• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৫ ডিচেম্বৰৰ পৰা ‘বাদুংদুপ্পা’ কলাকেন্দ্ৰৰ শালনিবাৰীত ‘আণ্ডাৰ দ্য ছাল ট্ৰী’

প্ৰথমবাৰৰ বাবে শুক্ৰাচাৰ্য ৰাভাৰ অনুপস্থিতিত অনুষ্ঠিত হ'ব ‘আণ্ডাৰ দ্যা ছাল ট্ৰী' নাট মহোৎসৱ

ভৱেশ মেধি by ভৱেশ মেধি
December 14, 2018 7:18 pm
Under the sal tree

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ প্ৰাণ পাই উঠিছে শালনিবাৰী। সৰু সৰু জুপুৰিবোৰ পুনৰ মূৰ দাঙি উঠিছে। শালনিবাৰীৰ একোণত শুই আছে প্ৰকৃতিৰ মাজত নাটক পৰিৱেশন কৰাৰ অনন্য উদাহৰণ দাঙি ধৰা ‘আণ্ডাৰ দ্য ছাল ট্ৰী’ ৰ স্বপ্নদ্ৰষ্টা শুক্ৰাচাৰ্য ৰাভা।

২০০৮ চনত ৰামপুৰৰ শালনীবাৰীত নাটক পৰিৱেশনৰ ধাৰণাক নতুন ৰূপ দিয়া বিশিষ্ট নাট্যকাৰ, পৰিচালক শুক্ৰাচাৰ্য ৰাভাৰ যোৱা ৮ জুনত আকস্মিক বিয়োগ হৈছিল। তেওঁৰ অবৰ্তমানত তেওঁৰ সপোনৰ এই নাট্য উৎসৱক সাকাৰ ৰূপ দিবলৈ দিনে-নিশাই বুকুৰ একোণত হুমুনিয়াহ লৈ বাদুংদুপ্পা কলাকেন্দ্ৰৰ পৰিয়ালে নেৰানেপেৰা চেষ্টাত পুনৰ প্ৰাণ পাই উঠিছে ‘আণ্ডাৰ দ্য ছাল ট্ৰী’ নাট মহোৎসৱ।

Apply Now

অহা ১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এই নাট মহোৎসৱ। কলাকেন্দ্ৰৰ পৰিয়ালে এইবাৰ শুক্ৰাচাৰ্য ৰাভাৰ অনুপস্থিতিত তেওঁৰ সপোনৰ এই নাট মহোৎসৱ আয়োজনৰ ক্ষেত্ৰত আৰ্থিকৰ লগতে বিভিন্ন সমস্যাৰো সন্মুখীন হ’বলগীয়া হোৱা বুলি জানিব পৰা গৈছে। কিন্তু তাৰ মাজতো বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি শুক্ৰাচাৰ্য ৰাভাৰ এই সপোনৰ নাট্য উৎসৱ আয়োজন কৰাৰ বাবে বাদুংদুপ্পা কলাকেন্দ্ৰৰ পৰিয়ালে যথেষ্ট কষ্ট কৰা বুলি বাদুংদুপ্পা কলাকেন্দ্ৰৰ বিষয়ববীয়া মদন ৰাভাই প্ৰকাশ কৰে।

তেওঁ কয় যে শুক্ৰাচাৰ্য ৰাভাৰ সপোন আৰু সংকল্পক আগুৱাই নিয়াৰ বাবে বাদুংদুপ্পা কলাকেন্দ্ৰৰ প্ৰতিগৰাকী সদস্য দৃঢ় প্ৰতিজ্ঞ।

Under the Sal Tree
ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখ্য যে এইবাৰ নাট উৎসৱত বাংলাদেশ, ওড়িশা, পুনে, লক্ষ্নৌ আৰু মণিপুৰৰ নাট্যদলে নাট প্ৰদৰ্শন কৰিব। ১৫ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত নাট উৎসৱ উদ্বোধন কৰিব জে এন য়ুৰ অধ্যাপক এইচ এছ শিৱপ্ৰকাশে।

আনহাতে উদ্বোধনী নাটক হিচাপে পুৱা ১০ বজাত শুক্ৰাচাৰ্য ৰাভাই শেষবাৰৰ বাবে ৰচনা আৰু পৰিচালনা কৰা ‘ছনছ অব্ আৰ্থ মাডাৰ’(ৰাভা) শীৰ্ষক নাটখন প্ৰদৰ্শন কৰা হ’ব। নাটকখনৰ সহকাৰী পৰিচালকৰ দায়িত্ব পালন কৰিছে ধনঞ্জয় ৰাভাই।

বিয়লি তিনি বজাত ভুৱনেশ্বৰৰ নাট্য চেতনা দলৰ ‘নুৱা’ ওড়িয়া নাট আৰু সন্ধিয়া ৫.৩০ বজাত পুনেৰ এ বাইকা এণ্ড কোম্পানীৰ হিন্দী ভাষাৰ ‘মনছা কী ছাদী’ শীৰ্ষক একক অভিনয়ৰ নাট প্ৰদৰ্শন কৰা হ’ব।

১৬ ডিচেম্বৰৰ  পুৱা ১০ বজাত আখোকা নাট্য দলৰ ‘ব্লেক এণ্ড ৱাইট’ (মেইটেই) শীৰ্ষক নাটখন প্ৰদৰ্শন কৰা হ’ব।  বিয়লি তিনি বজাত জিৰছং থিয়েটাৰৰ অসমীয়া নাটক ‘বাঘ’আৰু সন্ধিয়া ৫.৩০ বজাত বাংলাদেশৰ পদাতিক নাট্য সংসদ নাট্য দলৰ বাংলা ভাষাৰ ‘গহন যাত্ৰা’ শীৰ্ষক একক অভিনয়ৰ নাট প্ৰদৰ্শন কৰা হ’ব।

ইয়াৰ উপৰি ১৭ ডিচেম্বৰৰ পুৱাা ১০ বজাত মণিপুৰৰ কলাক্ষেত্ৰ মণিপুৰ নাট্য দলৰ ‘পিবেট’ (মেইটেই) শীৰ্ষক নাটখন প্ৰদৰ্শন কৰা হ’ব। বিয়লি তিনি বজাত নাট্য উৎসৱৰ সামৰণি নাট লক্ষ্নৌৰ নিপা ৰংগমণ্ডলী নাট্য দলে ‘ভাগভাদা জুখীয়াম’(হিন্দী) শীৰ্ষক নাটখন প্ৰদৰ্শন কৰিব বুলি আয়োজকে জনায়।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd