বোকাখাতত আজিৰে পৰা সৰ্বভাৰতীয় পৰ্যায়ৰ মহিলা ক্ৰিকেট খেল

cricket

প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধীনত আৰু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা বোকাখাতৰ খেল পথাৰত সৰ্বভাৰতীয় পৰ্যায়ত  ১৯ বছৰ অনূৰ্ধ্বৰ মহিলা ক্ৰিকেট খেল অনুষ্ঠিত হৈছে ৷ ১ মাৰ্চলৈকে চলিব লগা এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন আজি পুৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম ক্ৰিকেট সন্থাৰ নৱ নিৰ্বাচিত সভাপতি ৰমেন দত্তই।

এদিনীয়া আৰু নক আউট পদ্ধতিৰে আয়োজিত এই লীগ প্ৰতিযোগিতাত ভাৰতৰ সাতখন প্ৰদেশৰ মহিলা দলে যোগদান কৰিছে। আজি পুৱা পতাকা উত্তোলন আৰু প্ৰতিযোগিতাৰ উদ্বোধনৰ পাচতেই দিল্লী আৰু হিমাচল প্ৰদেশৰ প্ৰথমখন খেল অনুষ্ঠিত হয়।

বোকাখাত, গোলাঘাট আৰু যোৰহাটৰ খেল পথাৰত একে লগে আৰম্ভ হোৱা এই লীগ খেলৰ অসম দলত বোকাখাতৰ উমা ছেত্ৰী, অনামিকা বৰি , পৰিস্মিতা বৰা আৰু মুচকান মল্লিকে স্থান লাভ কৰিছে। বোকাখাত জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত অনুষ্ঠিত এই মহিলাৰ লীগ প্ৰতিযোগিতাই বোকাখাতৰ ক্ৰিকেট খেলৰ প্ৰসাৰতাত এক নতুন প্ৰতিশ্ৰুতি বহন কৰিছে।