈতে নিৰ্বাচনত মিত্ৰতা কৰিব?

তাৰ উত্তৰত দাসে কয় ‘যিহেতু যোৱা দুটা বছৰ নিৰবিচ্ছিন্নভাৱে কৃষক নেতা অখিল গগৈৰ নেতৃত্বত কেব আৰু কা বিৰোধী আন্দোলনত ৭০ সংগঠনে সহযোগিতা কৰিছিল গতিকে আমি আশাবাদী অখিল গগৈ শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব আৰু তেওঁৰ নেতৃত্বত জাতীয় জনগোষ্ঠীয় শক্তিৰ সহযোগত ২০২১ ত ভ্ৰষ্টাচাৰী স্বৈৰাচাৰী বিজেপি চৰকাৰক উৎখাত কৰাৰ স্বাৰ্থত প্ৰগতিশীল গণতান্ত্ৰিক ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি আশাবাদী।‘

ৰুবুল দাসলৈ সাংবাদিকৰ দ্বিতীয় প্ৰশ্ন ‘যিহেতু চৰ্চা চলিছিল ৭০ সংগঠনৰ বিভিন্ন নেতাই বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। এইক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পৃথককৈ যিহেতু ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিলে গতিকে প্ৰাৰ্থীৰ নিশ্চিতকৰণ হোৱাৰ ক্ষেত্ৰত ৭০ সংগঠনৰ প্ৰতি কৃষক মুক্তিলৈ দাবী থাকিব নেকি?

এই প্ৰশ্নৰ উত্তৰত দাসে কয় ‘কৃষক মুক্তিৰ নতুন দলটোৰ প্ৰতি আমাৰ শুভেচ্ছা আৰু অভিনন্দন থাকিব। আমি আশা কৰিম কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন প্ৰগতিশীল আঞ্চলিকতাবাদী চিন্তা চৰ্চা কৰা দল বিলাক সহায় আৰু সমৰ্থন আগবঢ়াব।

ৰুবুল দাসলৈ সাংবাদিকৰ তৃতীয় প্ৰশ্ন- ’৭০ সংগঠনৰ ফালৰ পৰা এইটো নিশ্চিত নেকি যে তেওঁলোকে পৃথককৈ ৰাজনৈতিক দল গঠন নকৰে?’

দাসে উত্তৰত কয়-’৭০ সংগঠন যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ উমৈহতীয়া মঞ্চ, এই মঞ্চৰ নেতৃত্ব যিহেতু অখিল গগৈয়ে কৰিছিল গতিকে তেওঁ মুকলি আশাৰ তললৈ আহিলে আলাপ আলোচনা কৰিব আৰু এক ঐক্যবদ্ধ সিদ্ধান্ত ল’ব। কিন্তু বাকী সংগঠনৰ কথা নাজানো, অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদে আদৰ্শগত মিল থকা শক্তিয়ে বিচাৰিলে আমাৰ সংগঠনৰ প্ৰতিনিধিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰিব।

সাংবাদিকৰ প্ৰশ্ন ‘তেওঁলোক নিৰ্দলীয় প্ৰাৰ্থী হ’ব নে কোনো ৰাজনৈতিক দলৰ বেনাৰত নিৰ্বাচন খেলিব?

ৰুবুল দাসৰ উত্তৰ ‘যদিহে অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা কোনো প্ৰতিনিধি প্ৰেৰণ কৰিবলগীয়া বিষয় আহি পৰিলে নিশ্চয় প্ৰস্তাৱিত জোঁট বন্ধনত নিৰ্বাচনত অংশগ্ৰহণ কৰিব। যদিহে জোঁট বন্ধনৰ বিষয় আহি পৰে তেন্তে নিশ্চয় নিৰ্দলীয় হ’ব। কংগ্ৰেছ বিজেপি এআইয়ুডিএফৰ দৰে পঞ্জীয়ণভুক্ত দলক বাদ কৰি যদি নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া হয় তেন্তে নিশ্চয় নিৰ্দলীয় হ’ব লাগিব।‘

আনহাতে, এই সন্দৰ্ভত আমি প্ৰশ্ন কৰিছিলো অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাৰ লগত।

তেওঁক আমাৰ সাংবাদিকৰ প্ৰশ্ন ’৭০ টাকৈ জাতীয় সংগঠনৰ উমৈহতীয়া ৰাজনৈতিক দল গঠনৰ চিন্তা চৰ্চা চলি আছিল। কিন্তু সেই সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিলে। এইক্ষেত্ৰত আপুনি কি ক’ব?

জিতুল ডেকাই উত্তৰত কয় ‘কা আন্দোলনৰ সময়ত ৭০ টা জাতীয় সংগঠন একত্ৰিত হৈছিলো। ৰাজনৈতিক দল গঠন কৰা হ’ব বুলি প্ৰাৰম্ভিক আলোচনা হৈছিল।

সকলোৰে এটা কথাই আছিল যে এই দলটো গঠন হ’লেও কৃষক মুক্তি সংগ্ৰাম সমিতিকে নেতৃত্ব ল’বলৈ দিয়াৰ কথা আছিল। কিন্তু পৰৱৰ্তী সময়ত ৭০ সংগঠনৰ তেনে কোনো বৈঠক অনুষ্ঠিত হোৱা নাই। তাৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দল গঠনৰ কথা প্ৰকাশ কৰিছে। সুকীয়াকৈ দল গঠনৰ কথা প্ৰকাশ কৰাৰ পাছত এতিয়ালৈকে আনুষ্ঠানিকভাৱে বাকী সংগঠনৰ লগত আলোচনা কৰা নাই। তথাপি তেওঁলোকে কৈছে দলটো গঠন কৰাৰ পাছত বা অখিল গগৈ কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত অন্য জাতি-জনগোষ্ঠীয় সংগঠনৰ লগত যোগাযোগ কৰিব।কি আলোচনা কৰে সেই পৰ্য্যায়টোলৈ ৰৈ থকা হৈছে।‘

ডেকালৈ আমাৰ সাংবাদিকৰ প্ৰশ্ন ‘কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক দল গঠন হ’লে আপোনাৰ সংগঠনৰ স্থিতি হ’ব?

উত্তৰত ডেকাই কয় ‘দলটো গঠন হ’ব বুলি কোৱা হৈছে আৰু আঞ্চলিকতাবাদী দল বুলি কোৱা হৈছে। গতিকে আমিও বিচাৰিছো যে অসম গণ পৰিষদৰ যি ধ্বজ্জা সেয়া বহন কৰি ৰাখিব পৰা নাই গতিকে শক্তিশালী আঞ্চলিক দলৰ প্ৰয়োজন আছে।

তেওঁলোকৰ এজেণ্ডা, ইস্তাহাৰ বা লক্ষ্য উদ্দেশ্য ৰাজহুৱা হোৱা নাই। আমি ভবা মতে জাতীয় স্বাৰ্থত আপোচবিহীন দিশ থাকিলে আমি নিশ্চয়কৈ সমৰ্থন জনাম।‘

তেওঁৱো ৬৯ টা দল মিলি কোনোধৰণৰ ৰাজনৈতিক দল বা মঞ্চ গঠনৰ কোনোধৰণৰ সিদ্ধান্ত বৰ্তমানলৈকে লোৱা নাই বুলি অৱগত কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd