• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত দুৰ্বৃত্তই তাণ্ডৱ চলাই চূৰ্ণ-বিচূৰ্ণ কৰিলে বিদ্যালয়ৰ আচবাব, কিতাপ পত্ৰ

পার্শ্বজোতি গগৈ পার্শ্বজোতি গগৈ
শিৱসাগৰ , May 11, 2019 1:54 pm

2 min read

IMG-20190511-WA0001

শিৱসাগৰৰ শুকানপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে নিশা দুৰ্বৃত্তই তাণ্ডৱ চলায়। ফটো : নৰ্থইষ্ট নাও

511
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ এখন বিদ্যালয়ত শুকুৰবাৰে নিশা দুৰ্বৃত্তই অভাৱনীয়ভাৱে তাণ্ডৱ চলায়। শিৱসাগৰ চহৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ আঁতৰৰ শুকানপুখুৰী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা শুকানপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা দুৰ্বৃত্তই বিদ্যালয়ৰ দুৱাৰৰ তলা ভাঙি ভিতৰত সোমাই তাণ্ডৱ চলায়।

দুৰ্বৃত্তই বিদ্যালয়খনৰ আচবাব, কাগজ-পত্ৰ, পুথিভঁড়াল, কম্পিউটাৰ, কিতাপ-পত্ৰ, ব্লেক বৰ্ড, বৈদ্যুতিক তাঁৰ, মিটাৰ, ফেন, আদি ভাঙি চূৰমাৰ কৰে। তদুপৰি, দুৰ্বৃত্তই ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ বহী পৰ্য্যন্ত ফালি পেলায়।

আজি পুৱাই বিদ্যালয়লৈ আহি শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ ভিতৰৰ পৰিবেশ দেখি হতভম্ব হৈ পৰে। বিদ্যালয়খনৰ আচবাব, চকী, টেবুল, ডেক্স বেঞ্চ,  ব্লেকবৰ্ড, কম্পিউটাৰ, আলমাৰি দুৰ্বৃত্তই ভাঙি চূৰমাৰ কৰাৰ লগতে বিদ্যালয়ৰ পুথিভঁড়ালৰ আলমাৰি ভাঙি কিতাপ পত্ৰ দলিয়াই থৈ যায়।

ইপিনে, বিদ্যালয়ত দুৰ্বৃত্তই কৰা এনে কাৰ্য্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে শিক্ষক, ছাত্ৰ ছাত্ৰী,অভিভাৱকৰ লগতে স্থানীয় ৰাইজে। ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

মানুহ গঢ় দিয়া মন্দিৰ বুলি গণ্য কৰা বিদ্যালয়ক এইদৰে মানুহেই ভাঙি চূৰমাৰ কৰা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে। কোনে কিয় কি উদ্দেশ্যত বিদ্যালয়খনত এইদৰে তাণ্ডৱ চলালে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

স্থানীয় শিক্ষিত সমাজে এনে ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd