NORTHEAST NOW (Assamese)

শিৱসাগৰত দুৰ্বৃত্তই তাণ্ডৱ চলাই চূৰ্ণ-বিচূৰ্ণ কৰিলে বিদ্যালয়ৰ আচবাব, কিতাপ পত্ৰ

May 11, 2019 1:54 pm · পার্শ্বজোতি গগৈ
শিৱসাগৰৰ শুকানপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে নিশা দুৰ্বৃত্তই তাণ্ডৱ চলায়। ফটো : নৰ্থইষ্ট নাও

শিৱসাগৰৰ এখন বিদ্যালয়ত শুকুৰবাৰে নিশা দুৰ্বৃত্তই অভাৱনীয়ভাৱে তাণ্ডৱ চলায়। শিৱসাগৰ চহৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ আঁতৰৰ শুকানপুখুৰী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা শুকানপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা দুৰ্বৃত্তই বিদ্যালয়ৰ দুৱাৰৰ তলা ভাঙি ভিতৰত সোমাই তাণ্ডৱ চলায়।

দুৰ্বৃত্তই বিদ্যালয়খনৰ আচবাব, কাগজ-পত্ৰ, পুথিভঁড়াল, কম্পিউটাৰ, কিতাপ-পত্ৰ, ব্লেক বৰ্ড, বৈদ্যুতিক তাঁৰ, মিটাৰ, ফেন, আদি ভাঙি চূৰমাৰ কৰে। তদুপৰি, দুৰ্বৃত্তই ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ বহী পৰ্য্যন্ত ফালি পেলায়।

আজি পুৱাই বিদ্যালয়লৈ আহি শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ ভিতৰৰ পৰিবেশ দেখি হতভম্ব হৈ পৰে। বিদ্যালয়খনৰ আচবাব, চকী, টেবুল, ডেক্স বেঞ্চ,  ব্লেকবৰ্ড, কম্পিউটাৰ, আলমাৰি দুৰ্বৃত্তই ভাঙি চূৰমাৰ কৰাৰ লগতে বিদ্যালয়ৰ পুথিভঁড়ালৰ আলমাৰি ভাঙি কিতাপ পত্ৰ দলিয়াই থৈ যায়।

ইপিনে, বিদ্যালয়ত দুৰ্বৃত্তই কৰা এনে কাৰ্য্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে শিক্ষক, ছাত্ৰ ছাত্ৰী,অভিভাৱকৰ লগতে স্থানীয় ৰাইজে। ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

মানুহ গঢ় দিয়া মন্দিৰ বুলি গণ্য কৰা বিদ্যালয়ক এইদৰে মানুহেই ভাঙি চূৰমাৰ কৰা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে। কোনে কিয় কি উদ্দেশ্যত বিদ্যালয়খনত এইদৰে তাণ্ডৱ চলালে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

স্থানীয় শিক্ষিত সমাজে এনে ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।

Related News