NORTHEAST NOW (Assamese)

যুদ্ধ আৰম্ভ হোৱাৰ পৰা আঠদিনত ১২লাখ ইউক্ৰেইনৰ নাগৰিকে এৰিছে দেশ: ৰাষ্ট্ৰসংঘ

March 5, 2022 10:07 am · এন ই নাও নিউজ, গুৱাহাটী

ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণ ক্ৰমাৎ তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে। এই আক্ৰমণৰ বিৰুদ্ধে ইউক্ৰেইনেও সৰ্বশক্তিৰে প্ৰতিৰোধ গঢ়ি তুলিছে।

যোৱা ২৪ ফেব্ৰুৱাৰীৰ পুৱাৰে পৰা আৰম্ভ হোৱা ৰাছিয়াৰ সামৰিক অভিযানত ইতিমধ্যে ইউক্ৰেইনৰ কেইবাখনো চহৰ ৰাছিয়ান সেনাবাহিনীয়ে দখল কৰিছে।

ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছৰে পৰা ইউক্ৰেইনৰ পৰা দেশখনৰ বাসিন্দাসকল পলাবলৈ আৰম্ভ কৰে। ২৪ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ পৰা যোৱা ৩মাৰ্চ বৃহস্পতিবাৰলৈকে ১২লাখতকৈয়ো অধিক ইউক্ৰেইনৰ শৰণাৰ্থীয়ে দেশ এৰি চুবুৰীয়া ৰাষ্ট্ৰসমূহত আশ্ৰয় লৈছে।

লগতে পঢ়ক: সম্প্ৰচাৰৰ মাজতে ”আৰু যুদ্ধ নালাগে”; বুলি ঘোষণা কৰি ৰাছিয়ান টিভি চেনেলৰ সমূহ কৰ্মচাৰীৰ পদত্যাগ

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সম্পৰ্কীয় সংস্থা ইউএনএইচচিআৰ-য়ে এই তথ্য দাঙি ধৰিছে। সংস্থাটোৰ হিচাপ অনুসৰি এই আঠদিনত ইউক্ৰেইনৰ পৰা মুঠ ১২লাখ ৯হাজাৰ ৯৭৬জন নাগৰিকে দেশ এৰিছে।

এই শৰণাৰ্থীসকলৰ আধাতকৈয়ো বেছিয়ে চুবুৰীয়া দেশ বেলাৰুচত আশ্ৰয় লোৱাৰ বিপৰীতে বাকী আধাখিনি আন চুবুৰীয়া দেশ হাংগেৰী, শ্লোভাকিয়া, মলডোভা আৰু ৰোমানিয়াত আশ্ৰয় লৈছে।

ইউএনএইচচিআৰ-য়ে লগতে জানিবলৈ দিয়ে যে আন বহু লোক এতিয়াও ইউক্ৰেইন এৰি যোৱাৰ বাবে দেশনৰ ভিতৰে-বাহিৰে ভ্ৰাম্যমান অৱস্থাত আছে।

Related News