• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অগপ বিধায়ক উৎপল দত্ত নিৰুদ্দেশ; পোষ্টাৰত কি লিখিলে অজ্ঞাত প্ৰতিবাদকাৰীয়ে?

NE NOW NEWS এন ই নাও নিউজ
লখিমপুৰ , December 9, 2019 12:17 pm

2 min read

utpal
8.5k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যখনত তীব্ৰ প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ মাজতে এইবাৰ লখিমপুৰৰ অগপ বিধায়ক উৎপল দত্তক লক্ষ্য কৰি লৈছে প্ৰতিবাদকাৰীয়ে।

লখিমপুৰৰ বিভিন্ন স্থানত বিধায়কগৰাকীৰ বিৰুদ্ধে “নিৰুদ্দেশ’ৰ পোষ্টাৰ আঁৰি অজ্ঞাত প্ৰতিবাদকাৰীয়ে তেওঁৰ বিৰুদ্ধে “কেব’ সম্পৰ্কত নিৰৱতা অৱলম্বন কৰাৰ বাবে কিছু ব্যংগাত্মক অভিযোগ উত্থাপন কৰিছে।

“নিৰ্বাচনত জাতিৰ নামত মই ভোট লওঁ কিন্তু’ বুলি শিৰোণাম দি পোষ্টাৰখনত লিখিছেঃ

(১)“কেবৰ বিৰুদ্ধে মোৰ মাত মাতিবলৈ সময় নাই কাৰণ মই সৰু বিয়া আৰু সকাম খোৱাত ব্যস্ত’’।

(২)“কেবৰ বিৰুদ্ধে মই নামাতো কাৰণ মই কৰা ঠিকা বিলাকৰ বিলসমূহ হিমন্ত বিশ্বই কাটি দিব।‘’

(৩) “জাতি যি হয় হওক, বাংলাদেশী আহিলেও আহক, অসম বাংলাদেশ হ’লেও হওক কেবল মই MLA হৈ থাকিলেই হ’ল।‘’

(৪) “আচলতে মই সকলো শুনো যদিও মই নিজৰ স্বাৰ্থ থাকিলে কলা হোৱাৰ ভাও কৰো।‘’

এইধৰণেই অগপ বিধায়ক উৎপল দত্তৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কেব বিৰোধী কোনো প্ৰতিবাদকাৰীয়ে।

উল্লেখযোগ্য যে অসম আন্দোলনৰ এগৰাকী নেতা উৎপল দত্ত পূৰ্বতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মন্ত্ৰীসভাত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মন্ত্ৰীত্বকালত দত্তৰ বিৰুদ্ধে দুৰ্নীতিৰ বহু অভিযোগ উত্থাপন হোৱাৰ উপৰি এবাৰ বিমানত বিদেশী মহিলাক অশালীন আচৰণ কৰাৰ বাবেও চৰ্চালৈ আহিছিল।

বিগত বিধানসভাৰ নিৰ্বাচনত লখিমপুৰৰ পৰা অগপৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা উৎপল দত্তই চলিত কাৰ্যকালত অগপৰ মন্ত্ৰী-বিধায়কৰ লগতে বিজেপিৰ শৰণাপন্ন হয় আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি পিঠি দি সুবিধা লাভৰ বাবে ব্যস্ত হৈ পৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যখনতে চলি থকা বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিবাদৰ সময়ত বিধায়কগৰাকীয়ে মৌনব্ৰত ধাৰণ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

Recent News

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদে

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদে

Keshav Mahanta

কলিয়াবৰত নৱ-নিৰ্মিত কেন্দ্ৰীয় পালনাম থানৰ আধাৰশিলা ও লাইখুটা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

Rishav Pant

ঋষভ পন্টে কিনিব বিচাৰিছে এটা নতুন ঘৰ; টুইট কৰি অনুৰাগীক সুধিলে কিবা খৱৰ থাকিলে কওক

DECIE004_25-0

১৫ ফেব্ৰুৱাৰীৰ পৰা FASTag নাথাকিলে কোনো বাহনে পাৰ হ’ব নোৱাৰিব টোল গেট , কি এই FASTag, কেনেকৈ পাব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd